সবিতা বৰুৱা ফুকন
কৰিম বুলি ভবা
বহু কামেই কৰা নহল
কম বুলি ভবা বহু কথাই
কোৱা নহল..!
অথচ তেওঁ আজি
যাবৰ সময় হ'ল ।
বুকুখন থৰ থৰকৈ
কপিল, আৰু
চেনেহবোৰ,হাঁহিবোৰ
আশাবোৰ লগ হৈ
ৰিঙিয়াই মাতিলে --
বহু প্ৰত্যাশিত নৱতমক ।
দেওদি নাচি উঠিল
নোকোৱা কথাবোৰে
আৰু কামবোৰে
কাষ চাপি আহিল
এসাগৰ আশা
সংগোপনে হৃদয় চুলে।
টোপ টোপাই সৰা নিয়ঁৰত
প্রৱল হ'ল বিশ্বাস ।
সুহুৰিয়ে সুহুৰীয়াই
উমাল পথেদি
বিশ্বাসত ডুব গ'ল
এটি পৰিসংখ্যা