Type Here to Get Search Results !

চাহ জনগোষ্ঠী আদিবাসী সমাজৰ টুচু পৰব

 ভদ্ৰ ৰাজোৱাৰ


টুচু বন্দনা গীত

তেল দিলাম শলিতা দিলাম

স্বৰ্গে দিলাম বাতি 'গ'

সকল দেবী সঞ্জা লেওমা

ঘৰেৰ কুলবতী 'গ'


গাই আইল বাছুৰী আইল

আইল ভগবতী 'গ'

সঞ্জাৰ বেলা সইঞ্জা লেও মা

লক্ষ্মী সৰস্বতী 'গ'


      চাহ জনগোষ্ঠী আদিবাসী সমাজৰ মাজত প্ৰচলিত বিভিন্ন কৃষি ভিত্তিক পূজা-পৰবৰ ভিতৰত টুচু পৰব হ'ল মহিলা সমাজৰ এক উল্লেখনীয় পৰব । অসমত বৰ্তমান চাহ জনগোষ্ঠী নামধাৰী এই বৃহৎ  সংখ্যক জনসমষ্টিৰ ইতিহাস খুৰচিলে আমি দেখা পাওঁ‌ যে অসম মূলক লৈ চাহ বগিচাত কাম কৰিবলৈ ভাৰতৰ  বিভিন্ন প্ৰান্তীয় ৰাজ্যৰ পৰা এই জনগোষ্ঠীৰ উপৰিপুৰুষসকলক বিভিন্ন প্ৰলোভন আৰু শাসন গোষ্ঠী বৃটিছৰ কঠোৰ নিয়ম নীতিৰ শিকলিৰ বান্ধখাই অহাৰ পূৰ্বে তেওঁ‌লোক নিজা মাটিৰ কৃষক হিচাপে জীৱন ধাৰণ কৰি আহিছিল । অশিক্ষিত হলেও স্বাধীন মনা এই জনজাতিৰ লোকসকল কোনো ৰজা,জমিনদাৰ বা শাসক পক্ষৰ বন্ধোৱা গুলাম বা শ্ৰমবিক্ৰী লোক নাছিল। ভাৰতৰ বিভিন্ন সময়ত বিভিন্ন ফৈদৰ লোকৰ  পৰ্দাপন ঘটি ভাৰতীয় আদিম সংস্কৃতি,ভাষা,ধৰ্ম আৰু লোক বিশ্বাসৰ পৰিবৰ্তন  ঘটিলেও ভূমি পুত্ৰ এই সমষ্টিৰ লোকসকলৰ কৃষি আৰু প্ৰকৃতি কেন্দ্ৰক পূজা- পৰব সমূহ একেই থাকিল । আদিম কালত এই জনসমষ্টিৰ লোকসকল ভাৰতবৰ্ষৰ কৃষি সভ্যতাৰ ধাৰক আৰু বাহক অনাৰ্য অষ্ট্ৰিক আৰু দ্ৰাবীড় গোষ্ঠীৰ লোক । কাজেই এই জনগোষ্ঠীৰ লোকসকলৰ পূজা-পৰব সমূহত ঈশ্বৰ বা দেব দেবতা কেন্দ্ৰীক হৈওঁ‌ আৰু প্ৰকৃতিত লগত সম্বন্ধযুক্ত ।

    এই জনগোষ্ঠীৰ কৃষি ভিত্তিক পৰবসমূহ হল ভাদ মাহৰ কৰম পূজা বা পৰব। কাৰ্তিক মাহৰ চহৰাই বা বাধনা পৰব আৰু পুহ আৰু মাঘ মাহৰ টুচু পৰব বা পূজা।শাওন,ভাদ মাহত কৃষি কৰ্ম সামৰি মাতৃ আৰি ভাতৃৰ মঙ্গল কামনা কৰি খাদ্য শস্যৰ বীজ সিঁ‌চি জাৱাৰ যোগেদি কৰম পূজা কৰা হয় । ঠিক তেনেদৰে কাৰ্তিক মাহত কৃষি কৰ্মৰ অবিচ্চেদ্য অংগস্বৰূপ ঘৰৰ গো-সম্পদৰ লগতে পথাৰৰ সজাল ধান কুঁ‌চা আৰু কৃষি কাৰ্য্যত ব্যৱহৃত কৃষি সঁ‌জুলি সমূহক পূজা অৰ্চনা কৰা হয়।ঠিক তেনেদৰে টুচু হল কৃষি কৰ্মৰ ফল ভোগ কৰা এটা পূজা বা পৰব । এই জনগোষ্ঠীৰ লোকসকল আঘোনৰ পথাৰত ধান চপাই শেষ হোৱাৰ পাছত অন্তত পথাৰৰ পৰা পাঁ‌চ বা সাতজোপা পকাধান গোচা মাটিৰ সৈতে উঘালি আনি ঘৰ বাৰীৰ এটা সুকীয়া স্থানত সজতনে থৈ বাকী ধান ভৰালত ভৰাই দি ইয়াক পথাৰৰ লক্ষী হিচাপে কিছু নিয়ম নীতিৰ মাজত ধুপদীপ দি পূজা অৰ্চনা কৰি মহিলা সমাজে নানা ধৰণৰ গীত মাত কৰি প্ৰায় ১৫ দিন জাগৰিত কৰি ৰাখে।পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি দিনা মহিলা সমাজে নিজে নিৰ্মিত বা আনে নিৰ্মাণ কৰি দিয়া বিভিন্ন ৰঙা নীলা কাগজৰ চৌড়ল সাজি পথাৰৰ লক্ষ্মী ৰূপী ধানক উৰে নিশা পূজা কৰি নানা ধৰণৰ গীত মাত কৰে আৰু ইয়ে হল আদিম কালৰে পৰা প্ৰচলিত হৈ থকা টুচু।

     উক্ত ধান কুঁ‌চিৰ দুই এটা লোৱাৰ লগতে ঘৰত থকা নতুন ধানলৈ পিঠা পনা,আখৈ আদি বনুৱাৰ লগতে অঙ্কুৰ গজাই চৌড়ত ৰাখি কাল্পনিক কৃষি দেৱী বা লক্ষ্মী দেবীক পূজা অৰ্চনা কৰি আগন্তক বছৰৰ বিভিন্ন মনোকামনা পূৰ্ণ কৰাৰ বাবে মহিলা সমাজে প্ৰাৰ্থনা জনাই । চাহ জনগোষ্ঠী সমাজে বিশ্বাস ৰাখে যে এই ভূমণ্ডলৰ প লৰা সৃষ্টি হোৱা সকলো জড় বা জীৱই ভূমণ্ডলৰ মাটি,পানী আৰু বায়ুত বিলিন হৈ যায়।কাজেই এই সমাজত পানী আৰু মাটিৰ পৰা সৃষ্টি সকলো  পূজা পৰবৰ নৈবদ্য বিসৰ্জন দিয়াৰ নিয়ম আছে । সেয়েহে টুচু,কৰম আদিকে সামৰি সকলো পৰম্পৰা মাঙ্গলীক নীতি নিয়মৰ নৈবদ্য মাটি আৰু পানীক উৎসৰ্গা কৰে।মক্কৰ সংক্ৰান্তীৰ ওৰে নিশা চৌড়লত মহিলা সমাজ পূজা অৰ্চনা আৰু গীত মাতৰ যোগেদি কাল্পনিক কৃষি দেবী টুচুৰ জন্ম,বিবাহৰ লগতে এগৰাকী নাৰীৰ জীৱন পৰিক্ৰমা কেনেদৰে অতিবাহীত হয়া তাক নানা ধৰণৰ গীত মাতেৰে গুনানুকীৰ্তন কৰে;আৰু তাত উপস্থিত থকা সকলোৱে প্ৰেম-প্ৰীতিৰ গীত মাত স্থলীতে ৰচনা কৰি টিচু পূজাৰ কিছুমান নেগ নীতিত ঢোল মাদলৰ তালে তালে নৃত্য গীত কৰে ।প্ৰভাতি পূৱাতে চৌড়ল লৈ নাচি বাগি গাঁও ফুৰাবলৈ নিয়ে আৰু দিনৰ ভাগত নদী ঘাটত সমবেত হৈ টুচু বিসৰ্জন দি টুচু পূজা বা পৰবৰ সামৰণি মাৰে।টুচু পূজাত কোনো বৈদিক বামুণ পুৰুহিতৰ প্ৰয়োজন নাই । ইয়াত নিজৰ পৰম্পৰাগত নীতি-নিয়মত পালন কৰা হয় । টুচু দেবীৰ কোনো সাকাৰ ৰূপ নাই । ই মহিলা সমাজৰ কাল্পনিক দেবীহে । পিছে বৰ্তমান আমৰ  সমাজত টুচু দেবীৰ নামত প্ৰতিমা আনি পূজা অৰ্চনা কৰাটো আমাৰ মূল সংস্কৃতিৰ ধাৰাটোকে কিছুমান অতিহিন্দু ভাৱধাৰাৰ লোকে বিকৃত কৰা দেখা গৈছে ।যিটো অনাগত দিনত আমাৰ অনাৰ্য সংস্কৃতি ধাৰাটোক ক্ষতি কৰিব । ইতিমধ্যে আমি নিজকে আৰ্য  হিন্দু হবলৈ গৈ আমাৰ বহু পৰাম্পৰা আনাৰ্য হিন্দুৰ নীতি -নিয়ম হেৰুৱাইছো ।

     চাহ জনগোষ্ঠী আদিবাসী সমাজৰ বছৰ গণনা অনুসৰি ১মাঘত নতুন বছৰৰ আগমন ঘটে।নতুন বছৰ মানে নতুন এটা কৃষি কৰ্মৰ বছৰ । সেয়েহে এই জনগোষ্ঠীৰ লোকসকলে আখাইন যাতা অনুষ্ঠানৰ যোগেদি বছৰৰ প্ৰথম দিনটোত  ঘৰৰ পুৰুষ সমাজে আঘোন মাহৰ পথাৰৰ পৰা অনা টুচু ৰূপী পাঁ‌চগুচা ধানক নিৰ্দিষ্ট নীতিৰ বিধিৰে ভড়ালত  প্ৰৱেশ কৰে আৰু মাঘ মাহ শেষ নোহোৱা পৰ্যন্ত ভড়ালৰ পৰা খাদ্য শস্য বাহিৰ নকৰাৰ নিয়ম পালন কৰাৰ লগতে খেতি পথাৰত এপাক হলেও হাল বায় বা কোৰ মাৰি মাটি চহায়। ঘৰ বাৰিত থকা ফল মূলৰ ল লগতে আৱশ্যকীয় সজলো গছকে ধান খেৰৰ পঘাৰে বান্ধে আৰু হাবিত চিকাৰ কৰিবলৈ যোৱাৰ নিয়ম কৰে লগতে ৰাজহুৱা ভাৱে অনুষ্ঠিত পৰম্পৰাগত পশুৰ কুকুৰা যুঁ‌জ অনুষ্ঠিত কৰে ।