Type Here to Get Search Results !

সম্পাদকীয়

  সামাজিক সমস্যা আৰু ইয়াৰ সমাধানৰ সাম্ভাৱ্য  দিশ



আমি অতীতৰ পাত লুটিয়াই চাও দেখিম সামাজিক সমস্যা সেই সময়তো আছিল আজিও সামাজিক সমস্যা আছে। হয়তু আগতকৈ ইয়াৰ সংখ্যা বহু গুণে বৃদ্ধি হৈছে তথাপি সেই সময়তো সমস্যা আছিল।
  এতিয়া আহো এই সামাজিক সমস্যাবোৰৰ ওপৰত আমাৰ  দৃষ্টিভঙ্গী কেনে ৰূপত প্ৰকাশিত হৈ আছে। আমি সাধাৰণতে এই সমস্যাবোৰত দৃষ্টি ঠিকেই পৰে সেয়ে আজি কালি সামাজিক মাধ্যম সমূহ কিছু সময়লৈ উষ্ম ষ্টেটাছে ভৰি পৰে। বাতৰি কাতততো ডাঙৰ সৰফত প্ৰকাশ পাই বাতৰি। এইবোৰ সকলোৱে আমি প্ৰত্যক্ষ কৰি থাকো। এতিয়া ইবোৰেই জানো শেষ সমাধানৰ পথ। ইয়াৰ অলপ গভীৰতালৈ গৈ যদি চাও আৰু নিজকে প্ৰশ্ন কৰো আমি সমস্যা ভিত্তিক কামত সময়বোৰ মাথো দিছো নে সমস্যা ভিত্তিক সমাধানত সময় বা কাম কৰিবলৈ চেষ্টা কৰিছো ? নিশ্চয়কৈ সমস্যা একোটো গভীৰতালৈ গৈ তাৰ সকলো দিশ সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰি সমধানাৰ বাবে আন্তৰিকতাৰে আমি  চেষ্টা কৰা কম সংখ্যকৰ মাজতহে দেখা যায়।
   এই সামাজিক সমস্যাবোৰৰ সমাধানৰ বাবে তলৰ পদক্ষেপ সমূহ গ্ৰহণ কৰি কাৰ্যকৰী দিশত আগবাঢ়িলে কেনে হয় তাৰে কিছু দিশ আগবঢ়ালো।
১) ব্যক্তিগত ভাৱে, সংগবদ্ধ ভাৱে নতুবা অনুষ্ঠানৰ-প্ৰতিষ্ঠান হৈয়ো বৰ্তমান সামাজিক সমস্যা বোৰৰ সকলো দিশ পুংখানুপুংশ ভাৱে বাস্তৱ ক্ষেত্ৰত চোৱা
২) এই সমস্যাবোৰক লৈ সামাজিক জনমত গঠন কৰি সমস্যা বোৰৰ পৰা ব্যক্তি আৰু সামাজিক কি কি বেছি নেতিবাচক প্ৰভাৱ পৰিছে তাৰ বিষয়ে সকলোকে ভবাই তুলিব লাগিব।
৩) সমস্যাবোৰ একেবাৰেই সমাধা কৰিবলৈ চেষ্টা নকৰি ইয়াৰ সমাধা সৰু সৰু পদক্ষেপবোৰ লৈ আগবাঢ়িব লাগে। এটা কঠিন বা সম্ভৱ কাম এটা সফল হোৱাত সৰু সৰু সাফল্যবোৰে বহু অৰিহণা যোগায়।
৪) শেষত চৰকাৰী পক্ষইয়ো বাস্তৱ সমাধানৰ পদক্ষেপবোৰ লবলৈ সকলো প্ৰকাৰে সহযোগিতাৰে অনুপ্ৰাণিত কৰিব লাগিব।
  এনেদৰে আমি সামাজিক সমস্যা ভিত্তিক সমাধানৰ দিশেৰে আগবাঢ়িলে উপকৃত হ'ব পাৰিমহঁক।

সম্পাদক-সমলয়
১/১২/২০২১