Type Here to Get Search Results !

কাব্যসংকলন--উভতি অহাৰ গান,কবি--পুৰবী শইকীয়া বৰুৱা

 আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই


 পুৰবী শইকীয়া বৰুৱাই উপহাৰ দিয়া"উভতি অহাৰ গান" কাব্য সংকলনখন পঢ়িলোঁ। তেখেতৰ কাব্য সংকলনখন পঢ়ি বৰ ভাল লাগিল। সেয়েহে কাব্যসংকলনৰ ওপৰত চমু আলোকপাত কৰিব বিচাৰিছোঁ ইতিবাচক সঁহাৰি জনাই। কবিক প্ৰেৰণা যোগাই উৎসাহিত কৰাৰ প্ৰয়াস মাত্ৰ। মোৰ সীমিত জ্ঞানেৰে কাব্যসংকলন খনৰ কেইটামান কবিতাৰ চমু আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ।

      কাব্যসংকলনত দুই এটা কবিতা পঢ়িলেই লেখিকাৰ সাহিত্যৰ প্ৰতি নিৰন্তৰ আগ্ৰহ সেই কথা সহজেই চকুত পৰে। তেখেত এগৰাকী অধ্যয়নশীল ব্যক্তি সেই কথা কবিৰ কবিতাৰ ভাষা আৰু অনুভৱৰ গভীৰতাতেই প্ৰকাশ পাইছে। প্ৰায় পঞ্চাশৰো অধিক কবিতাৰে সমৃদ্ধ কবি পূৰবী শইকীয়া বৰাৰ "উভতি অহাৰ গান" কাব্যসংকলন খনি। ৰ'দালি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কাব্যসংকলনৰ বেটুপাতৰ শিল্পী তেখেতৰ পুত্ৰদ্বয় ক্ৰমে
বৈভৱ আৰু  আৰুচ। মূদ্ৰণ-ইষ্টান অফচেট প্ৰিন্টাৰ, সোণাৰি। কাব্যসংকলন খন তেখেতৰ পিতৃ আৰু মাতৃ অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে  শ্ৰীযুত লোচন শইকীয়া আৰু শ্ৰীযুতা দীপালী শইকীয়াৰ হাতত অৰ্পণ কৰিছে।
      কাব্য সংকলন প্ৰতিটো কবিতাই পাঠকৰ হৃদয় চুই যোৱাকৈ কবিয়ে অতি সুন্দৰ আৰু সাৱলীল ভাৱে উপস্থাপন কৰিছে। প্ৰেম, প্ৰকৃতি, জীৱনবোধ আৰু আশাৰ সঞ্জীৱনী সুধা কঢ়িয়াই আনিছে কবিৰ কাব্যিক অনুভৱে। তেখেতৰ কাব্যিক ব্যঞ্জনাৰ স্বাদেই সুকীয়া। কবিতাবোৰ পঢ়িলে বাৰে বাৰে পঢ়িবলৈ মন যায়।সেয়েহে কাব্যসংকলন খনৰ পৰা লৈ আহিছোঁ এটি সুন্দৰ কবিতা "পৃথিৱীৰ অসুখ" (পৃষ্ঠা ২৩)। সাম্প্ৰতিক সময়ত
সমগ্ৰ পৃথিৱীতে বিয়পি পৰা মানৱ সংহাৰী মহামাৰীয়ে মানুহক জুৰুলা কৰিছে। পৃথিৱীৰ অসুখত মানুহে পাহৰি গৈছে নিত্য নৈমিত্তিক কৰ্মৰাজী, জীৱন যাত্ৰা স্থবিৰ হৈছে, স্থবিৰ হৈছে সকলো উন্মুক্ত পথ। অসহায় মানুহ অসহায় পৃথিৱী। কাল অমানিশাই ছানি ধৰিছে চৌদিশে। সকলো গৃহবন্দী। কোন দিশে মানৱৰ জীৱন যাত্ৰা। কেৱল তমসাচন্ন মানুহৰ মন তমসাচন্ন পৃথিৱীৰ প্ৰতিটো প্ৰান্ত। কিয়নো মানৱৰ আশ্ৰয়স্থল পৃথিৱীৰ অসুখ, পৃথিৱী এতিয়া শৰ্যাগত ।সেইবাবেই সকলো মুক। পাহৰিছে জীৱন নদীৰ টুলুং ভুটুং নাওখনৰ লংগৰ ক'ত। এক অনিশ্চয়তাত মানৱ জাতি। কাৰণ এতিয়া "পৃথিৱীৰ অসুখ" কবিয়ে কাব্যিক দলিছাত সিঁচি দিছে নিয়ৰৰ কণিকা । "
  " সুখবোৰ বাগৰ নৌ সলাওঁতেই /কেনেকৈ যে সোমাই আহে /জলঙাৰে দুখ/হেৰাই থাকিলেচোন ক'ৰবাত/বাটৰ আঁত /প্ৰাৰ্থনা কাতৰ দুহাতত এতিয়া /তমসাচন্ন ৰাতিৰ বিলাপ /সন্ধিয়াবোৰ নিমাত হ'ল/পাহৰিলে চাগে /ভটিয়াই সুৰ/আন্ধাৰত ওপঙি থকা/জোনাকীৰো সলনি হ'ল /ঘৰমুৱা খোজ /এতিয়া পৃথিৱীৰ অসুখ /সচাঁকৈয়ে এতিয়া পৃথিৱীৰ অসুখ। 
   ঠিক তেনেদৰে কবিয়ে "সময়ৰ ডেউকা"  (পৃষ্ঠা নং  ৭৪) কবিতাটোত গতিশীল  সময়ৰ কথা সহজ সৰল প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে ।দূৰন্ত গতিৰে সময় পাৰ হৈ যায় মানৱ জীৱনৰ সুখ দুখৰ প্ৰতিটো প্ৰহৰ, পল, অনুপল, মাহ, বছৰ বুকুত বান্ধি লৈ। সময়ৰ বুকুতেই কতজনৰ সুখ, দুখ, ঘাত প্ৰতিঘাতৰ সংমিশ্ৰিত জীৱনৰ জীঁয়া প্ৰতিচ্ছবি। মানুহৰ দুখত বা দুখত সময় কেতিয়াও থমকি নৰয়। বৃত্তাকাৰ গতিৰে মাথোঁ গৈ আছে। এইয়াই সময়ৰ দূৰন্ত গতি। মাথোঁ  মানুহৰ হাঁহি, কান্দোন সুখ, দুখ, বিৰহ, বেদনা, পোৱা, নোপোৱাৰ হিচাপবোৰ সময়ৰ বালিত খোজ ৰৈ যায়। 
যাওঁ বুলিয়েই গুছি যাব তই সময় /বুকুত সামৰি লৈ /প্ৰতিটো ক্ষণ / প্ৰতিটো প্ৰহৰ, সপ্তাহ /মাহ বছৰ। বিদায় বুলিয়েই জানো বিদায় /জনাব পাৰি / বুকুত শিল হৈ ৰৈ যোৱা সুখ-দুখ /অপেক্ষা, হাঁহি কান্দোনৰ ভাৰ সময়/তই জানো সুখ-দুখ /অপেক্ষা, হাঁহি কান্দোনৰ ভাৰ /সময়  /, তই জানো
দেখা পাৱ / নদীৰ চাকনৈয়াত পৰি ৰোৱা / কতজনৰ হৃদয়ত হাহাকাৰ /এইয়াই নেকি তোৰ উপহাস /হেৰুৱাই হেৰুৱাই বাট বিচাৰি লোৱা এজাক মানুহ/ এতিয়া অপেক্ষাত /বৰষুণৰ  /ধুই নিব ইতিহাস /অৰণ্যৰ স্নিগ্ধতাৰে জীপাল হ'ব/ আমাৰ জীৱন । "
    এনেদৰেই কাব্যসংকলন খনৰ প্ৰতিটো কবিতাই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে। মোৰ ক্ষুদ্ৰ অনুভৱৰে প্ৰিয় কবিৰ  কাব্যসংকলন চমু আলোকপাত কৰিলোঁ।  অজানিতে ৰৈ যোৱা ভুল ক্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ। শেষত কবিৰ সুনিপুণ হাতত পৰশত সাহিত্যৰ পথাৰ জীপাল হৈ উঠক তাকে কামনা কৰি সামৰণি মাৰিলোঁ।