অৰুণা চেতিয়া খাটনিয়াৰ
আবেগৰ সোণালী সূতাৰে
হৃদয়ত বান্ধি থোৱা ছবিখন
অ' মোৰ চেনেহা চেনেহী
পাবা জানো বিচাৰি নিচিনা হাটত ,
মসৃণ পথ এৰি আন্ধাৰৰ জখলাৰে
কিয় দিয়া মিছাতে খোঁজ
অ'মোৰ বাচা ঐ
খন্তেকীয়া জীৱনৰ অচিন বাটত ,
স্বপ্নৰ অভীপ্সা খিনি দুচকুত লৈ
জীৱন নাৱৰ বঠা ধীৰে ধীৰে বৈ
অ' মোৰ সোণাই ঐ
নোৱাৰি নে আগুৱাব আন্ধাৰ নেওচি ,
দুঃস্বপ্নৰ সংশয় কাতি কৰি থৈ
আস্থাৰে যদিহে পাৰোঁ জীৱন জিনিব
অ' মোৰ পোণাহঁত
বাসনাৰ সুগন্ধি ল'ম দুহাতে সাৱতি ,
অকৃত্ৰিম পৃথিৱীৰ পৰা
তুলি ল'ব পাৰা যদি
অ' মোৰ মৰমৰ
একাঁজলি বিশ্বাসৰ নীলা আবিৰ ,
মানুহ মানুহৰ বাবেই
হ'ব তুমি পাৰিবা তেহে
মমতাৰে ভৰা এই
হৃদয়ৰ মানুহ মাটিৰ