Type Here to Get Search Results !

কুশলে থাক তইও

 গাৰ্গী শইকীয়া



প্ৰায় সমানেই হ'ব দুইজনীৰে বয়স। চুলিখিনিৰ ৰংটোহে বেলেগ বেলেগ। খিলখিলিয়া হাঁহিৰে নিজৰ মাজতে মজগোল হৈ দুইজনীয়ে হাতত ধৰা ধৰিকৈ তিনিআলিটো পাৰ কৰিছে। সম্পূর্ণ দুটি অচিনাকি আত্মা এয়া দিব্যলতাৰ বাবে। কিন্তু হঠাতে কিয় জানো কলিজাত কিবা এটাই ঘপক্কৈ খুন্দা মাৰি ধৰিলে তাইৰ। মনৰ মাজত চলি থকা হিচাপ- নিকাচবোৰত আওল লাগি গ'ল। মনত পৰি গ'ল তাইৰ আজি সেই দহ বছৰৰ আগৰ কলেজীয়া দিনৰ দিব্যলতা শইকীয়া আৰু ৰাংঢালী দত্তৰ যুঁতিটোলৈ। খিলখিলিয়া হাঁহিয়েই যাৰ পৰিচয় আছিল,  সেই আপোনপাহৰা ছোৱালীকেইজনী বাৰু ক'ত হেৰাই গ'ল? সোঁৱৰণীৰ গোলাপী কাঁইটে ৰাংঢালীৰ কথাৰে আজি তাইক বাৰুকৈয়ে খুচাবিন্ধা কৰিছে, উপহাস কৰিছে বৰ্তমানৰ ব্যস্ত দিব্যলতাক। 

এৰা দোষনো কাক দিব!  কংক্রিটৰ পৃথিবীত সৰাপাতৰ স্হানেই বা ক'ত! বিধাতাই হয়তো স্ৰজন কৰোতেই আওল লগাইছিল সম্পর্কবোৰত, নহ'লেনো ভাল লগা সম্পৰ্কবোৰৰ আয়ুস ইমান চুটি হ'ব পাৰেনে? অভিমান কৰিবলৈ মন গৈছে আজি তাইৰ। কিয় বাৰু তাইক কোনো সোৱাদিহ নিদিয়াকৈ ৰাংঢালী গুচি গ'ল এই পৃথিবীৰ পৰা মেলেৰিয়া ৰোগৰ অচিলা লৈ। তিনিটাকৈ দিন কোনো খুঁত নৰখাকৈ শুশ্রূষা কৰিছিল যদিও চেনেহৰ ৰাংঢালীক যমৰজাৰ হাতৰ পৰা বচোৱাতো সম্ভৱ হৈ নুঠিল। তথাপি জী আছে তাই আগৰ দৰেই সতেজ হৈ, ৰংপুৰ মহিলা সমিতিৰ সভানেত্রী, সকলোৰে আদৰৰ দিব্যলতা বাইদেউৰ হিয়াৰ গোপন কোঠালিত; জী আছে তাইৰ চিৰযৌৱনা হাঁহিটিও। 

ভালে থাকক সেই অচিনাকি আত্মা দুটি। চিৰস্হায়ী হওঁক সিহঁতৰ হাঁহিডুখৰি। কথাষাৰ ভাবোতেই মুখত এটি ম্লান হাহি বিয়পি পৰিল- বুকুখনে যেন উধাতু খাই ক'ব খুজিছে- "তইও কুশলে থাক ৰাংঢালী"। 



- ৫ম ষান্মাসিক
- ইংৰাজী বিভাগ
- শিৱসাগৰ ছোৱালী কলেজ, শিৱসাগৰ
- ৯১২৭৪৫৯৮০৬