Type Here to Get Search Results !

মৰম

জয়শ্ৰী দেবী, বঙাইগাওঁ


 নভেম্বৰ মাহ, আজি দেওবাৰ। বতৰটো ডাৱৰিয়া, বৰষুন আহেহে লাগে। ৰূপা আৰু ৰুবুলৰ গাত তৎ নাই। বাৰে বাৰে দেৱাল ঘড়ীটো চাই আছে কেতিয়া চাৰিটা বাজিব। ৰূপা ক্লাচ চেভেন আৰু ৰুবুল ক্লাচ ফাইভত পঢ়ে। সিহতৰ ঘৰৰপৰা তিনিটামান পদূলী এৰি ৰুমী আইতাৰ ঘৰ। আইতাৰ একমাত্ৰ পুতেকে দিল্লীত চাকৰি কৰে, তাতে সপৰিয়ালে থাকে। বছৰত পূজাত এবাৰ দিঘলীয়া চুটি লৈ ঘৰলৈ আহে। সেইকেইদিন ল’ৰা-বোৱাৰী, নাতি-নাতিনী লৈ আইতা ব্যস্ত হৈ থাকে। বোৱাৰীয়েকো বৰ সাদৰী, সেই কেইদিন তাই শাহুৱেকৰ বৰ যত্ন লয়। পুতেকে মাকক ঔষধ পাতিৰপৰা আৰম্ভ কৰি কত কি দৰকাৰ সকলো যোগান দি থৈ যায়। দেউতাক সি সৰু থাকোতেই ঢুকাইছে। মাকৰ যত্ন ল’বৰ কাৰনে পুতেকে এজনী আদ বয়সীয়া তিৰোতা ৰাখি দিছে। মানুহজনীৰ বিশ বছৰীয়া মানৰ ল’ৰা এটাও আছে। সি ঘৰৰ বজাৰ সমাৰ কৰাৰ ওপৰিও পঢ়েও, এইবাৰ দশম শ্ৰেনী পাইছে।

     প্ৰতি দেওবাৰে আবেলি ৰূপা আৰু ৰুবুল এই আইতাকৰ ঘৰলৈ যায় গল্প শুনিবৰ কাৰনে। আইতাকেও সিহতক বৰ মৰম কৰে আৰু দেওবাৰটো কেতিয়া আহিব বাট চাই থাকে। প্ৰায় তিনিটামান বজাত মাক-দেউতাকে খৰধৰকৈ কৰবাত যাবলৈ ওলালে আৰু ৰূপাক মাতি ক’লে- আমি অলপ ওলাই যাও। তহত দুটা আমি আহি নোপোৱালৈকে ঘৰৰপৰা নোলাবি। ভালকৈ দুৱাৰ-খিৰিকি বন্ধ কৰি থবি, বৰষুন আহিব। আজি আৰু গল্প শুনা নহ’ব বুলি দুয়োৰে মন সেমেকি গ’ল।
      বতৰেও মাক-দেউতাক ওলাই যোৱাটোহে যেন বাট চাই আছিল। লগেলগে বতাহ-বৰষুন আৰম্ভ হ’ল, চাৰিওপিনে এন্ধাৰ হৈ পৰিল। ৰূপাই চাৰিওপিনে লাইটবোৰ জ্বলাই দিলে। দুয়োটাই ড্ৰইংৰুমতে বহি থাকিল জানোচা মাকহত আহি পায়েই। ৰুবুলে ভয়তে আহি বায়েকৰ ওচৰ চাপি বহিল। কাৰেন্ট যাব পাৰে বুলি ৰূপাই টৰ্চ,কেণ্ডেল, দেচলাই যোগাৰ কৰি থলে। ৰুবুলে মনতে ভাবিলে আজি আইতাৰপৰা সাধু শুনাও নহ’ল আৰু আইতাকে সিহতৰ কাৰনে আনি থোৱা কেডবেৰীজো খোৱা নহ’ল। অলপ পিছতে কাৰেন্টো গ’ল। ৰূপাই কেণ্ডেল এডাল জ্বলাই গোটেই ৰুমটো পোহৰ হোৱাকৈ মাজৰ টেবুলখনত থলে।
       এনেতে কলিং বেলটো বাজি উঠিল। মাকহত অহা বুলি ৰূপাই দৰজা খুলি দেখিলে সন্মুখত ৰুমী আইতা থিয় হৈ আছে। তাইৰ কাষেৰে আইতা ভিতৰলৈ সোমাই আহিল আৰু তাইক ক’লে-দুৱাৰখন বন্ধ কৰি দে নহ’লে ভিতৰলৈ পানী সোমাব। তাইৰ কাষেৰে আইতাক আহোতে তাই আচৰিত হ’ল, ইমান বৰষুনৰ মাজেৰে অহা স্বত্তেও আইতা অলপো ভিজা নাই। হাতত চাটিও নাই কেৱল এখন হাতত কেডবেৰীজ চকলেট দুটাহে আছে। তাই কিবা এটা সুধিব খোজাত আইতাকে ক’লে- কি হ’ল, আহ বহ। বতৰ বেয়া দেখি তহত যাব নোৱাৰিবি কাৰনে মইয়ে গুচি আহিলো। বেছিদিন থাকিলে চকলেট দুটা বেয়া হৈ যাব, হো ল দুয়োটাই খা। মাৰহত আহোতে দেৰী হ’ব চাগে। মই নবহো দে, আমাৰ ঘৰত মানুহ কেইজনমানে কিবা কথা পাতি বস্তু বাহানি যোগাৰ কৰি আছে। মই চাওগৈ কি কৰে। দৰজাখন ভালকৈ বন্ধ কৰি ল, ভয় কৰিব নালাগে। এইবুলি ৰূপাৰ হাতত চকলেট দুটা দিয়াৰ সময়ত আইতাৰ চেচা হাতখন তাইৰ হাতক লাগি গা শিৰশিৰাই গ’ল। 
    আইতা যোৱাৰ পিছত দুৱাৰখন বন্ধ কৰি দুয়োটাই চকলেট খাই বহি থাকিল। প্ৰায় এঘন্টা মানৰ পিছত মাক-দেউতাক আহি পালে। তেতিয়া বতাহ-বৰষুন নাছিল, কাৰেন্টো আহিল। মাকে লাইট জ্বলা দেখি সিহতৰ কাষত পৰি থকা চকলেটৰ কাগজ দেখি সুধিলে-তহতে চকলেট কত পালি? ৰূপাই ক’লে- তোমালোক যোৱাৰ পিছত আইতাই আহি দি গ’ল। তাইৰ কথা শুনি মাক দেউতাক উচপ খাই উঠিল, দুয়ো দুয়োৰে মুখলৈ চালে। এইটো কেনেকৈ সম্ভৱ কাৰন আবেলি ৩ টা মান বজাত হাৰ্টফেল কৰি আইতাক ঢুকাইছে। সিহত দুটাই ভয় খাব বুলি মাকহতে তাহাতক কথাটো নক’লে। পিছদিনা হে আইতাক ঢুকোৱা খবৰটো পাই ৰূপাই মাকক ক’লে-অ’ সেইকাৰনে ইমান বৰষুনত অহা স্বত্তেও আইতা ভিজা নাছিল। অশৰীৰি আত্মাৰ ৰ’দ বৰষুনৰ একো তফাত নাই কিন্তু সম্ভৱত মৰমৰ টান এটা থাকে। এই সৰু ছোৱালীজনীৰ মুখত এনে গুৰু-গম্ভীৰ কথা শুনি মাকে অবাক হৈ তাইৰ মুখলৈ চাই থাকিল।