Type Here to Get Search Results !

ঐতিহাসিক ৰজাপুল অঞ্চলৰ এটি অৱলোকন

দীপজ্যোতি বৰগোহাঞি (মাদুৰি )


ইতিহাস প্ৰসিদ্ধ  শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ এটি অঞ্চল "ৰজাপুল :এই ৰজাপুলৰ ঐতিহাসিক পটভুমি আছে ৷আহোম স্বৰ্গদেউ ছ্যাওলুং ছ্যুকাফাই চৰাইদেউত ৰাজধানী পাতি সৌমাৰ খণ্ডত আহোম ৰাজ্য বিস্তাৰ কৰাৰ পৰা সৌমাৰ খণ্ডৰ বিভিন্ন স্থানত দৌল ;দেৱালয়;ৰাস্তা;পুল ;ধোন্দ ;মন্দিৰ নিৰ্মাণ কৰিছিল ৷তাৰ ভিতৰতে নাজিৰাৰ ঐতিহাসিক হেকেৰা বৰবৰুৱা আলি অন্যতম ৷স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কাল (১৭৮০-১৭৯৫ )অতি বিখ্যাত সময় অসম বুৰঞ্জীত ৷এই জনা স্বৰ্গদেউৰ দিনৰ শিৱৰাম বা হেকেৰা বৰবৰুৱা ডাঙৰীয়াৰ ঘৰ আৰু বাৰী বামুণবাৰী চাহ বাগিছাৰ কাষৰ ফুলনীবাৰীত আছিল ৷ৰজাপুলটো হেকেৰা বৰবৰুৱা আলিত নিৰ্মাণ কৰিবলগীয়া অন্যতম কাৰণ হ’ল যে ;এই আলিৰ তলেদিয়েই কাষৰ সোন্দৰ পুখুৰীৰ পৰা বৈ অহা নাফুক জান বৈ গৈ বুৰঞ্জীপ্ৰসিদ্ধ মাদুৰিত গেলা ডিমৌ নামলৈ বৈ গৈছে ৷এই ৰজাপুলৰ কাষৰ হেকেৰা বৰ বৰুৱা আলিৰ দাঁতিত  সৰু ৰাজমাও দ’ল আৰু ৰাজমাও পুখুৰীৰ পাৰতে জনশ্ৰুতি বা কিম্বদন্তিয়ে কয় যে;গৌৰীনাথ সিং’হ স্বৰ্গদেউৱে তেও"ৰ মাহীমাক সৰু ৰাজমাওৰ স্মৃতিত ৰাজমাও পুখুৰী খন্দোৱাই তাৰ পূৱ দিশত এটা দৌল নিৰ্মাণ কৰি উছৰ্গা কৰিছিল ৷পাছে দৌলটো সময়ৰ সোঁতত ধৱংস হয় ৷গৌৰীনাথ সিংহৰ (১৭১৭--১৭৯৫ )সৰু কালতে মাতৃৰ মৃত্যু হৈছিল তেওঁক লাখটকীয়া কোঁচৰ এগৰাকী ধাঁইয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল ৷ইয়াৰ পূৰ্বে ৰাজমাও পুখুৰীৰ পাৰৰ অৱস্থিত দ’লত পূজা সেৱা কৰিবৰ ভাৰ এঘৰ ব্ৰাহ্মণৰ ওপৰত ন্যস্ত কৰা হৈছিল ৷এই পুখুৰীৰ পাৰতেই এঘৰ ব্ৰাহ্মণৰ ঘৰ আছিল বুলি জেষ্ঠ জনে কয় ৷আৰু জনশ্ৰুতিয়ে কয় ৷এই ৰাজমাও পুখুৰীৰ কাষেদিয়েই হেকেৰা বৰ বৰুৱা আলি চকীমুখ হৈ বিহুবৰ লৈ গৈছে ৷এটা মেকীপুৰ হৈ গেলেকী লৈ আৰু এটা দুৱাৰা গাওঁ হৈ লিগিৰী পুখুৰীলৈ গৈছে ৷আহোম যুগৰ দিনৰে পৰা ৰজাপুল অঞ্চলত দুৱাৰা ;বৰগোহাঁই ;যি সকল অভয়পুৰীয়া নামৰ বিশেষ খেলৰ লোক সকলৰ বাসস্থান আছিল ৷বৰ্তমানে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ (অসম এচেট )মুখ্য কাৰ্যালয় থকা নাজিৰাত  আহোম ৰাজত্ব কালত গড়গাঁওৰ বৰদুৱাৰ মুখৰ দিখৌ নদীৰ চুণপোৰা ঘাটত বিভিন্ন নাও  জিৰণি লৈ নাওবৈছা ফুকনৰ নেতৃত্বত সষ্টম হৈ আছিল সকলো সময়তে ৷নাজিৰাৰ হেকৰা বৰ বৰুৱা আলিৰ কাষৰ ৰাজমাও পখুৰীটো ৰাজমাও পুখুৰী নামেৰে জনাজাত ৷ইয়াৰ মাটি কালি চৰকাৰী তথ্য মতে ১২ বিঘা ৷অতীতে এই পুখুৰীৰ পাৰত দ’লৰ ভগ্নাৱশেষ আৰু যুৰীয়া আঁহত গছ আছিল ৷আজিৰ পৰা কিছু বছৰৰ আগেয়ে ধুমুহাত এজোপা ভাগি পৰিল ৷পুখুৰীটোৰ পাৰতেই চকীমুখ ফুলনীবাৰীৰ পৰা একে নামেৰে জনৈক বৰঠাকুৰে প্ৰাথমিক বিদ্যালয় খন প্ৰতিষ্ঠা কৰিছিল ৷আজিৰ পৰা ৫০/৬০বছৰৰ আগতে এই অঞ্চলত বিশুদ্ধ খোৱা পানীৰ সু ব্যৱস্থা নথকাৰ বাবে এই পুখুৰীৰ চক চকীয়া   নিৰ্মল পানীৰে গাওঁখনৰ লোকে বগীটিংত ছিপিয়াৰে ভাৰ কৰি ঘৰলৈ নিছিল ৷লগতে গাঁৱৰ পাকৈত বাসিন্দা সকলে অস্থায়ী গা ধোৱা ঘৰ নিৰ্মাণ কৰি লৈছিল ৷পাকৈত শিল্পী সুলভ ব্যক্তি সকলে ৷কথিত আছে যে ৰাজমাও পুখুৰীটো প্ৰকাণ্ড প্ৰকাণ্ড মাছৰ আবাস স্থলী আছিল ৷এই অঞ্চলত এতিয়াও বয়োজ্যেষ্ঠ লোকৰ মুখত শুনা যায় যে ;নিশা পচাৰে ডাঙৰ ডা্ঙাৰ মাছ মাৰি কান্ধত কঢ়িয়ালৈ ঘৰত পুঁৱতি নিশা সোমাই কেকনী জ্বৰত ভুগিছিল ৷পাছৰ দিনা ডাঙৰীয়ালৈ পায়স আগবঢ়াইহে জ্বৰ ভাল পাইছিল ৷কিন্ত সময়ৰ ধামখুমীয়াত সেই ৰঙীন দিনবোৰ হেৰাই গ’ল ৷আজি কালি অঞ্চলটোৰ বিভিন্ন স্থানত বিশুদ্ধ খোবা পানীৰ আঁচনি হ’ল ৷যাৰবাবে এনেহেন সুন্দৰ পুখুৰীটো গৰা পলীয়া হ’ল মেটেকা ;আদি অপতৃণৰে ভৰি পৰিল ৷ম্লান পৰি গ’ল তাৰ স্বকীয়তা যাৰ ছশ বছৰীয়া ইতিহাস বিজড়িত আজিও উপেক্ষিত অনাদৃত ৷ৰজাপুল গোহাঁই গাওঁ অঞ্চলটোতে আহোম ৰাজত্ব কালৰ অভয়পুৰীয়া বৰগোহাঁই সকলৰ বাসস্থান আছিল ৷এতিয়াও নাফুক নৈৰ পাৰত আৰু গড় আলি গোহাঁই গাওঁত কেইবাটাও মৈদাম আছে ৷এসময়ৰ গাওঁৰ মাজৰ বৰঢাপ টোৱেদিয়েই গাওঁখনত বাসকৰা ইঘৰ =সিঘৰলৈ অহা যোৱা কৰা যাতায়তৰ একমাত্ৰ পথ ৷সম্ভৱত কোনোবা স্বৰ্গদেউৰ দিনৰ ৰাজ বিষয়াই ঘৰ বাৰী বিতোপনকৈ বন্ধাই লৈছিল বৰ ঢাপেৰে ৷আজিও সেই অঞ্চলত ডাঙৰ ডাঙৰ খাল যাক বৰ খাল যাক সেই অঞ্চলৰ লোক সকলে বৰ খাল বোলে ৷তাৰ অস্তিত্ব দেখিবলৈ পোৱা যায় ৷পৰবৰ্তী সময়ত বৃটিছৰ শাসনৰ সময়ত সেই অঞ্চলতে কাৰ্তিক দাস (মিঠাইৱালা )ৰ বাৰীখনতে এসময়ৰ নাজিৰাৰ মৌজাৰ মৌজাদাৰৰ কাৰ্যালয় আৰু এখন চৰকাৰী সমবায় সমিতি৷আছিল ৷আৰু সেই অঞ্চলতে চহকী পথাৰ আৰু ধোবী পথাৰ নামৰ দুখন পথাৰৰ নাম আজি অতি জনপ্ৰিয় ৷ৰজা পুল অঞ্চল সমন্বয় আৰু সম্প্ৰীতিৰ নিদৰ্শনীয় ৷সেই অঞ্চলটো বিশেষকৈ আহোমৰ অভয়পুৰীয়া  বৰগোহাঁই সকলৰ যদিও এতিয়া বিভিন্ন জাতি ;ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমন্বয় আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে ৷যাৰ উদাহৰণ সন্ধ্যাৰ সময়ত অঞ্চলটিৰ নামঘৰ সমুহত দবা বৰ কাঁহ লগতে কৰি প্ৰা্ৰ্থনাৰ অলপ সময়ৰ পাছতে কাষৰ মছজিদৰ   আজানৰ শব্দই গাওঁ খন ৰজনজনাই যায় ৷ ইজনে সিজনৰ বিপদে আপদে কাষত থিয় দিয়াৰ যিটো মানসিকতা আজিৰ দিনৰ আটাইতকৈ মহৎ আৰু প্ৰশংসনীয় ৷(বি  ;দ্ৰ এখন বুৰঞ্জী প্ৰসিদ্ধ গাৱঁৰ মাত্ৰ অৱলোকনহে কৰিবলৈ সামান্য চেষ্টা কৰা  হ’ল মনৰ অনুভৱৰে আৰু অভিজ্ঞতাৰে )