Type Here to Get Search Results !

অসমৰ লোক-সংস্কৃতি;আইনাম

 অনামিকা বুঢ়াগোহাঁই ফুকন


অসমত বিশেষকৈ চ'ত -বহাগ মাহৰ পৰাই বসন্ত ৰোগ (যাক আমি আই দেখা দিয়া বুলি কওঁ  ) হয়। অতীতত বসন্ত ৰোগ মহামাৰী ৰূপত দেখা দিছিল আৰু এই ৰোগত আক্ৰান্ত হৈ বহু মানুহৰ মৃত্যু ঘটিছিল। তেতিয়া এইবিধ ৰোগক মানুহে বহুত ভয় কৰি চলিছিল আৰু উপায়হীন হৈ এই ৰোগক গোসাঁনী বুলি পূজা কৰিছিল    । তেতিয়াৰে পৰা এই পূজা ঠাই বিশেষে বহু নীতি-নিয়মেৰে মানি অহা হৈছে। আই দেখা দিয়াৰ লক্ষণ-তিনিদিন মান একেৰাহে জ্বৰ হয়। কেতিয়াবা জ্বৰ মূৰলৈকেও উঠে।গাৰ বিষ হয় ,মুখ খন ৰঙা পাৰে, তিনিদিন মানৰ ভিতৰতেই আই দেখা দিয়ে। সৰু আই দেখা দিলে তিনিদিন একেৰাহে জ্বৰ হয়, পানী লগাৰ দৰে হৈ কাহঁ হয় গাৰ বিষ হয়। সৰু আই ঘামচিৰ দৰে সৰু সৰু।গা বিজ বিজায়   থাকে খজুৱায়।আই দেখা দিলে পৰিস্কাৰ পৰিচন্নতাই বেছি আৱশ্যক   ।আই ওলোৱা ব্যক্তিজনৰ গাত 'বসন্ত' নামৰ উপ দেৱতাৰ আৱিৰ্ভাৱ হয়। অতি শ্ৰদ্ধাৰে তেওঁক সন্মান কৰা হয়।আই বা বসন্ত ওলোৱা জনক আইৰ নামৰ পুথি পঢ়ি শুনোৱা হয়।আইৰ আন এটা নাম 'শীতলা'।আইৰ নামৰ
পুথি পঢ়িলে বা নাম গালেও আই ওলোৱাজন সন্তোষ হয়।ঘৰৰ কাৰোবাৰ আই ওলালে মাছ -মাংস আদি খোৱা নিষেধ।নিয়ম -নীতি কৰি দিলেহে এই ৰোগ সোনকালে ভাল হয়।  কিছুমানৰ ক্ষেত্ৰত আসন পতা হয় আৰু কিছুমানৰ ক্ষেত্ৰত শৰাই পায়স আদি আগ বঢ়োৱা হয়। শৰাই আগবঢ়োৱা পাছত তেওঁক নিজ ইচ্ছা অনুসৰি মাননি দিয়া হয়। 
       আই বিপদ-বিঘিনি নাশিনী দূৰ্গা বা মহামায়াৰ ৰূপ হ'লেও লোকাচাৰ সন্মত এটা শক্তি বুলিহে পাৰি জাতি -ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ মাজতেই আইনাম পোৱা যায়।আই নাম সমূহে দেহা শীতল কৰি দিয়ে প্ৰচলিত আইনাৰ কেইটামান ফাঁকি  তুলি দিয়া হ'ল
        আই মোৰ      আইৰ নাম সুমলা
     আই মোৰ  দিছে ফুলৰ মালা
      আই মোৰ   পানী হেন কৰিছে গা
 আই মোৰ      আইৰ নাম শীতলা
 আই মোৰ      দুখীয়াৰ পুতলা
আই মোৰ      ধূলা দি কৰিব দয়া।
      এই আই নাম সমূহত আই নামৰ মাহাত্মা আৰু পবিত্ৰতাৰ কথা ফুটি উঠে ।নামসমূহৰ মাধ্যমেৰে'আই'ৰ ৰূপ গুণৰ মহিমা প্ৰকাশ পায়। অসমীয়া জীৱনৰ ইতিহাসৰ এখনি প্ৰতিচ্ছবি আই নামৰ মাজেৰে প্ৰকাশ পায়।আই নামৰ প্ৰকাশভংগীও তেনেই সৰল প্ৰাৰ্থনাৰে ভৰপূৰ,শব্দৰ গাঁঠনি,চিত্ৰ আদিও আলসুৱা বুলি কব পাৰি।উপমা,ৰূপক, অলংকাৰ আদিয়েও ভৰপূৰ হোৱা বাবেও অতি সহজে চিত্তাকৰ্ষক হৈ পৰে। লোক সাহিত্যত থকা আই নাম সমূহ অসমীয়া নাৰীৰ হিয়াৰ ভাব ভক্তি আৰু আইৰ মহিমাৰ কথাকে প্ৰকাশ কৰে। অসমীয়া সমাজত লোকবিশ্বাসত আই নাম চিৰযুগমীয়া হৈ প্ৰচলিত হৈ থাকিব। এই নামবিলাকত এটি সুকীয়া বৈশিষ্ট্য ও আছে।