Type Here to Get Search Results !

কালৰ গতি

 জীনামণি বৰগোহাঁই দুৱৰা


সভ্য সমাজত আজি
স্বাৰ্থপৰ মানুহৰ ত্ৰাস
গুজৰি উঠে নিৰ্মল হৃদয়
ক্ষোভ-হতাশাই লাহে-লাহে
হৈ পৰে সন্ত্ৰাস।
ক্ষোভৰ অগনিৰে
উত্তপ্ত হ'ল হিয়া
হেৰাই গ'ল জীৱনৰ আনন্দ
কুটিল সময়ে সুদিনৰ অন্ত পেলাই
কঢ়িয়াই দুৰ্দিনৰ অলেখ ডাৱৰ
হাহাঁকাৰ কৰি উঠে অশান্ত হৃদয়
সহনশীলা ধৰিত্ৰীয়েও
প্ৰলয়ৰ ধ্বনি শুনি
হিয়া ভাঙি কান্দিছে আজি
হৃদয়ে হৃদয়ে ৰণশিঙা
উঠিছে বাজি।