প্ৰকাশক-কুঁহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগণ
আলোকপাতঃসুৰভি বৰ পাত্ৰ গোহাঁই
ফেচবুকৰ সাহিত্য চৰ্চাৰ অন্যতম গোট "কুঁহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগণ" ।দ্বি-বাৰ্ষিক অধিৱেশনৰ উপলক্ষে প্ৰকাশ কৰি উলিওৱা অনান্য পুথিৰ উপৰিও "ফেঁহুজালি" এখন উন্নত মানৰ কাব্যসংকলন । প্ৰায় ডেৰ শতাধিক কৰিতাৰে ভৰপুৰ কাব্যসংকলন "ফেঁহুজালি"।
অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ কবিয়ে অনুভৱৰ দলিছাত পাৰি কণ কণ নিয়ৰৰ মুকুতা। ব্ৰহ্মদেৱ গোস্বামী আৰু ৰীতা বৰাৰ যুটীয়া সম্পাদনাত প্ৰকাশ পোৱা কাব্যসংকলন "ফেঁহুজালি" প্ৰকাশ কৰি উলিয়াইছে যোৰহাটৰ অগ্ৰণী প্ৰকাশন লিপি প্ৰকাশনে। প্ৰচ্ছদ - দেৱব্ৰত মহন্ত। মূল্য - ২০০টকা।
নিৰ্বাচিত কবিৰ কবিতাৰে পৰিপূৰ্ণ কাব্যসংকলন খনৰ প্ৰায়বোৰ কবিতাই উচ্চ ভাৱসম্পন্ন। পাঠকৰ মনত ৰেখাপাত কৰিব পৰা কবিতাৰ বিষয়বস্তু, প্ৰকৃতি, প্ৰেম, বিৰহ, স্বদেশ প্ৰেম, মাটিৰ মোহ আদি বিষয়বস্তুৰ উপস্থাপনেৰে কবি সকলে সুন্দৰ শব্দশৈলীৰে সহজ সৰল আৰু প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে কবিতাবোৰ । কাব্যসংকলন "ফেঁহুজালি" যেন এখন মনোমোহা ফুলনি। য'ত ভাৰতৰ সিমূৰৰপৰা সিমূৰৰ বছা বছা ফুলৰ বীজ অংকুৰিত হৈ ৰমকজমককৈ ফুলি উঠিছে। সেই ফুলৰ সৌৰভ চাৰিওফালে বিয়পি পৰিছে আৰু বাটৰুৱাই যেন "ফেঁহুজালি" ৰ বাগিছাখনৰ কাষত খন্তেক থমকি ৰৈছে।
এজন পাঠক হিচাপে আমিও "ফেঁহুজালি" কাব্যসংকনখনৰ সম্পাদনা সমিতি তথা বিষয়ববীয়া সকললৈ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পাঠকৰ বাবে এনেএখন সুন্দৰ কাব্যসংকলন উপহাৰ দিয়াৰ। বিশেষকৈ য'ত প্ৰায় ডেৰশ কবিতাই স্থান পাবলৈ সক্ষম হৈছে । সচাঁকৈয়ে, কুঁহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগনৰ শলাগ লৈছোঁ ।
যিহেতু ইমান ভাৱগধুৰ আৰু তত্বগধুৰ কাব্যসংকলনৰ কবিতাৰ ওপৰত আলোকপাত কৰাটো সমীচীন নহয়, সেইবাবেই কেইজনমান কবিৰ কবিতা পাঠকৰ জ্ঞাতাৰ্থে তুলি দিলোঁ আলোকপাতৰ মজিয়াত। কবি কবিতা বৰ গোহাঁই গগৈ(যোৰহাট) ডাঙৰীয়ানীৰ কবিতাত বৰ্ণিত কথাখিনি ।
কবিতাৰ শিৰোনাম-"-এখন কেঁচী "
তোমাক লগপোৱাৰ আশাত দেখা
সপোনটি আধৰুৱা হোৱা দিনাৰ পৰাই
পূৰ্ণ সপোন এটা দেখাৰ আশাত
শান্তিত এঘুমটি টোপনি মাৰিবলৈ
চকুৰ পতা জাপ যাব নোৱাৰাকৈ
সৰ্বত্ৰে দেখিছোঁ মই কেঁচী এখন ।
ঈশ্বৰ উপাসনাৰ কথা মনলৈ আহিলে
এসাজ লগে ভাগে খোৱাৰ কথা ভাবিলে
জীৱন নামৰ প্ৰ-পত্ৰখন পূৰণ কৰিবলৈ ল'লে
আহি যায় এখন কেঁচী।
মানুহবোৰ লগহোৱাৰ কথা পাতিবলৈ ল' লেই
ভাষাৰ নামত
সৰু সৰু মানুহবোৰ ডাঙৰ ডাঙৰ মানুহবোৰৰ
নেতা হোৱাৰ বাটবোৰ চাব খুজিলে
বাটৰ মাজত
ভোকাতুৰ মানুহবোৰে পেট পুৰাই খাব খুজিলে
খাদ্যৰ লগত,
মজিয়াৰ মানুহবোৰ মেজলৈ যাব খুজিলে
মেজৰ খুৰাত
জখলা বগাই যোৱা মানুহবোৰৰ অনুকৰণত
মাটিৰ মানুহবোৰ বগাই যাব খুজিলে
জখলাৰ খাপত
খেতিয়কে পথাৰত খেতি কৰিবলৈ ল'লেও
আহি যায় একোখনকৈ কেঁচী ।
সেয়েহে, অত্যাধুনিক কাৰিকৰী জ্ঞানেৰে
সমাজ গঢ়িব খোজা এদল মানুহ লাগে
যাব পৰাকৈ ধৰি বিশ্বাসৰ হাত
ক্ষণস্থায়ী জীৱনটোৰ ৰেহ ৰূপ চাই
জীয়বোৰ বান্ধি লৈ গাঁঠিত
সুখবোৰ ভগাই দুখবোৰ গলাই
তৈয়াৰ কৰিব লাগে এটা সুচল বাট।
কিন্তু কেঁচীখন ধ্বংস কৰি নহয়
প্ৰয়োজনত ৰূপান্তৰ কৰি
কেতিয়াবা জখলা
কেতিয়াবা দলং
কেতিয়াবা মমতা
কেতিয়াবা ৰঙা তেজলৈ ।
সচাঁকৈয়ে, এটা সুন্দৰ কবিতাৰ ৰসাস্বাদন কৰি আল্পুত হ'লো ।
পাঠকৰ জ্ঞাতাৰ্থে আৰু এটি কবিতা প্ৰেৰণ কৰিলোঁ ।
কবিতাৰ শিৰোনাম - - - - -
"কথাবোৰ কথা হৈয়েই থাকক দিয়া"
কবিঃ-মৃণাল দত্ত (বদনকুছি)
কথাবোৰ কথা হৈযেই থাকক দিয়া
নালাগে অনুৰাগী কবিতা লিখিব
প্ৰেমহীনতাৰ পৃথিৱীত কোনেনো পঢ়িব ?
শব্দবোৰ শব্দ হৈয়েই থাকক দিয়া
নালাগে শব্দৰ ব্ৰহ্মাস্ত্ৰ সাজিব
বিবেকহীন বোৰে কিনো বুজিব ?
ভাষাবোৰ ভাষা হৈয়েই থাকক দিয়া
নালাগে মানৱতাৰ গান ৰচিব
বধিৰৰ দেশত কোনেইবা শুনিব ?
অনুভূতিবোৰ অনুভূতি হৈয়েই থাকক দিয়া
নালাগে ক্ষুধাৰ্তৰ ছবি আঁকিব
অন্ধৰ ৰাজ্যত কোনেনো দেখিব ?
সপোনবোৰ সপোন হৈয়েই থাকক দিয়া
নালাগে হৃদয়ত হেঁপাহ জগাব
হৃদয়হীনৰ চহৰত আশাই বা ক'ত ?
শ্লোগানবোৰ শ্লোগান হৈয়েই থাকক দিয়া
বজ্ৰ নিনাদ কন্ঠে নালাগে আকাশ কঁপাব
কুম্ভকৰ্ণক কোনেনো জগাব ?
কথাবোৰ কথা হৈয়েই থাকক দিয়া ।
এইদৰেই কাব্যসংকলন খনৰ প্ৰতিটো
কবিতাই পাঠকৰ মন চুই যায় ।
শেষত কাব্যসংকলনৰ প্ৰতিজন কবিৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। অজানিতে ৰৈ যোৱা ভুল ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ ।