গীতাঞ্জলি দেৱী
উদং ভৰিৰ খোপনিত এটা আশা গজি উঠিছে
য'ৰ পৰা আহিছিলোঁ তালৈকে যোৱাৰ অহৰহ চেষ্টা ।
অহাৰ বাটটো যিদৰে মসৃন আছিল
সেই একেটা বাট এতিয়া খলা-বমা ।
বিৰাট শূণ্য এটাই বুকুত ভৰ দি বহি আছে ,
নাজানো, কিয় হেৰাই যায় উচ্ছ্বল ধমনীয়েদি বগুৱা বোৱা হেঁপাহবোৰ ,
মোৰ পৰা তোমালৈ বোৱা সাকোঁডাল পাৰ হ'বলৈকো এতিয়া ভয় ।
বাৰটা মাহৰ হাজাৰ বাৰটা অপূৰণীয় কোনো কালেই নহ'ব পূৰণ ।
দ'কৈ শিপাই যোৱা শেলুৱৈ ধৰা ছাঁত কি লুকাই আছে বুজিব পাৰি
বুজাব কিন্তু নোৱাৰি ।
অশনিবোৰ ঘণ্টা বজাই নাহে ,
বৰষুণেও কৈ নাযায় আকৌ অহাৰ কথা ।
তথাপি আঙুলিৰ পাবত দিন-মাহবোৰ পিন্ধি ৰৈ থাকোঁ সপোন একোটা ৰচি ,
চকুৰ কোটৰলৈ গৈ থাকে সেই সপোন
আতোলতোল্ দেহাৰ জোখ নোহোৱালৈকে সুলকি-সুলকি গৈয়ে থাকে বাৰটা জনম ।
আজিও হেৰাই যোৱাৰ শেষ ক্ষণত
অপূৰণীয় হেঁপাহবোৰ সোঁৱৰি এটা হুমুনিয়াহ এৰিছোঁ ,
গাঢ় হৈ পৰা তোমাৰ-মোৰ সমন্ধবোৰ এনেকৈযে এদিন চিগি যাব , সেই কথা ভাবিছোঁ ।
নোকোৱাবোৰ আৰু নকৰাবোৰৰ বাবে আক্ষেপ কৰিছোঁ ।
উলটি চাইছোঁ এটা উজ্জ্বল নক্ষত্ৰ সৰি পৰা মোৰ ঘূৰি নহাৰ বাটত ।