Type Here to Get Search Results !

অসমীয়া সংস্কৃতিত বাঢ়নীৰ ভূমিকা

 অনামিকা বুঢ়াগোহাঁই






অসমীয়া সংস্কৃতিত, ৰীতি-নীতি আৰু জন বিশ্বাসত বাঢ়নীয়ে গভীৰ ভাবে প্ৰভাৱ পেলাই থকাৰ প্ৰমাণ পোৱা যায় বাঢ়নীৰ সংস্কৃত শব্দ,অৰ্থ,'বদ্ধনিকা' আৰু হিন্দীত ইয়াক 'ঝাডু' বুলি কোৱা হয়। এইদৰে অষ্ট্ৰিক ভাষীসকলৰ দান হৈছে 'শোটা' আৰু বুটী । কামৰূপ, বৰপেটা, গোৱালপাৰা আদিত বাঢ়নী শব্দৰ ৰূপ 'বান্নি'। চোতাল -বাৰী পৰিস্কাৰ কৰি ৰখাৰ উদ্দেশ্যে বাঁহ,খেৰ আৰু বিভিন্ন বনৰ দ্বাৰা বাঢ়নীটাৰ কৰি লোৱা হয়। বাঢ়নীটোক লৈ কিছুমান ৰীতি-নীতি আৰু জন বিশ্বাসৰ সৃষ্টি হৈছিল আৰু আজিও সেই সমূহ পালন কৰা হয়। অসমীয়া সমাজত ন-বোৱাৰীয় শহুৰ-শাহুৰ ঘৰলৈ আহি প্ৰথম নিশাৰ  বোৱাৰী -
পুৱাই হাতত বাঢ়নীটো লৈ চোতাল সৰা নিয়ম কৰিব লাগে। ইয়াৰ ভিতৰত জীৱনৰ বাকী থকা সময় খিনিৰ বাবে গভীৰ তাৎপৰ্য লুকাই আছে।
        আমেৰিকাৰ ৰাষ্ট্ৰপতি আইছেনহাৱাৰে পোৱা উপহাৰ সমূহৰ ভিতৰত এডাল ঝাডু ও আছিল আৰু তেওঁ এই ক্ষুদ্ৰ ঝাডুটাৰক এটি মহৎ উপহাৰ হিচাপে লৈ কাঁচৰ বাকচত ভৰাই তেওঁ সদায় দেখা পোৱা কৈ ৰাখিছিল।প্ৰশাসনৰ আৱৰ্জনাবোৰ গুচাই নিকা কৰাৰ প্ৰতিশ্ৰুতি আৰু সোঁৱৰণীয়েই আছিল ইয়াৰ মূল্যায়ন।
     এইদৰে ন-বাঢ়নী ব্যৱহাৰৰো আমাৰ সমাজত কিছুমান নিয়ম আছে। অম্বুবাচীৰ নিবৃত্তিত, বহাগ বিহুৰ প্ৰথম পুৱাত,ঘৰৰ মৃতকৰ শ্ৰাদ্ধত আৰু বিভিন্ন পূজা পাতলত পুৰণা বাঢ়নীটাৰ পেলাই দি নতুন বাঢ়নী ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে পুৰণা বাঢ়নীবোৰ সাধাৰণতে যিবিলাক ফল ধৰা গছে ফল নধৰিলে যেনে আম, নাৰিকল, তামোল,কঠাল আদিত বান্ধি দিয়া হয়। অসমীয়া জন বিশ্বাস মতে,এনে কৰিলে গছে সোনকালে ফল ধৰে। এইদৰে মানুহৰ অমঙ্গলীয়া চকু লাগি গছৰ ফলবোৰ ক'লা পৰি অকালতে সৰি গলেও গছত বাঢ়নী আঁৰি দিয়া হয়। গ্ৰাম্য অঞ্চলৰ পৰম্পৰা অনুসৰি মানুহৰ অমঙ্গলীয়া চকুৰ প্ৰভাৱ বাঢ়নীয়ে নোহোৱা কৰিব পাৰে।চোতালৰ মাজত বাঢ়নী পেলাই থলে পৰিয়ালৰ অমঙ্গল হয়। আলহি -অতিথী ঘৰলৈ আহি প্ৰথম সূতা-বাঢ়নী দেখিব নেপায়।ঘৰ সৰা ঝাডু আৰু বাঢ়নী দুয়োটা একেলগে থলে ঘৰত ঘৰত কাজিয়াৰ সৃষ্টি হয় বুলি গ্ৰাম্য সমাজে বিশ্বাস কৰে।
        অসমীয়া গ্ৰাম্য সমাজে মানুহ আৰু জীৱ-জন্তৰ বেমাৰ আৰু ভূত-প্ৰেতৰপৰা ৰক্ষা পোৱাৰ বাবেও বাঢ়নী ব্যৱহাৰ কৰে।হাহঁ-পাৰ উমনিত বহিলেও বাঢ়নী কাটি বাহত থৈ দিয়া হয়, এনে কৰিলে কণী আৰু পোৱালীৰ একো দুষ হ'ব নোৱাৰে। পাহাৰীয়া জনজাতিৰ লোকে বেছি দিন বতৰ খৰাং হৈ থাকিলে কাৰোবাৰ ঘৰৰপৰা বাঢ়নী চুৰ কৰি নি পথাৰত পুতি থয় , ইয়াৰ ফলত হেনো বৰষুণ হয়। অতীতত বাঢ়নী কিনা-বেচা কৰা অপমান বুলি ভবা হৈছিল কিন্তু বৰ্তমান এইটো ভাৱ নাইকীয়া হোৱা দেখা গৈছে। অসমীয়া সমাজত কিছুমান সামান্য বস্তুৱে সামাজিক ৰীতি নীতিৰ মাজত বহুখিনি প্ৰভাৱ পেলায়।