গীতাঞ্জলি দেৱী
যোৱা নিশা বৰষুণজাকৰ স'তে গুণ্-গুণাই আহিছিল উজাই যোৱা শীত
নিলাজৰ দৰে কুৰুকি-কুৰুকি সোমাইছিল আইতাৰ সিয়নি ফটা কেঁথাত
লাহ দিয়া বেলিয়ে বাট নিচিনি ভোগদৈত জাঁপ দিয়াৰ সময়তে
ফুল ফুলাৰ মন্ত্ৰ আওৰাই বতাহ এজাকে বুটলি লৈছিল এখিলা হালধীয়া সৰাপাত
আমোল-মোল মোৰ হৃদয়-মাজুলী
চিলা হৈ উৰিল, মহুৰা হৈ ঘূৰিল
চানেকিৰ কুঁহি সপোনে আহি জিৰালেহি
বন-বিৰিখৰ ছাঁত ।