Type Here to Get Search Results !

সম্পাদকীয়

 অনলাইনত আলোচনী খনি কিয় প্ৰকাশ কৰো


ইতিমধ্যে 'সমলয়' মাহেকীয়া ই-আলোচনী খনি চতুৰ্থ বৰ্ষ সম্পূৰ্ণ কৰি পঞ্চম বছৰৰ দ্বিতীয় সংখ্যাটো প্ৰকাশ হৈছে। এনেদৰে ধাৰাবাহিক ভাৱে 'সমলয়' প্ৰকাশ কৰিবলৈ আমি অনলাইনৰ সহায় লৈ আহিছো অৰ্থাৎ www.somoloy.org নামৰ ৱেবচাইটত প্ৰতি মাহতে প্ৰকাশ কৰি গৈছো। লক্ষ্য কৰিছো যে আজিৰ উঠি অহা চাম বিশেষ ভাৱে অনলাইনত ব্যস্ত হৈ থাকে কিবা এটা জানিবলৈ অনলাইনতে চাৰ্ছ কৰি তথ্যটো লোৱা বা কিবা চৰ্চা কৰা কামবোৰ বেচি ভাগেই অনলাইনৰ ৱেবচাইটত নতুবা কোনো এপৰ সহায়ত কৰে। এই কথা বোৰ আমি সুক্ষ্ম ভাৱে পৰ্যবেশন কৰি উক্ত ৱেবচাইটত সকলোৱে সহজে কোনো খৰছ নোহোৱাকৈ আলোচনী খন পঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্যৰে অনলাইনত আমি প্ৰকাশ কৰি আছো। বৰ্তমান আমাৰ দেশ-বিদেশতো থকা  পঢ়ুৱৈয়ে সহজতে আমাৰ ৱেবচাইটত প্ৰতি মাহে আলোচনী খন পঢ়িব পাৰে। অন্য ধৰণে প্ৰকাশ কৰিলে দূৰ-দূৰণিৰ পঢ়ুৱৈ বাবে অসুবিধা হ'ব। সেয়ে এনেবোৰ কাৰণৰ বাবে ডিজিটেলি প্ৰকাশ কৰা মাধ্যমটো বাছি ললো।
সকলো পঢ়ূৱৈলৈ পুনৰ ধন্যবাদেৰে…

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
১০/২/২০২২