Type Here to Get Search Results !

তোমলৈ মনত পৰে আই

 জীনামণি বৰগোহাঁই দুৱৰা


আই কেনেকৈ জনাঁও তোমাক মোৰ ভাল বুলি।
নতুন ঘৰত তুমি কোৱাৰ দৰে
জীৱনটো পাৰ কৰিব পৰা নাই অ' আই--
তুমি কৈছিলা,"শাহুৰক আইৰ দৰে জ্ঞান কৰিবা।"
মইটো তুমি কোৱাৰ দৰেই ভাৱিছিলো।কিন্তু মোৰ
শাহুৰূপী আইয়ে বিচাৰে
প্ৰতিটো কামতে খুঁতহে।
তোমাৰ দৰে কথাবোৰ নুবুজাই কিয় জানো?
ননদে কয় বিয়া পতাৰ পিছত
দাদা বোলে সলনি হ'ল।
দেওৰৰ অভিযোগ আগেয়ে পোৱা সুবিধাবোৰৰ পৰা বঞ্চিত হ'ল।
যোগ্যতাৰ ভিত্তিত পোৱা দৰমহাকেইটাই ইয়াত জোৰাবই নোৱাৰো আই।
এইখন ঘৰৰ নিয়মো সুকীয়া
ননদক নিদিয়াকৈ কাপোৰ ল'ব নোৱাৰো।
দেওৰক নিদিয়াকৈ একো খাব নোৱাৰো।
শাহু-শহুৰক প্ৰয়োজনীয়বোৰ
সময়ত দিব নোৱাৰিলে মই
হেনো কুলক্ষণী বোৱাৰী হওঁ।
মানুহজনক দৈনিক হিচাপ নখ-দৰ্পনত দিব লাগে।
আই ইয়াত তুমি কোৱাৰ দৰে একো পোৱা নাই অ'
পোৱা নাই মোৰ বিয়াৰ দিনা
আয়তীসকলে গোৱা বিয়া-নামৰ দৰে---
মাৰাৰ সলনি শাহু আই পাবা
ভন্তীৰ সলনি ননদক পাবা
ভাইটিৰ সলনি দেওৰক পাবা
মৰমৰ সকলোকে পাহৰি যাবা
মোৰ কিন্তু তোমালোকলৈ
বৰকৈ মনতহে পৰিছে আই।