Type Here to Get Search Results !

কাব্য সংকলন--স্মৃতিৰ ডঁৰিয়লি,কবিঃ---পূৰবী সেনাপতি

 পৰ্য্যালোচনা --সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া 


সুলেখিকা, কবি শ্ৰদ্ধেয়া   পূৰবী সেনাপতি "ৰ " স্মৃতিৰ ডঁৰিয়লি " এখন সুন্দৰ কাব্য  সংকলন  । দিগদৰ্শন প্ৰকাশনে প্ৰকাশ কৰা  কাব্য সংকলন খনৰ  বেটুপাত অলংকৰণ  চিত্ৰশিল্পী জুলিবৰুৱাৰ । কাব্য সংকলন খন তেখেতৰ  কন্যা প্ৰস্তুতি আৰু  পুত্ৰ তুষাৰ প্ৰিয়মৰ হাতত অৰ্পণ কৰিছে । 
      কবি পূৰবী সেনাপতিয়ে ছাত্ৰ অৱস্থাৰ পৰাই কবিতাৰ জগতত প্ৰৱেশ কৰি বৰ্তমানলৈকে  কাব্য চৰ্চা অব্যাহত 
ৰাখিছে । সুন্দৰ আবৃত্তিকাৰ হিচাপেও তেওঁৰ সুকীয়া  পৰিচয় আছে । বৰ্তমান কেইবাটাও সাহিত্যঅনুষ্ঠানৰ  লগত জড়িত হৈ সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা লগতে  কবিতা আৰু প্ৰৱন্ধৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানে আয়োজন কৰা প্ৰতিযোগিতা  সমূহত  পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে । ২০২০বৰ্ষৰ দিগ্ দৰ্শন সাহিত্য সন্মান বঁটাৰে সন্মানিত পূৰবী সেনাপতি  যোৰহাট দিক্ দৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া  শিশু আলোচনী "জ্ঞানজ্যোতি" ৰ প্ৰাক্তন সম্পাদিকা । তেখেতৰ প্ৰথমখন গ্ৰন্থ "বিশ্বায়ন, বাণিজ্যিকৰণ আৰু অসমীয়া সংস্কৃতি" ৰ পাছত " স্মৃতিৰ  ডঁৰিয়লি" দ্বিতীয় খন কাব্য সংকলন   ।
     এই কাব্য সংকলন খনত  পঞ্চাশ উৰ্ধৰ  ভিন্ন স্বাদৰ  কবিতাৰে সমৃদ্ধ ।  বাস্তৱ জীৱনৰ লগত সংগতি ৰাখি লিখা কেইবাটাও কবিতাই পাঠকৰ মন জয় কৰিবলৈ  সক্ষম হ'ব । প্ৰেম, বিৰহ, আশা, নিৰাশা, জীৱনবোধৰ  ওপৰত লিখা কবিৰ উচ্চ মানবিশিষ্ট  । 
   কাব্য সংকলনৰ প্ৰথম কবিতাটো পঢ়ি বহুত ভাল লাগিল । সকলোৰে জীৱনত মাক দেউতাকৰ স্থান স্বৰ্গতকৈও  শ্ৰেষ্ঠ। কবিয়ে "আমাৰ দেউতা" (পৃষ্ঠা নং ৯) ৰ নামৰ কবিতাটোৰ মাজেৰে  পিতৃৰ প্ৰতি থকা অপৰিসীম মৰম, স্নেহ ভক্তি, পিতৃত্ব, অভিভাৱক, দায়িত্ব  আৰু কৰ্তব্যৰ বিষয়ে ইমান সহজ সৰল আৰু সুন্দৰ  কাব্যিক ব্যঞ্জনাৰে উপস্থাপন  কৰিছে । সচাঁকৈয়ে, বহুত ভাল লাগিল কবিতাটোৰ মৰ্মাৰ্থ হৃদয়ংগম  কৰি । এজন দায়িত্বশীল পিতৃয়ে সন্তানৰ জীৱন গঢ়িবলৈ যথেষ্ট কষ্ট স্বীকাৰ  কৰিব লগীয়া হয়  সেই কথা কবিয়ে মনৰ অকপটে প্ৰকাশ কৰিছে কাব্যিক অনুভৱৰ মাজেদি । কবিৰ অনুভৱৰ চিত্ৰপটত পৰিস্ফুট হৈ উঠিছে এইদৰে । "জীৱনটো যদি এখন কথাছবি হয় /তুমি শ্ৰেষ্ঠ কথাছবি /য'ৰ পৰা ল'বলগীয়া /বহুত আছিল  । তুমিয়েইতো কৈছিলা/এখন  চিনেমাৰ ভাল আৰু বেয়া দুটা দিশ/আমি সদায় ভালখিনিহে  ল'ব লাগে।" এইদৰেই কবিয়ে কাব্যিক চিত্ৰপটৰ যোগেদি এজন দায়িত্বশীল পিতৃৰ পৰিচয় দাঙি ধৰিছে । 
     কাব্য সংকলন খনৰ কেইবাটাও কবিতাত প্ৰেমৰ সুৰ স্পষ্টভাৱে  অনুৰণন হোৱা পৰিলক্ষিত হৈছে ।" মোৰ প্ৰয়োজনীয়তা  খিনি বিচাৰিছোঁ, (পৃষ্ঠা নং  ১৫) , তোমালৈ অনুৰোধ, (পৃষ্ঠা নং ১৬) "তুমি আহিবা বুলি, (পৃষ্ঠা নং ১৯), আজন্ম  প্ৰেমিক (পৃষ্ঠা নং ২২)। এইকেইটা কবিতাত কোনোটো কবিতাত যৌৱনসূলভ, কোনোটো  কবিতা প্ৰকৃতি প্ৰেমৰ  সৌন্দৰ্য্য পিয়াসী মনৰ পৰিচয় পোৱা যায়। সুকোমল শব্দৰ কাব্যিক ব্যঞ্জনাৰে  কবিয়ে প্ৰতিটো কবিতাই সজাই 
তুলিছে নিপোটল কৰি । কেতিয়াবা প্ৰাপ্তিৰ প্ৰাচুৰ্য্যই মন ভৰি পৰাৰ বিপৰীতে অপ্ৰাপ্তিৰ বেদনাই  মৰ্মাহত কৰা 
গভীৰ বেদনাবোধো কবিৰ অনুভৱত প্ৰকাশ পাইছে । 
   "এজনী নাৰীয়ে কৈছোঁ" নামৰ কবিতা (পৃষ্ঠা নং ৩১),ত কবিয়ে নাৰী জীৱনৰ প্ৰাপ্তি, অপ্ৰাপ্তি, ক্ষোভ, প্ৰতাৰণা আদি প্ৰকাশ কৰিছে বিৰহৰ বেদনাৰে ক্ষোভিত হোৱা অনুভৱৰ যোগেদি । "উৰ্বৰা হৈ মই গৰ্ভধাৰণ কৰো /সন্তান  উৎপাদন কৰো / কাক কিমান লাগে/, মোৰ স্তন যুগল/ বিশ্বৰ বজাৰত বিক্ৰী কৰো /বাণিজ্যিকৰণৰ দৌৰত/দৈহিক  সম্পদৰ সৌন্দৰ্য বিক্ৰী কৰি পৰিয়াল চলাওঁ । 
বাস্তৱৰ জীয়া প্ৰতিচ্ছবি পৰিস্ফুট হোৱা ছবিখনত কবিয়ে ক্ষোভ উজাৰি কৈছে," নাৰী বিদ্যা, নাৰী লক্ষ্মী /নাৰী শক্তি 
নাৰী দয়া, /বেদৰ বাক্য বেদতে থাকক/ অধিকাৰ বোৰ সংবিধানত থাকিলেও হ'ব ।" সংসাৰৰ জ্বলা যান্ত্ৰণাত দগ্ধ নাৰীৰ ক্ষোভৰ অগনি জ্বলি উঠিছে কবিতাটোৰ মাজেদি  ।
      কাব্য সংকলন খনৰ কিছুমান কবিতাত বিৰহৰ বেদনাই কবিক বিষাদগ্ৰস্ত কৰি তোলা ছবিখনো স্পষ্ট  হৈ পৰিছে" আই তোক বহু কথাই বহু কথাই কোৱা নহ'ল " (পৃষ্ঠা নং ৫৬)নামৰ কবিতাটোত এজনী ছোৱালী মাক-দেউতাকৰ অতি আদৰৰ, চেনেহৰ কন্যাৰ বিয়াৰ পাছত  মনৰ মাজত পুঞ্জীভূত হৈ থকা বেদনাবোধৰ ছবিখন  সজাই  তুলিছে কবিতাটোৰ যোগেদি  । কন্যাসকলক মাকে দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰি ভৰ যৌৱনা হোৱাৰ পাছত  লোকৰ ঘৰলৈ উলিয়াই  পঠিয়ায় । পিতৃ মাতৃৰ সপোন নতুন ঘৰত নৱ উদ্যমেৰে  সুখৰ সংসাৰ কৰি দিন কটাব। কিন্তু কবিৰ অনুভৱৰ  হেঁপাহৰ জী-ৰ অন্য এখন চিত্ৰ দেখিবলৈ পোৱা গৈছে । মাক দেউতাকৰ আশাৰ সপোনে ৰাজ হাউলীৰ ৰাজৰাণী  হৈও সুখেৰে দিন কটাব পৰা নাই । নাই মনৰ কিম্বা দেহৰ সুখ । বুকুত বৰশিল যেন বেদনা বান্ধি পাৰ কৰিব লগা হয়, প্ৰতি পল, অণুপল  ।সেই কথা কবিৰ অনুভৱৰ কাপেৰে নিগৰি আহিছে ঝিৰ ঝিৰকৈ । "মই তেজপিয়াৰ আহাৰ হৈ /উজাগৰী ৰাতি উচুপি থাকো /পৈশাচিক  হেঁপাহৰ অট্টহাস্যত /মই কোঙা হৈ পৰোঁ /মেঘৰ ছাঁয়া এটাই মোক/ কংক্ৰিটৰ অৰণ্যত /আৱৰি পেলাইছে অ '। 
   এইদৰেই দেখা যায় যে কবি পূৰবী সেনাপতিৰ কবিতা ভাৱগধূৰ তথা উচ্চমানৰ কবিতাৰ সমাহাৰে পৰিপূৰ্ণ  কাব্য সংকলন খন পাঠকে নিশ্চয় আদৰি  ল'ব । 
     মই ক্ষুদ্ৰ অনুভৱেৰে কাব্য সংকলনখন অলপ পৰ্য্যালোচনাৰ মাজেৰে চোৱাৰ ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ । শেষত  প্ৰিয় কবিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 
দিগ্ দৰ্শন প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ পংকজ দাসে কিতাপখন দি সুবিধা কৰি দিয়াৰ বাবে  পুনৰ ধন্যবাদ জনাই দিগদৰ্শন প্ৰকাশনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ।