Type Here to Get Search Results !

চাহ বাগিচা অঞ্চলত নৈতিক শিক্ষাৰ গুৰুত্ব

 মীনাক্ষি কুৰ্মী


‌মানুহৰ জীৱনত নীতি শিক্ষাৰ গুৰুত্ব অধিক। নৈতিক শব্দৰ অৰ্থ হৈছে আচাৰ- ব্যৱহাৰ আৰু লোকাচাৰ।এটি শিশু জন্ম হোৱাৰ পিচতে ক্ৰমে ঘৰ আৰু সমাজৰ সংস্পৰ্শলৈ আহে।তাৰ পিচতে পৰিবেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ সামাজিক নীতি নিয়ম আয়ত্ব কৰে।ঘৰখনেই হৈছে শিশুৰ নৈতিক শিক্ষা আহৰণৰ সৰ্বপ্ৰথম অনুষ্ঠান।জন্মৰ পিচতেই এটি শিশুৱে যিহেতুকে মাতৃ গৰাকীকে পায় আৰু মাতৃ গৰাকীৰ পৰাই শিশুৰ জীৱনৰ আদিপাঠ আৰম্ভ হয়।পুৱা শুই উঠাৰে পৰা ৰাতি শোৱালৈকে খোৱা, পিন্ধা, পঢ়া-শুনা, খেলা- ধূলা আৰু আচৰণ এইবোৰৰ প্ৰতি , প্ৰতি গৰাকী মাতৃৰে দায়বদ্ধতা থাকে। শিশুৱে সাধাৰণতেই ঘৰখনৰ অন্য ব্যক্তিৰ আচৰণ আৰু কাৰ্য অনুকৰণ কৰে। সেয়েহে পিতৃ-মাতৃ সৎ, বিনয়ী আৰু সদাচাৰী হোৱা উচিত।লগতে সময়ানুবৰ্তিতা আৰু নিয়মানুবৰ্তিতা বজাই ৰাখি শিশুক সকলো কামতে উৎসাহিত কৰি আগবঢ়াই নিয়া উচিত।শিশু কালতে খেলা-ধূলাৰ মাজেৰে শিশুক সময়ৰ সৎ ব্যৱহাৰ, সময়মতে খোৱা- বোৱা, জ্যেষ্ঠজনক শ্ৰদ্ধা- ভক্তি কৰা, গুৰুৰ প্ৰতি শ্ৰদ্ধা, ভগৱানৰ প্ৰতি শ্ৰদ্ধা, নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হোৱা, দুখীয়া-নিচলাক সহায় কৰা, সহিষ্ণুতা, নম্ৰতা আদি সদ গুণৰাজিৰ শিক্ষা দিয়া উচিত
     এটি শিশুৰ সৰ্বাংগীন বিকাশ বুলি কʼলে শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু সামাজিক বিকাশকে বুজা যায়। শিশুৰ আধ্যাত্মিক বিকাশটো ও এটা গুৰুত্বপূৰ্ণ দিশ। শিশুৰ আধ্যাত্মিক বিকাশত একান্তচিত্তে কৰা প্ৰাৰ্থনাৰ  এক বিশেষ ভূমিকা আছে। একান্তচিত্তে প্ৰাৰ্থনা কৰিলে মনত অসীম ধৈৰ্য শক্তি আৰু মনোবল বাঢ়ে।
   মানুহৰ জীৱনৰ প্ৰধান অলংকাৰ হৈছে চৰিত্ৰ। চৰিত্ৰত চেকা লাগিলে তাক কেতিয়াও আঁতৰাব নোৱাৰি।সেয়ে আমি প্ৰত্যেকেই সন্তানৰ সৎ চৰিত্ৰগঠনত গুৰুত্ব দিয়া উচিত।  
    বৃহৎ অসমীয়া জাতিৰ এক সিংহভাগেই হৈছে চাহ জনগোষ্ঠী সকল।চাহ জনগোষ্ঠীৰ অধিকাংশই চাহ বাগিচাত স্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত। কিছুমান প্ৰাক্তন চাহ শ্ৰমিক। তেওঁলোকে গাঁও বা বস্তি অঞ্চলত খেতি- বাতিৰ সৈতে জড়িত হৈ জীৱন-নিৰ্বাহ কৰি আছে। কিছুমানে বিভিন্ন উদ্যোগ, কলকাৰখানা, খনি, ৰাস্তা- ঘাট আদিত শ্ৰমিক ৰূপে কাম কৰি জীৱন ধাৰণ কৰি আছে।চাহ বাগিচাত কৰ্মৰত নাৰী পুৰুষ উভয়ৰে পুৱাৰ ভাগতেই কামলৈ ওলাই যায় আৰু ছুটীৰ পিচত গধূলিহে ঘৰলৈ আহে।এনেস্থলত তেওঁলোকৰ সন্তান সকলক সময়মতে খোৱা- বোৱা , বিদ্যালয়লৈ পঠিওৱা, গা-পা ধুওৱা ইত্যাদি কামত সময় দিব নোৱাৰে।এনে সন্তানে পিতৃ- মাতৃৰ আদৰ যত্নৰ পৰাও বঞ্চিত হʼব লগীয়া হয়। আনহাতে বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ বেছি ভাগেই অশিক্ষিত আৰু সময়ৰ প্ৰতি সজাগ নোহোৱা বাবে সন্তানৰ প্ৰতি দায়বদ্ধতা মানি চলা পৰিলক্ষিত নহয়।আকৌ চাহ বাগিচাৰ শ্ৰমিক লাইন সমূহত সুস্থ বাতাৱৰণ নথকাৰ বাবেই কিছুমান পৰিয়ালত অনবৰতে হাই-কাজিয়া, মাৰ-পিট, হুলস্থূল আদি হৈ থাকে। অজ্ঞতাৰ দোষতেই হওক বা নিৰক্ষৰতাৰ বাবেই হওক কিছুমান উৎসৱ, অনুষ্ঠানত অযথা কেইবাদিন ধৰি মাইক, ডেক আদি বজাই, গীত-মাত গাই, চিঞৰ-বাখৰ কৰি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে।ফলত এনে অঞ্চলৰ উঠি অহা শিশুসকলৰ ওপৰতো ইয়াৰ কু-প্ৰভাৱ পৰে।বাগিচা অঞ্চলৰ বিদ্যালয় সমূহত বহুদিন ধৰি কিছুমান ছাত্ৰ-ছাত্ৰী অনুপস্থিত থাকে।ফলত তেওঁলোকে অন্য ছাত্ৰ-ছাত্ৰীৰ সতে সমান্তৰাল ভাৱে আগবাঢ়ি যাব নোৱাৰে।
    চাহ বাগিচা অঞ্চলত শিক্ষাৰ পোহৰ নপৰাৰ বাবেই শ্ৰমিকসকলে কেৱল খাই বৈ জীয়াই থকাটো কেই একমাত্ৰ জীৱন বুলি ভাৱে।আজিৰ শিশুৱেই যে ভাৱীকালৰ একো একোজন সু নাগৰিক হʼব, সেই কথা তেওঁ লোকে নাভাৱে। বাগিচাৰ ভিতৰুৱা অঞ্চল সমূহত  ৰঘুমলাৰ দৰে শিপাই থকা অন্ধবিশ্বাস আৰু কু সংস্কাৰ সমূহেও শিশুসকলৰ সৰ্বাংগীন বিকাশত অন্তৰায় হৈ ঠিয় দিয়ে।
    চাহ জনগোষ্ঠীৰ অধিকাংশই হিন্দু ধৰ্মাৱলম্বীৰ লোক । ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ বাবেই প্ৰত্যেক চাহ বাগিচাতে একো একো ভাগ পূজা মন্দিৰ নিৰ্মাণ কৰি দিছে।মন্দিৰ বিলাকত  সকলোৰে মনোবাঞ্ছা পূৰণ হোৱাৰ বাবে দূৰ্গা পূজাকে ধৰি শিৱৰাত্ৰি, কালি পূজা, লক্ষ্মী পূজা আদি , অতি শ্ৰদ্ধা ভক্তিৰে  পালন কৰা হয়।একান্ত চিত্তে কৰা প্ৰাৰ্থনাই  মনৰ চঞ্চলতা আঁতৰ কৰি অসীম ধৈৰ্য শক্তি আনে। সেয়েহে উঠি অহা শিশুসকলক নিতৌ শ্ৰদ্ধা আৰু ভক্তিৰে একান্ত চিত্তে প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰাব পাৰিলে , বৰ্তমান সমাজত দ কৈ শিপাই থকা কিছুমান কু প্ৰভাৱ  নিশ্চয় কমি আহিব যিটো নেকি আইনগত ব্যবস্থাৰ দ্বাৰা আজি কোপতি আঁতৰ কৰিব পৰা নাই।
    বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। কিছুমান নীতি শিক্ষাৰ পাঠ মানুহে ব্যৱহাৰিক জীৱনৰ পৰাই আয়ত্ত্ব কৰি লʼব পাৰে। ইয়াত শিক্ষিত -অশিক্ষিত, ধনী-দুখীয়াৰ কোনো কথা নাই। পিতৃ-মাতৃয়ে কিছু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি নিজৰ সন্তানক সৰুৰেপৰাই সততা, নিয়মানুবৰ্তিতা, নম্ৰতা, সময়ৰ সৎ ব্যৱহাৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা, ভগৱানৰ প্ৰতি শ্ৰদ্ধা, মাক-দেউতা,শিক্ষা গুৰুৰ প্ৰতি শ্ৰদ্ধা আদি সদগুণসমূহৰ শিক্ষা প্ৰদান কৰা উচিত।
       বৰ্তমান ইন্টাৰনেটৰ যুগত উঠি অহা শিশুসকলো ইন্টাৰনেট আবেষ্টনি ৰ মাজত সোমাই ভাল বেয়া বিচাৰ কৰিব নজনাৰ বাবেই হয়তু বহুতেই অন্ধ অনূকৰণেৰে বিপথে পৰিচালিত হৈছে। এইক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে শিক্ষক আৰু সমাজেও  সচেতন হোৱাৰ প্ৰয়োজন আছে। পিতৃ-মাতৃ, অভিভাৱক যেতিয়া সুৰুচিপূৰ্ণ আৰু সংস্কৃতিবান হʼব, তেতিয়া তেওঁ লোকৰ সন্তানো সুৰুচিপূৰ্ণ আৰু সংস্কৃতিবান হʼব। ইয়াৰ বাবে বেলেগ পুথি পঢ়াৰ প্ৰয়োজন নাই। 
     সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন ঠাইৰ চাহ বাগিচা অঞ্চলৰ চাহ জনগোষ্ঠী সমাজে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি, শংকৰ মাধৱে প্ৰচাৰ কৰি যোৱা শংকৰী ধৰ্ম গ্ৰহণ কৰি ঠায়ে ঠায়ে নামঘৰ প্ৰতিষ্ঠা কৰাৰ পৰিলক্ষিত হৈছে। তেঁওলোকে অসমীয়া সংস্কৃতিৰ লগত একত্ৰিত হৈ ভাওনা সবাহতো অংশগ্ৰহণ কৰিছে। গোলাঘাটৰ বৰকাঠনি, খুমটাই, ফেটাবস্তি, ৰঙামাটি, ফলঙনি, কচুপথাৰ বৰফলং আদি অঞ্চলৰ চাহ জনগোষ্ঠী সমাজৰ কিছুমানে  শংকৰী সংস্কৃতি গ্ৰহণ কৰি সত্ৰতো শৰণ লৈছে। এয়া আমাৰ বাবে শুভ লক্ষণ।
     বৰ্তমান কল্যাণ কামী চৰকাৰে বাগিচা অঞ্চলৰ শিক্ষা, স্বাস্থ্য কে ধৰি বিভিন্ন দিশৰ কল্যাণ মূলক আঁচনি গ্ৰহণ কৰি ইয়াৰ সফল ৰূপায়ণত গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্ৰত সকলোৱে পূৰ্ণ সহযোগিতাৰে আগবাঢ়ি যাব লাগিব। লগতে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান আৰু ছাত্ৰসমাজেও  বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব।মুঠতে জীৱনৰ প্ৰকৃত লক্ষ্য ত উপনীত হʼবলৈ হʼলে আমি ধৈৰ্য, অধ্যৱসায়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰম এই চাৰিটা কৰাৰ প্ৰতি বিশেষ গুৰুত্ব দি নৈতিক শিক্ষা প্ৰদান কৰি, উঠি অহা সন্তানসকলক ভাৱীকালৰ একো একোজন প্ৰকৃত মানুহ ৰূপে গঢ়ি তোলাত গুৰুত্ব দিব  লাগিব