Type Here to Get Search Results !

অসমীয়া চুটিগল্পৰ বিকাশ

 ৰঞ্জিত চুতীয়া



                         চুটিগল্পক ঊনবিংশ শতিকাৰ পাশ্চাত্য জগতৰ অভিনৱ সৃষ্টি বুলি অভিহিত কৰা হয়। অভিনৱ এই অৰ্থতেই যে সাহিত্যৰ অন্যান্য বিভাগবোৰৰ পৰা ভাব আৰু ৰূপত ই পৃথক।  W. B Hudson এ কৈছে যে চুটিগল্পত এটা মাত্ৰ মূলভাৱ থাকিব লাগিব আৰু সেই ভাবটোক একান্তভাৱে একমুখী কৰি প্ৰকাশ কৰিব লাগিব। তেওঁ কৈছিল যে লক্ষ্যৰ একমুখীতা আৰু ফলশ্ৰুতিৰ একমুখীতাই চুটিগল্পৰ বিশেষত্ব।
                    আমি সকলোৱে জানো যে জোনাকী আলোচনীয়ে অসমীয়া ভাষা-সাহিত্যলৈ নৱজাগৰণৰ ঢল বোৱাই আনিছিল।ফলত সমাজ-জীৱনলৈও এটা নতুন ভাৱশক্তিৰ আগমন ঘটিল। জোনাকীৰ জৰিয়তে কেৱল জীৱন আৰু জগত সম্পৰ্কে আধুনিক দৃষ্টিভঙ্গীৰ উপৰিও অসমীয়া সাহিত্যলৈ কবিতা, নাটক, উপন্যাস, চুটিগল্প আদি পশ্চিমীয়া ন ন সাহিত্য ৰূপৰো আমদানি ঘটে। জোনাকী যুগটোৰ কৰ্ণধাৰ লেখকজনেই হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ হাততেই অসমীয়া চুটিগল্পৰ জন্ম আৰু বিস্তাৰ লাভ কৰিলে। জোনাকীৰ চতু্ৰ্থ বছৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাৰ 'সেউতী' নামৰ চুটিগল্পটোৱেই প্ৰথম অসমীয়া চুটিগল্প।
                       জোনাকীৰ পাতত জন্ম লভি বিজুলী, বাঁহী, ঊষা, চেতনা আলোচনীত সহযোগ তথা সহাঁৰিৰ ফলস্বৰূপে অসমীয়া চুটিগল্পই আৱাহনত বিকাশ লাভ কৰে। এই সময়ত জোনাকীয়ে সৃষ্টি কৰা ৰোমান্টিক ভাব-আদৰ্শক এক পৰিশীলিত ৰূপত গল্পত দেখিবলৈ পোৱা যায়। আৰ্থিক অসমতাই সৃষ্টি কৰা সমস্যা, সমাজ-বৈপ্লৱিক দৃষ্টিভঙ্গীৰ, নৰ-নাৰীৰ জৈৱিক প্ৰেমৰ চিত্ৰ গল্পত প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। মুঠতে ন ন বিষয় আৰু আংগিকৰ সংমিশ্ৰণৰে গঢ় লোৱা আৱাহন যুগৰ চুটিগল্পত কেইবাটিও বিশেষ ধাৰা পোৱা যায়। এই সময়ৰ গল্পকাৰসকলৰ ৰচনা সম্ভাৰৰ মাজত পৰিলক্ষিত কিছুমান বিশেষ ধাৰাকে সামগ্ৰিকভাবে এই যুগৰ গল্প শিল্পৰ উল্লেখনীয় দিশ বুলি অভিহিত কৰিব পাৰি। প্ৰথম বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনে ভাৰতৰ অন্য প্ৰান্তৰ সমাজৰ লগতে অসমৰ সমাজ তথা জাতীয় জীৱনকো স্পৰ্শ কৰিছিল।তাৰেই ফলস্বৰূপে সমাজ আৰু জাতীয় জীৱনলৈ অহা পৰিৱৰ্তনসমূহৰ স্বাক্ষ বহনকাৰী আৱাহনৰ গল্পত প্ৰতিফলিত হোৱা জাতীয় চেতনা, সামাজিক দায়বদ্ধতা আৰু মুক্তিচেতনাৰ লগতে সংস্কাৰকামী মনোভাবৰ প্ৰকাশ ঘটিছিল।
                          ৰামধেনুৰ যোগেদি অসমীয়া চুটিগল্পৰ সোণালী যুগ ৰূপে স্বীকৃত সমৃদ্ধিশালী তৃতীয়টো স্তৰ আৰম্ভ হয়। এই স্তৰত চুটিগল্পৰ ক্ষেত্ৰখনৰ পৰিসৰ পূৰ্বতকৈ অধিক বিস্তৃত হোৱাৰ লগতে গল্পৰ সকলো দিশতে পৰিৱৰ্তনে দেখা দিলে। এই যুগৰ গল্পবোৰত ৰোমান্টিকতাৰ বেস্তনীত আৱদ্ধ নাথাকি সামাজিক দুৰ্নীতি, অৰ্থনৈতিক সংকট, নৈতিক অৱক্ষয়, ৰাজনৈতিক সংঘাত আৰু যুদ্ধৰ তিক্ত অভিজ্ঞতা বৰ্ণিত হ'বলৈ ধৰিলে। বাস্তৱমুখী চিন্তাৰ প্ৰৱাহ এই কালৰ গল্পত ফুটি উঠা দেখিবলৈ পোৱা যায়। ৰামধেনুৰ যুগৰ গল্পত মানুহৰ মনোজাগতিক সত্তাৰ আভাস, বাস্তৱবাদৰ ধাৰণা, সামাজিক চেতনাবোধ, মাৰ্ক্সীয় দৰ্শনৰ আলোকত মানুহৰ মুক্তিচেতনা বিশেষভাবে আত্মপ্ৰকাশ কৰে। তদুপৰি পাশ্চাত্যৰ চেতনাস্ৰোত পদ্ধতি ফ্ৰয়েডীয় মনঃস্তত্ব আদি ভাবধাৰাৰ প্ৰভাৱ পৰিলক্ষিত হয়।
                     সাম্প্ৰতিক সময়ত দেশ তথা সমাজত অংকুৰিত হোৱা বিভিন্ন সমস্যা আৰু সমস্যাকেন্দ্ৰিক সমাজখনে গঢ় দিয়া মানসিকতাৰ ফলস্বৰূপে সাহিত্যিকসকলৰ লেখনিত গতি-প্ৰকৃতি পূৰ্বৰ তুলনাত সলনি হ'বলৈ ধৰে। কুৰি শতিকাৰ শেষৰ দশক তিনিটা অৰ্থাৎ ৰামধেনুৰ পৰৱৰ্তী কালৰ চুটিগল্প ৰচনাত বিশেষ অৰিহণা যোগাইছে ভাৰতীয় ৰাজনীতিৰ ব্যক্তিকেন্দ্ৰিক ভোগবাদৰ চৰিত্ৰই। ১৯৭০ চনৰ পৰা ১৯৮০-৯০ চনলৈকে ৰচিত অসমীয়া চুটিগল্পত দেশৰ বিভিন্ন শ্ৰেণীৰ শোষকৰ চৰিত্ৰ চিত্ৰণ, দেশৰ অৰ্থনীতি শোচনীয় অৱস্হা আৰু জনসাধাৰণৰ শোষন বিৰোধী মুক্তি আকাংক্ষীত প্ৰতিবাদী কাৰ্যৰ চিত্ৰণ দৃষ্টি গোচৰ হয়। বসন্ত কুমাৰ ভট্ৰাচাৰ্যৰ ভাষাত - "সপ্তম দশকৰ শেষ ভাগৰ পৰা অষ্টম দশকলৈকে অৰ্থনৈতিক সংকট, দুৰ্নীতি, দুৰ্নীতিৰ বিস্তৃতি, নৈতিক অধঃপতন, মধ্যবিত্ত শ্ৰেণীৰ সস্তীয়া আধুনিকতাৰ প্ৰতি আকৰ্ষণ, বস্তুৰ চ'ৰা দাম, ৰাজনৈতিক নেতাৰ চতুৰালি, শাসক দলৰ দমন নীতি, নিবনুৱা সমস্যা, খাদ্যভাব আদি এশ এবুৰি কাৰণত সমাজ জীৱন ভয়ংকৰ অস্হিৰতা আৰু জটিলতাৰ সন্মুখীন হ'ল। সাধাৰণ শ্ৰেণী লোকৰ জীৱন হৈ পৰিল দুৰ্বহ। এনে পৰিস্হিতিত তৰুণ গল্পকাৰসকল ক্ষুদ্ধ আৰু ক্ৰোধান্বিত হ'ল। তেওঁলোকৰ সমাজ-চেতনাৰ লগতে ৰাজনৈতিক চেতনাও তীব্ৰতৰ হ'ল আৰু বাস্তৱমুখী দৃষ্টি ভংগী গ্ৰহণ কৰি তেওঁলোকে গল্প ৰচনাত আত্মনিয়োজন কৰিলে। ফলস্বৰূপে একাংশ তৰুণৰ গল্পত প্ৰতিবাদ আৰু প্ৰতিৰোধৰ সুৰ প্ৰবলভাবে ধ্বনিত নোহোৱাকৈ নাথাকিল।"
                      সাম্প্ৰতিক সময়ৰ গল্পবোৰৰ বিষয়বস্তুৰ নিদিষ্টাহীন অৰ্থাৎ অগতানুগতিক বিষয়বস্তুৰ প্ৰয়োগেৰে কাহিনীবোৰ বিক্ষিপ্ত হৈ পৰিল। গল্পবোৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিজ্ঞানৰ বিষয়বস্তুৰে ৰচিত হ'বলৈ ধৰিলে। কলা-কৌশলগত দিশৰ পৰা এই সময়ৰ গল্পবোৰৰ ভাৱবস্তু অভিনৱ হোৱাৰ লগতে বিক্ষিপ্ত চেতনা সমৃদ্ধ হোৱা পৰিলক্ষিত হয়। বৰ্তমান সময়ৰ গল্পবোৰৰ এক বৈশিষ্ট্য হ'ল বুদ্ধিনিদিষ্টতা। গল্পকাৰসকলে সামাজিক তথা ৰাজনৈতিক অস্হিৰতা, অৰ্থনৈতিক সংকটৰ তীব্ৰতা, নৈতিক অৱক্ষয়ৰ ছবি নতুন কথন ভঙ্গীৰে উপস্হাপন কৰিছে। তদুপৰি এই সময়ৰ গল্পত প্ৰতীক, চিত্ৰকল্প আৰু বিভিন্ন মতবাদৰ প্ৰয়োগ ঘটা পৰিলক্ষিত হয়।