Type Here to Get Search Results !

সম্পাদকীয়

 সম্পাদকীয়

'সমলয়' চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান

লেখক-পাঠক আৰু বিভিন্ন জনৰ মৰম চেনেহ  সহাৰিৰ মাজেৰে আহি আহি সমলয় আলোচনীয়ে চতুৰ্থ বৰ্ষ সম্পূৰ্ণ কৰি পঞ্চম বৰ্ষত খোজ থব ১ জানুৱাৰী ২০২২ ৰ শনিবাৰে।
এই উপলক্ষে শিৱসাগৰ জিলাৰ নাজিৰা ৰজাপুল ৰাজমাও পুখুৰী পাৰত এদিনীয়া কাৰ্যসূচীৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানটি উদযাপিত হ'ব।  এই অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে লাইফ অৱ এ ড্ৰাইভাৰৰ ঔপন্যাসিক ৰূপম দত্ত দেৱ মুখ্য অতিথি হিচাবে উপস্থিত থাকি অন্তৰংগ আলাপত সকলোৰে সৈতে ভাৱ বিনিময় কৰিব। এই অনুষ্ঠানতে প্ৰবীণ চিত্ৰ-ভাস্কয্য শিল্পীৰ ভাস্কৰ্য প্ৰদৰ্শনৰ এখনি বিশেষ প্ৰদৰ্শনী থাকিব। সুৰৰ সোপান শিতানৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান হ'ব। ২০২১ বৰ্ষ শ্ৰেষ্ঠ লেখক ৰঞ্জিত চুতীয়ালৈ শ্ৰেষ্ঠ লেখকৰ সন্মান যঁচা হ'ব। নৱবৰ্ষ শুভ দিনটিত সমলয় তৰফৰ পৰা এটি প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে। আমি অনুষ্ঠানটি কৰিবলৈ যাওতে স্থানীয় ৰাইজক লৈ এখনি অভ্যৰ্থনা সমিতিয়ে বহু ধৰণে সহায় সহযোগ কৰিছে। এই আপাহতে তেওলোকৰ শলাগ লৈছো।
  বিগত বৰ্ষ কেইটিৰ দৰে ২০২২ বৰ্ষটিতো আপোনালোকৰ মৰম চেনেহৰে আলোচনী খনি আকোৱালি ল'ব বুলি আশাবাদী।
 শেষত সকলোটিলৈ ইংৰাজী নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জনালোঁ।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/১/২০২২