ৰীতা সভাপণ্ডিত
সময়ৰ ডেউকাত উঠি
চকুৰ পলকতে বছৰ বাগৰে
চিৰপ্ৰবাহমান নদীৰ দৰে ।
অনিৰুদ্ধ গতিক সৰোগত কৰি সময়ে
নি: শব্দে সামৰি থয় বহু আশা -নিৰাশা
-নতুনক যেন বাট এৰি দিয়ে
নৱতম সৃষ্টিৰ বাবে ।
পুৰণিবোৰ হৈ পৰে ষ্মৃতি ।
কেতিয়াবা যদি
প্ৰাপ্তিৰ আনন্দই পাৰ ভাঙে
কেতিয়াবা অপ্ৰাপ্তিৰ ধুমুহাজাকে
চেদেলি -ভেদেলি কৰে হিয়া,
কেতিয়াবা সময়বোৰ অযুহাত হয়
তেতিয়া নি:শব্দ কলমে বিচাৰি ফুৰে শব্দ।
পুৰণিক বিদায় দি নতুনক আদৰাৰ
এই প্ৰত্যুষতে সকলোৱে মানৱতাৰ জয়
গান গাও ।
আকৌ শান্তিৰ কপৌ উৰক ।
নতুন বছৰে প্ৰত্যেকৰ প্ৰাণলৈ
কঢ়িয়াই আনক সুখ, শান্তি আৰু
স্ৱস্তিৰ অনাবিল সঁফুৰা ।