Type Here to Get Search Results !

অলেখ কল্পনাৰ দলিচাত

 তুলিকা বৈশ্য দাস


 

আমি যাম দিগন্তলৈ---
আঁতৰিম নিৰল-নিৰ্জনত 
আদৰিবলৈ--- 
বিচাৰিম চাৰিমুঠি জীৱৰ স্থান
থাকিব এক মুক্ত আকাশ 
এক জোন এক বেলি
হ'ব হৰিধ্বনি-প্ৰতিধ্বনি
মুক্তকণ্ঠে --
বৃহৎ শয়ন শয্যাত পৰি   
লম জিৰণি
চাই ৰ'ম
অলেখ তৰাৰে সজ্জিত
জিক্‌মিক্‌-চিক্‌মিক্‌ চন্দ্ৰতাপখনি

আমি যাম আৰু দিগন্তলৈ ---
য'ত পাম কমলকলিৰ সন্ধান
বৃৃহৎ সেউজীয়া দলিচাৰে 
পদ্মপত্ৰৰ --
তাতেই হ'ব চাৰিটি খুটিৰ মধ্যত
থাপনা স্থাপন
প্ৰজ্বলিত অনন্ত বন্তিগছিৰে --
আমি যাম দিগন্তলে'---