Type Here to Get Search Results !

মই তোমাক ভালপাব বিচাৰো

 জগবন্ধু কলিতা


মই তোমাক ভালপাব বিচাৰো
তোমাৰ সৈতে আৰম্ভ কৰিব বিচাৰো প্ৰেমৰ সংসাৰ
তোমাৰ দুখত দুখী হ'ব বিচাৰো অসুখত অসুখী
সুগন্ধী চুমাৰে উপচাই দিব বিচাৰো তোমাৰ ভবিষ্যত তোমাৰ বৰ্তমান

অভি�ধানৰ দৰে মই তোমাক খুলি মেলি চাব নিবিচাৰো
জানিব নিবিচাৰোঁ জাতি বা ধৰ্ম অথবা অতীতৰ খতিয়ান
তুমি দেখিবলৈ কেনেকুৱা সেয়া মোৰ চিন্তাৰ বিষয় নহয়
কেৱল ৰাজী হলেই নিৰ্মাণ কৰিব পাৰো আমাৰ প্ৰেমৰ সংসাৰ

মনোৰম গানৰ দৰে বুকুত গুণ গুণাই থাকিবা দুখৰ দিনত
ভোকত ৰান্ধি দিবা বিশ্বাসৰ সু স্বাদু শব্দ 
পিয়াহত বাকি দিবা প্ৰেমৰ শীতল পানীয়
জোনাকৰ উৎসৱৰ পৰা মই তোমাক আনি দিম
বিধে বিধে স্নেহ কুসুম আ -অলংকাৰ

মই তোমাক ভালপাব বিচাৰো 
তোমাৰ কপালত আঁকি দিব বিচাৰো জ্যোতিৰ্ময় বেলি
শিৰত জিলিকি থাকিব তাৰ উজ্জ্বল বৰ্ণালী
তোমাৰ গৰ্ভত স্থাপন কৰিব বিচাৰো সৃ�ষ্টিৰ শ্ৰেষ্ঠতম শিল্প 
আৰু এদিন তুমি জন্ম দিবা এজন দুধৰ্ষ প্ৰেমিক কোঁৱৰ 

তুমি তেওঁক সজতনে লালন কৰিবা 
তেৱেঁই এদিন দুৱাৰে দুৱাৰে ফেৰি কৰিব সনাতন প্ৰেম
নিৰ্মূল কৰিব হিং�সা আৰু অশান্তিৰ বীজাণু
নিৰাময় কৰিব নৈৰাশ্যৰ মহামাৰী

এতিয়া কোৱা 
ৰাজী , ৰাজী নে তুমি