Type Here to Get Search Results !

জীৱনক সুন্দৰ কৰাৰ মূলমন্ত্ৰঃ কৰ্তব্য পালন

ৰঞ্জিত চুতীয়া



মানুহৰ নিজৰ কাম আৰু চিন্তাৰ ওপৰতে জীৱনৰ আনন্দ আৰু সুখ নিৰ্ভৰ কৰে। কি কৰিলে জীৱন আনন্দময় হয় আৰু কি কৰিলে বিষাক্ত হয়, সেইয়া নিৰ্ভৰ কৰে নিজৰ ওপৰত। সংসাৰৰ সকলো দুখ, যন্ত্ৰণা, সমস্যাক ক্ষন্তেকীয়া বুলি আওকান কৰি জীৱনৰ দুখৰ মাজৰ পৰা সুখ বুটলি, বেদনাক আনন্দলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে জীৱনটো সুন্দৰ হৈ উঠিব। সংসাৰ এখন কাঁইটীয়া বন। মৌ পোক একোটাই কাঁইটীয়া ফুল-বনৰ মাজত সোমাই তাৰ পৰা ফুলৰ মৌখিনি সংগ্ৰহ কৰাৰ দৰে মানুহে দুখ আৰু যন্ত্ৰণা মাজৰ পৰা সুখ বুটলি ল'ব লাগিব। তেতিয়াহে নিৰানন্দ বিনাশ কৰি সুখ আৰু আনন্দৰে জীৱনটো উপভোগ কৰিব পাৰিব।
                         কৰ্তব্য পালনেই হ'ল নিৰানন্দনাশী মহামন্ত্ৰ। কৰ্তব্যত মগ্ন হ'লে জীৱনত দুখ আৰু দুশ্চিন্তালৈ সময় নাথাকে। কৰ্তব্য হ'ল মহাগুৰু, যি গুৰুত শৰণ ল'লে জীৱনৰ আনন্দ লাভৰ দীক্ষা লৈ জীৱনক সুন্দৰ কৰিব পৰা যায়। কৰ্তব্যৰ দৰে মহাগুৰু কাষত থাকিলে আনন্দৰ শত্ৰুবোৰ দূৰতে বিদূৰ হয়। কৰ্তব্য হ'ল মহাস্ত্ৰ। এই অস্ত্ৰৰে মনৰ কলীয়া ডাৱৰ নিমিৰ্ষতে খণ্ড বিখণ্ড কৰিব পাৰে। কোনো অথন্ত নোহোৱাকৈ সুকলমে চলি থাকিবলৈ একোজন ব্যক্তিৰ বাবে এখন সমাজৰ বাবে আৰু সমগ্ৰ বিশ্বৰ বাবে মূল প্ৰয়োজন হ'ল কৰ্তব্য।
                     কৰ্তব্য পালন সমগ্ৰ বিশ্বৰ ৰাজহাড় স্বৰূপ। বিশ্বৰ যিকোনো এটা উপাদানে এক মুহুূৰ্ত যদি কৰ্তব্যত অৱহেলা কৰে তেন্তে অথন্তৰ অনিবাৰ্য। বিশ্বৰ প্ৰতিটো উপাদানৰে নিজৰ কাম নিদিষ্ট কৰা আছে। সেই নিয়মানুসৰিয়েই সকলোৱে নিজ কৰ্তব্যত নিয়োজিত থাকে। সকলোৰে যৌথ শক্তিৰ বলত সমগ্ৰ বিশ্ব সুকলমে চলি থাকে। ইয়াৰ যিকোনো এটাই নিজ কৰ্তব্য ক্ষণিকৰ বাবেও যদি পিঠি দিয়ে তেন্তে নিমিৰ্ষতে সকলো চুৰমাৰ হৈ যাব। গতিকে কৰ্তব্য পালনেই হ'ল বিশ্বৰ উপাদানবোৰৰ মূলমন্ত্ৰ। ইয়াৰ বিচ্যুতি ঘটিলে আনবোৰতো নোহোৱা হ'বই লগতে সিহঁত নিজেও ক্ষণিকতে বিলুপ্ত হ'ব।
                      মানুহৰ সমাজত কৰ্তব্যৰ স্হান বিশ্বৰ গ্ৰহ নক্ষত্ৰৰ দৰেই মূল কথা হ'ল কৰ্তব্য পালন। সমাজখন হ'ল - এটা যন্ত্ৰ আৰু প্ৰতিজন মানুহ সেই যন্ত্ৰৰ এটা অংগ। যেতিয়ালৈকে অংগবোৰে নিজ নিজ কৰ্তব্য সূচাৰু ৰূপে পালন কৰি থাকিব তেতিয়ালৈকে সেই যন্ত্ৰত একো অসুবিধা নহ'ব। এই কৰ্তব্য কোনোবাই অৱহেলা কৰিলেই সমাজত বেমেজালি সৃষ্টি হ'ব, সমাজৰ শৃংখলাত আউল লাগিব। সমাজৰ দ্বন্দ, অশান্তি, দৰিদ্ৰতা আদি অনৰ্থৰ মূল হ'ল কৰ্তব্যত অৱহেলা। এজনে কৰ্তব্যত খেলিমেলি কৰিলে তাৰ ফল আনেও ভোগে, তেওঁ নিজেও ভোগে। কৰ্তব্যত অৱহেলা কৰা জনে শেষত সংসাৰখন বিষময় দেখে আৰু জীৱনৰ সকলো আনন্দ হেৰুৱাই। যি নিজৰ কৰ্তব্যত ক্ৰুটী নকৰে, যি শ্ৰম কৰি নিজৰ উন্নতি আৰু আনৰ উপকাৰ সাধিছে তেওঁৰ মনত নিৰানন্দই বাহ ল'ব নোৱাৰে। তেওঁৰ মুখ সদায় উজ্বল আৰু সন্তোষেৰে ভৰা।
                      সংসাৰ এখন যুদ্ধক্ষেত্ৰ। এই যুদ্ধক্ষেত্ৰত বৰ্তি থাকিবলৈ প্ৰধান অস্ত্ৰ হ'ল কৰ্তব্য পালন। এই অস্ত্ৰৰে যুদ্ধ কৰিলেহে শত্ৰুক জিনি মহা আনন্দৰ গৰাকী হ'ব পাৰিব। আনহাতে যিসকলে যুদ্ধক্ষেত্ৰত এই মহাস্ত্ৰ ব্যৱহাৰ নকৰে তেওঁলোক যুদ্ধত হাৰি দুখ বেজাৰে জীৱন কটাবলগীয়া হয়। গতিকে আনন্দ অৰ্জনৰ মূল পথ হ'ল কৰ্তব্য পালন। নিজ কৰ্তব্য পালন অবিহনে কোনো মানুহেই মানুহ হ'ব নোৱাৰে।কৰ্তব্য পালন জীৱনৰ অমিয়া প্ৰসবিনী। কৰ্তব্যবোধেই মনুষ্যত্ব। যাৰ এই বোধ নাই তেওঁ প্ৰকৃতাৰ্থত মানুহ হ'ব নোৱাৰে। জীৱনটো সুন্দৰকৈ উপভোগ কৰাৰ একমাত্ৰ পথ, একমাত্ৰ মহামন্ত্ৰ হ'ল কৰ্তব্য পালন