Type Here to Get Search Results !

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কবিতা আবৃত্তিৰ প্ৰয়োজনীয়তা

 ৰঞ্জিত চুতীয়া


'আবৃত্তিঃ সৰ্বশাস্ত্ৰানাং বোধাদপি গৰীয়সী' - সকলো শাস্ত্ৰৰে বোধশক্তি যোগোৱাত আবৃত্তিয়েই হ'ল মহান। আবৃত্তি বুলিলেই কবিতাৰ কলাসন্মত পঠনকে বুজা যায়। আ-বৃত্তৰ পৰা আবৃত্তি শব্দ হোৱাৰ বাবে, অৰ্থাৎ বৃত্ত শব্দই পদ্যক বুজোৱাৰ বাবে আবৃত্তি মূলতঃ কবিতাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। অৱশ্যে নাটকৰ সংলাপো আবৃত্তি।
                    ভাষাৰ ধ্বনিবিলাক বিজ্ঞানসন্মত পদ্ধতিৰে শিশুৱে শিকিব বাবে আবৃত্তি এক ফলপ্ৰসু আহিলা। তথাকথিত পদ্ধতিৰে পৰম্পৰাগত ভাবে শিশুসকলক শিকালে সহজে আয়ত্ব কৰিবলৈ টান পায় আৰু আগ্ৰহী নহয়। গতিকে ৰাইমছ বা ওমলাগীতৰ আবৃত্তিৰে শিকালে শিশুৰ কোমল মনত সহজে প্ৰভাৱ পৰে। তদুপৰি ধ্বনি উচ্চাৰণৰ সুদৃঢ় ভেটি নিৰ্মাণ হয়। বিশেষকৈ অসমীয়া মাতৃভাষাৰ উচ্চাৰণ অন্য ভাষাৰ লগত নিমিলে। বৰ্ণবিলাক প্ৰায়ে আখৰ হৈ পৰে। কিছুমান উচ্চাৰণৰ কথা কৈ থাকিলেও শিশুৰে মনত ৰাখিবৰ বাবে জটিল যেন লাগিব, সেয়ে ব্যৱহাৰিক ভাবে শিশু কবিতাৰ আবৃত্তিৰে ক'লে সহজে বোধগম্য হ'ব। ভাষা শুদ্ধকৈ ক'বৰ বাবে, লিখিবৰ বাবে আবৃত্তি এক উত্তম মাধ্যম।
                  ছাত্ৰ-ছাত্ৰীসকলে আবৃত্তিৰ যোগেদি কবিতাৰ ৰসগ্ৰাহী সৰৱ পঠন শিকে যিটো ভাষা শিক্ষণৰ এক অন্যতম কৌশল। বাক্যত থকা দাৰি(।), ক'মা(,),প্ৰশ্নবোধক(?), ভাৱবোধক(!) চিহ্নবোৰৰ লগত পৰিচয় ঘটে, প্ৰয়োগ সম্পৰ্কে জ্ঞান লাভ কৰে আৰু ইয়ে শিশুৰ কল্পনা শক্তি বৃদ্ধি কৰি সৃজনীশীল মনৰ উন্মেষ ঘটাই। কবিতা আবৃত্তি কৰিবলৈ যাওঁতে কবিতাটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ কবিতাৰ পটভূমি, বক্তব্য হৃদয়ংগম কৰিব লাগে আৰু তাৰ ফলস্বৰূপে কল্পনা শক্তিৰ উত্তৰণ ঘটে।   
                  কবিতা শিক্ষণৰ বাবেও আবৃত্তি শ্ৰেণীকোঠাৰ এক কৌশলগত পদ্ধতি। কবিতা বুজিবলৈ হ'লে আবৃত্তি ভংগীত পাঠদানৰ ব্যৱস্হা গ্ৰহণ কৰিব লাগিব। ৰসগ্ৰাহীকৈ পঠন কৰিলেহে কবিতাৰ ভাৱবস্তু ছাত্ৰ-ছাত্ৰীয়ে সহজে আয়ত্ব কৰিব পাৰিব আৰু কবিতাটোৰ সৌন্দৰ্যও হৃদয়ংগম কৰিব পাৰিব। ইয়াৰ ফলত মননশীলতা বৃদ্ধি পাব। ছন্দ চেতনা, ছন্দ স্পন্দ, তাল-লয়ৰ জ্ঞান বৃদ্ধি পোৱাৰ লগে লগে সুক্ষ্ম অনুভুতি প্ৰৱণ মন এটাৰো উদ্ৰেক হ'ব। তাৰোপৰি আবৃত্তিৰ মহত্ব উপলব্ধি কৰি নিজেও অনুভূতিময় শৈল্পিক কবিতা লিখাৰ বাবে অনুপ্ৰাণিত হ'ব।
                    আবৃত্তিয়ে আমাক বহু ধৰণৰ উপকাৰ সাধন কৰে। গতিকে ক'ব পাৰি আবৃত্তি জীৱনৰ বাবে এক অপৰিহাৰ্য কলা। আবৃত্তি শিকিলে ছাত্ৰ-ছাত্ৰীসকলৰ সময় নষ্ট নহয়; বৰঞ্চ ই মুখস্হ কৰাৰ প্ৰৱণতাৰ বাবে স্মৃতি শক্তি উত্তৰণহে ঘটাব। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে কবিতাত ব্যৱহাৰ হোৱা অন্যৰ নতুন শব্দৰ লগত পৰিচয় ঘটি শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিব পাৰিব। আবৃত্তিয়ে স্মৃতি শক্তিৰ বৃদ্ধিৰ লগতে ভাষাজ্ঞান বৃদ্ধিতো সবল ভূমিকা গ্ৰহণ কৰে। বিশেষকৈ দ্বিতীয় ভাষা ৰূপে অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীক মাতৃভাষাৰ প্ৰতি আগ্ৰহশীল কৰি তুলিব পাৰে আবৃত্তিয়ে।
                      আবৃত্তিৰ দৰে সুক্ষ্ম কলাৰ স'তে সংযুক্ত হৈ থাকিলে অশুভ চিন্তা তথা অশুভ কৰ্মৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিজকে আঁতৰাই ৰাখিব পাৰে। আবৃত্তিয়ে কল্পনা শক্তি আৰু সৃজনীশীলতা বৃদ্ধি কৰে। আবৃত্তি শিক্ষণৰ দ্বাৰা জীৱন-জীৱিকা লাভ কৰি নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।। অভিনয় জগততো নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। বৈদ্যুতনিক প্ৰচাৰ মাধ্যম বিলাকত কৰ্মৰত হ'বলৈ সুবিধা লাভ কৰিব। সভাই সমিতিয়ে সুবক্তাৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। এনেবিলাক জীৱনভিত্তিক কলাৰে পূৰ্ণ মানৱৰ ব্যক্তিত্ব গঠন কৰি সু- সাংস্কৃতিক জীৱন যাপন কৰাত আবৃত্তিয়ে অৰিহণা যোগায়। তদুপৰি আবৃত্তিয়ে মানুহৰ মুখস্হ শক্তি বৃদ্ধি কৰি থকাৰ বাবে বয়স বঢ়াৰ লগে লগে স্মৃতি বিলোপৰ দৰে ৰোগ নিয়াময়ত মূখ্য ভূমিকা লয়।
                        আবৃত্তি গণসংযোগৰ এক শক্তিশালী মাধ্যম। গণচেতনা জগাই বৰ্তমান অৱক্ষয় হোৱা সমাজখন সঠিক পথত আগুৱাই নিবলৈ আবৃত্তি এক ফলপ্ৰসু মাধ্যম। লেখক, বুদ্ধিজীৱি, শিল্পীসকলৰ গঠনমূলক লেখনিসমূহ আবৃত্তিৰ মাধ্যমেৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বাতৰি কাকত, আলোচনী, কিতাপে-পত্ৰই লেখা থাকিলেও বহু শিক্ষিতলোকে সময়ৰ অজুহাতত তাক পঢ়ি নাচায়। তদুপৰি নিৰক্ষৰ লোকে লেখনিসমূহ উপলদ্ধি কৰিব নোৱাৰে। গতিকে নিৰ্বাচিত বক্তব্যক আবৃত্তিৰ দ্বাৰা জন সমাজলৈ লৈ গ'লে শুনিব তথা বুজিবলৈ প্ৰয়াস কৰিব।
                          বৰ্তমান অসমতো আবৃত্তিৰ এখন ক্ষেত্ৰ গঢ়ি উঠিছে। ই কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা হৈ থকা নাই। ই আমাৰ বাবে সুখৱৰ। আবৃত্তি এক ব্যাকৰণগত পদ্ধতি আছে, পাঠ্যক্ৰম আছে, ডিগ্ৰী লাভৰ ব্যৱস্হা আছে। আবৃত্তি বিদ্যালয়ৰ মান পত্ৰই এজন ছাত্ৰক প্ৰচাৰ মাধ্যম বিলাকত কৰ্ম সংস্হাপনৰ সুযোগ প্ৰদান কৰিব পাৰে, উচ্চ শিক্ষাৰ নাম ভৰ্তিৰ বাবে ভিত্তি হ'ব পাৰে। আবৃত্তি এক জীৱন শিল্প বুলি ক'ব পাৰি। আবৃত্তি কলাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰি প্ৰকৃত শিক্ষাৰে এই ভোগবাদী জীৱন চেতনাৰ বিপৰীতে সুস্হ মাননশীল চিন্তাৰে ব্যক্তিত্ব বিকাশ আৰু উত্তৰণ ঘটোৱাৰ সময় আহি পৰিছে।

                                               ৰজাধাপ, সোণাৰি
                                              পোঃ আঃ- সোণাৰি
                                               জিলাঃ-চৰাইদেউ
                                   মোবাইল নং-৬০০০৫৭১৪৫২