Type Here to Get Search Results !

বুৰঞ্জীৰ পাতত উল্লেখিত গড়গাঁও;ছশ বছৰীয়া আহোম ৰাজ্যৰ ৰাজধানী

 দীপজ্যোতি বৰগোহাঞি (মাদুৰি )


সূদুৰ অতীতৰে পৰা চলি অহা এটি নাম গড়গাঁও ;যি নাম অতি চিনাকী ৷গড়গাওঁ আহোম ৰাজত্বৰ চতুৰ্থ ৰাজধানী আছিল ৷স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বৰ্তমানৰ পকী ৰাজ কাৰেংটো নিৰ্মাণ কৰাইছিল ৷ৰাজকাৰেংটো পকীকৈ নিৰ্মাণ কৰাৰ আগেয়ে কাঠ আৰু বাঁহৰ আছিল ৷বাঁহৰ খুটাবোৰ তিনি চাৰিহাত আহল বহল আছিল। গড়গাঁৱে কথা কয় যেন এই কথাৰ কাহানিও শেষ নহবই ===="=গড়গাওঁ গড়গাঁও কথা শুনি তল যাওঁ ৷বাট দেখি পিছলিব পাৱ৷দিখৌৰ সোঁতত  যোৱা ভটিয়নী বল পোৱা  ওভটিব খোজে মাৰ নাও ৷ওচৰতে দেখি গড়গাওঁ ""আহোম ভাষাক গড়গাঁওক কোৱা হয় "চেং হুং ৷চে-ৰ অৰ্থ নগৰ আৰু হুংৰ অৰ্থ গড় "অৰ্থাৎ গড়ে মেৰাই থোৱা নগৰ ৷ছ্যু--ক্লেন --ম্যুং গঞগড়া স্বৰ্গদেউৱে ১৫৩৯ চনত চৰগুৱাৰ পৰা ৰাজধানী তুলি আনি গড়গাওঁত স্থাপন কৰিছিল ।তেওঁৰ বৰকুঁৱৰীৰ নাম আছিল নাং --টেন --খাম তেওঁক চাওচিং কুঁৱৰী নামেৰেও জনাজাত ৷তেওঁ আছিল শিক্ষিতা আৰু অতি বুদ্ধিমতি ৷তেওঁ ভৰিৰে আহোম ভাষাও লিখিব জানিছিল ৷বুৰঞ্জীত উল্লেখ আছে যে ;"কুঁৱৰী ৰূপে গুণে বৰ পণ্ডিতা ভৰিৰে আহোম ভাষা লিখিব পাৰে ৷গড়গঞা ৰজাই পাইমালি নৈক ভিতৰ কৰি গড়গাঁওক মেৰাই তিনি খাপৰ গড় বন্ধাই ৰাজধানী সজাই লৈছিল ৷বাজগড় ;ভিতৰ গড় ";আৰু ইটা গড় ৷বাজগড়টোৱে ৰাজধানীক বৰ্গক্ষেত্ৰৰ দৰে গড়গাঁওক আগুৰি আছে ৷এই গড়টোৰ প্ৰতি দৈঘ্য হ’ল প্ৰায় এক কি’ল মিটাৰ ৷বাজগড়টোৰ নিষ্ঠান কৰোতে নগৰৰ উত্তৰ পশ্চিম পুৰ্বৰে পৰা বসবাস কৰি থকা হেমেনা গোহাঁই নামৰ এজন ডাঙৰীয়াৰ ঘৰ বাৰী থকাৰ বাবে সেইফালে গড়ৰ কাম আধাৰুৱাকৈ থোৱা হৈছিল ৷হেমেনাৰ মৃত্যুৰ পাছত সেই অংশৰ গড়ৰ কাম সম্পুৰ্ণ কৰিছিল ৷"বোলে দিখৌ কোষে সীমা ৷পাটমালি ভিতৰ কৰি গড় বান্ধিলৈ এঘৰ মানুহ গোটাব নোৱাৰিলে ৷তাক হেমেনা বুলি মাতে ৷সি কঙ্গন থাওমুঙৰ নাতি বাঁজী- বজা ৷ৰজাকো বৰ কথা মাতে ৷সি বোলে --মোৰ আৰা কটা মাটি ৰজা কি ?সেই বাবেই গাঁৱৰ নামনিৰ ফালে গড় কিছু খণ্ড হৈ থাকিল ৷তেওঁ মৰলিতহে গড় বন্ধাব পাৰিলে ৷এতেকেহে হেমেনা বাৰী বোলে এতিয়াও ৷ৰজায়ো নগৰৰ নাম গড়গ্ৰাম দিলে (সাতসৰী বুৰঞ্জী পৃ:২০)ৰজাৰ কাৰেং বা ৰাজপ্ৰসাদ কাৰেংঘৰক মাজতলৈ ইয়াৰ চাৰিওফালে নিৰ্মাণ কৰা গড়টোৰ নাম ইটা গড় ৷এই গড়টো সম্পুৰ্ণ ইটাৰে নিৰ্মাণ কৰা আজিকালিৰ পকী বেৰাৰ দৰে ৷কিন্ত এতিয়া সিই গড়টো সম্পুৰ্ণ নি:চিহ্ন হ’ল ৷বৰ্তমান সেই ঠাইত বিদ্যুৎ বিভাগৰ কাৰ্যলয়ৰ বাহিৰেও এতিয়া মাথো অ’ত ত’ত দুই এচপৰা ইটাহে সিঁচৰিত হৈ পৰি থকা দেখা পোবা যায় ৷এই গড়টোৰ সৰহ সংখ্যক ইটা ইংৰাজৰ ৰাজত্ব কালত আৰু দেশ স্বাধীন হোৱাৰ পাছত স্থানীয়  লোকে তুলি নিয়াত গড়টোৰ চিন চাব নোহোৱা হ’ল ৷ইটা গড়ৰ বাহিৰত থকা গড়টোৰ নাম ভিতৰ গড় ৷এই গড়টোৱে কোনোমতে ভগ্নপ্ৰায় অৱস্থাত কোনোমতে অতীতৰ সাক্ষী বহন কৰি আছে ৷ইয়াৰ বাহিৰত গড়গাঁওক মেৰাই ৰখা মুল গড়টো নাম বাজ গড় ৷এতিয়া এই গড়টো অক্ষত অৱস্থাত আছে যদিও পুৰ্বৰ তুলনাত বহু চাপৰ আৰু ঠেক হ’ল ৷বাজগড়টোৰ বাহিৰ ফালে আছিল দ’ গড়  খাৱৈ ৷বাজগড়ৰ গাতে লাগি থকা এই খাৱৈটো প্ৰায় ৩৫ মিটাৰ বহল আৰু ৫মিটাৰ দ’ আছিল ৷সময়ৰ সোঁতত ই ঠেক আৰু বাম হৈছে ৷পুৰ্বে এই গড়খাৱৈ বছৰৰ সকলো সময়তে পানীৰে পৰিপুৰ্ণ হৈ আছিল ৷গড়খাৱৈৰ পানী বাজগড়ৰ ওপৰত ঘনকৈ ৰোৱা জঁটীয়া কোটোহা বাঁহ ;আছিল গড়গাওঁৰ সুৰক্ষাৰ প্ৰধান কবচ ৷বাজগড়ত আছিল তিনিখন প্ৰধান  দুৱাৰ ৷নগৰৰ দক্ষিণ খনৰ নাম বৰদুৱাৰ ;পুৱৰ খন পানী দুৱাৰ ;আৰু পশ্চিমৰ খন ন-দুৱাৰ ৷বৰদুৱাৰ পৰা কাৰেংঘৰলৈ ;পানীদুৱাৰ ন-দুৱাৰ সংযোগ আছিল দুটা আহল বহল সেন্দুৰীয়া  আলি ৷এতিয়াও এই আলি দুটা আছে ৷উত্তৰা দক্ষিণাকৈ থকাটোৰ নাম কাৰেং আলি ;আৰু পুৱা পশ্চিমাকৈ থকা আলিটোৰ নাম পানীদুৱাৰ আলি ৷সেই সময়ত সেই আলিকেইটাইদি একেলগে সাতোটা হাতী সমানে যাব পাৰিছিল ৷ইয়াৰ উপৰিও নগৰ খনৰ ভিতৰত থকা বিভিন্ন ডাঙৰীয়াৰ চৰা ;পালিঘৰ আদিলৈ যাবলৈ অথালি -পথালিকৈ ভালে কেইটা সৰুবৰ আলি আছে ৷(কৃতজ্ঞতাৰে শ্ৰদ্ধাৰ বুৰঞ্জীবিদ দিলীপ কুমাৰ বুঢ়াগোহাঞিলৈ)