Type Here to Get Search Results !

সপোনৰ শেষত◆◆◆◆◆(8)

ৰূপম দত্ত

মানে তাই ঢুকোৱা এবছৰতকৈ বেছি হ'ল। তেন্তে মোৰ মোবাইলৰ মেছেজবোৰ, ফোন কলৰ ৰেকৰ্ডবোৰ ? মোৰ হাতৰ আঙুঠি , মোৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ ?
এক উদাস মন লৈ ঘৰ পালোঁহি। বিচনাতে আউজি বহি মবাইলটো উলিয়াই ল'লোঁ। গধূলি হৈ আহিছে। আজি মোৰ ওলাই যাবলৈ ইচ্ছা হোৱা নাই। বাৰে বাৰে ফোনটো চাইছোঁ, কিজানিবা টিনাৰ ফোন আহেই। বহু সময় পাৰ হৈ গ'ল। নাই নাহিল। কিছুমান সময়ত কিছুমান বস্তু মানুহৰ অভ্যাস হৈ পৰে। ৰসহীন মোৰ জীৱনটোত টিনাও এক অভ্যাস হৈ পৰিছিল।
মনোবিজ্ঞানৰ কিতাপ এসময়ত পঢ়িছিলোঁ। সেইবোৰৰ কিছুমান তত্ব মোৰ মনত সোমাই আছিল। কিছুমান কথাই মনত খেলি গ'ল। 
এই যে আমি জীয়াই থাকোঁ, সেই প্ৰক্ৰিয়া বৰ সহজ নহয়। আমি  যি কোনো কাম কৰো আমাৰ মনৰ তাগিদাত। মনে আমাক পৰিচালনা কৰে। আমি ভাবো, চিন্তা কৰো , সুখ পাওঁ, দুখ পাওঁ, খং কৰো, অভিমান কৰো এই সকলোবোৰ মনেই কৰে। আচৰিত ধৰণে, আমি সকলো কৰি যাওঁ, আমাৰ মনৰ মতেই।
 আমাৰ মন তিনি প্ৰকাৰৰ থাকে। চেতন, অৱচেতন আৰু অচেতন। সাধাৰণতে আমি সকলো কাম চেতন মনৰ পৰিচালনাতে কৰি যাওঁ। এইয়া সাধাৰণ ঘটনা। 
কিন্তু, কিছু মুহূৰ্তত আমি কিবা কাম কৰি থাকিলেও নভবাকৈয়ে মনটোৱে বহুত কিবা ভাবি থাকে। যেনে কেতিয়াবা, আমি খুব মন দি কিবা এটা পঢ়ি থাকিলেও সেই পঢ়া আমাৰ মনলৈ সোমাই নাযায় বা কিবা এখন চিনেমা চাই থাকিলেও বহু সময়ত আমি পাহৰি যাওঁ, আগৰ দৃশ্য কি আছিল। সেইয়া হয় আমাৰ অৱচেতন মনটোৱে আন কৰবাত বিচৰণ কৰি থকাৰ বাবে। তাত আমাৰ একো হাত নাথাকে। আমাৰ চকুৰে নেদেখা বহু কিছুমান কথাই এই মনে ভাবে। এইয়াই অৱচেতন মন। এইয়া বৰ আচৰিত। 
কেতিয়াবা , কাহানিও নোযোৱা একোখন ঠাই প্ৰথম বাৰৰ বাবে গ'লেও বৰ চিনাকি যেন ভাৱ আহে। প্ৰথম দেখা কিছুমান মানুহক খুব  চিনাকি যেন লাগে। কিছুমান চিনেমা প্ৰথম বাৰৰ বাবে চালেও কিবা আগতেই চোৱাৰ নিচিনা লাগে। কিছুমান খাদ্য মুখত দিয়াৰ লগে লগেই অতি চিনাকি সোৱাদ যেন লাগে। এইবোৰ হয় আমাৰ অৱচেতন মনৰ বাবে।  বহুত আগতেই আমাৰ অৱচেতন মনে এইবোৰৰ সান্নিধ্য পাই আহিছে।
আমাক একোৱেই গম নিদিয়াকৈ সেই মনে বহু ঠাই ফুৰি আহে, বহুতকে লগ পাই আহে। সেই মনৰ ওপৰত আমাৰ অধিকাৰ নাথাকে। আৰু সেই সকলো, অৱচেতন মনত সোমাই পৰে আমাৰ অলক্ষিতে।
হয়তো টিনাও মোৰ অৱচেতন মনৰ এক চৰিত্ৰ আছিল। বেমাৰত তাইক আপডাল কৰি বাছত লৈ যোৱা, গোটেই ৰাতি তাইৰ ওপৰত চকু ৰখা, এইবোৰে মোৰ অৱচেতন মনটোত টিনাক সোমোৱাই লৈছিল। লগ নাপালেও মোৰ সেই মনটো সদায় টিনাৰ লগতেই আছিল। টিনাৰ সকলো কৰ্ম সেই মনে পঢ়ি পেলাইছিল। তাৰ পৰিণতিত টিনা ঢুকোৱাৰ পাছতো মোৰ ওচৰলৈ আহিছিল। আহিছিল মানে , মোৰ অৱচেতন মনে তাইক টানি আনিছিল। অলৌকিক যেন লাগিলেও এইয়া আমাৰ লগত ঘটিব পাৰে, সেইয়া নিৰ্ভৰ কৰে আমাৰ মনৰ অৱস্থা বা পৰিস্থিৰ ওপৰত।
হয়তো ময়ো কিবা এক কাহিনী লিখিব পাৰিলোঁহেঁতেন বা কিবা লিখাৰ ধাৰণা মোৰ ভিতৰত সোমাই আছে, এইয়া মোৰ অৱচেতন মনে জানিছিল। মোক জাগ্ৰত কৰিবৰ বাবেই সেই অৱচেতন মনে টিনাক মোৰ ওচৰলৈ লৈ আনিছিল। টিনা আছিল এক মাধ্যম, মোক জগাই তুলিবৰ বাবে। তাৰ ফলতেই কোনোদিনে মোৰ চেতন মনত নহা লিখাৰ ভাৱটো, অৱচেতন মনে সোমোৱাই দিছিল। মই লিখিবলৈ লৈছিলোঁ। লিখি লিখি বহু খণ্ড শেষ কৰি দিছিলোঁ। মোৰ অৱচেতন মনত থুপ খাই থকা কাহিনীবোৰ শব্দৰ আকাৰে চেতন মনে উলিয়াই আনিছিল।
মোৰ অৱচেতন মনটো ইমানেই শক্তিশালী আছিল যে টিনাৰ উপস্থিতি একেবাৰে সঁচা কৰি তুলিছিল। তাই ফোন কৰা, মেছেজ দিয়া , মোক গাড়ীত লৈ ঘণ্টাৰ পাছত ঘণ্টা ঘূৰি ফুৰা, মোক আঙুঠি দিয়া এই সকলোবোৰ সঁচা কৰি তুলিছিল।
বহু কিতাপ পঢ়ি পেলালোঁ আকৌ। হয়, এনেকুৱা হ'ব পাৰে। এইবোৰ সকলো সম্ভৱ আমাৰ অৱচেতন মনৰ বাবে। কিবা আচৰিত নহয়নে ?

মোবাইলত লিখাবোৰ পঢ়ি চালোঁ। মই অত' বছৰে গাড়ী চলোৱাৰ ওপৰত লিখা কাহিনীবোৰ ভাল হৈছিল। সেই কাহিনীত লিখা মোৰ  প্ৰেম , মোৰ দুখ , মোৰ হতাশাৰ দুৰ্দিন সকলো স্পষ্ট হৈ পৰিছে। 
গোটেই ৰাতি সেই কাহিনীৰ মাজতেই সোমাই থাকিলোঁ। কিছুমান লাইন কাটি দিলোঁ, কিছুমান নতুনকৈ সংযোজন কৰিলোঁ। এটা বৃহৎ কাহিনী তৈয়াৰ হৈ পৰিল। 
কেতিয়া জানো টোপনিৰ কোলাত ঢলি পৰিলোঁ। টোপনিতো কিতাপৰ সপোনবোৰ ওলাই আহিল।  কলিং বেলৰ শব্দত চকু মেল খালে। বাহিৰলৈ ওলাই আহি দুৱাৰ খুলি দিলোঁ। এজন ডেকা মানুহ ৰৈ আছে......

" নমস্কাৰ, মোৰ নাম মনোজ বৰুৱা। মই কিতাপ পাব্লিছিঙৰ কাম কৰোঁ। জানিব পাৰিলোঁ, আপোনাৰ ওচৰত এটা কাহিনী আছে। বেলেগ কাহানিতকৈ বেলেগ। মোক লাগে সেইটো। মই কিতাপ বনাব বিচাৰিছোঁ।"

ভিতৰলৈ মাতি তেওঁক বহিবলৈ দি পাকঘৰ পালোঁহি। জানিবলৈ বাকী নাথাকিল, মোৰ অৱচেতন মনৰ ৰাণী টিনাই মনোজ বৰুৱাকো এই কাহিনীৰ কথা জনাই দিছিল। কিবা সকলোযেন এক সপোন তেনে লাগিল। চাহ দুকাপ লৈ আহি তেওঁৰ লগত বহিলোঁ। বহু কথা হ'ল আমাৰ মাজত কিতাপ সম্পৰ্কে। 
সোনকালেই কিতাপখন প্ৰকাশ পালে। 
........'সপোনৰ শেষত'........
ভাবিব নোৱাৰা মৰমেৰে পঢ়ুৱৈ সকলে কিতাপখন আদৰি ল'লে। ■■■■■ 
                ★★★★সমাপ্ত।★★★★

( মোৰ দুআষাৰ:- 
সম্পূৰ্ণ কাল্পনিক এই কাহিনী। বহুদিন লিখাৰ পৰা আঁতৰত থকাৰ বাবে এক অনুশীলন কৰি চাইছিলোঁ, মোৰ ভাৱনা অক্ষত আছেনে নাই। মই বেছি ভাষা নাজানো, বহুত শব্দৰে চহকী নহয় মোৰ সাহিত্যৰ ভঁৰাল। 
মনত চলি থকা কল্পনাৰ প্ৰকাশ মোৰ হৃদয়ৰ অনুভৱেৰে কৰিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ মতামত, কমেণ্ট আৰু সুন্দৰ ব্যাখ্যাই মোক সাহসী কৰি তুলিছে। ভয় পাহৰি পেলালোঁ। খুব ইচ্ছা , বহুত লিখিবলৈ, আগুৱাই গৈ থাকিবলৈ।  
আপোনালোকৰ মৰম, আশীৰ্বাদৰ অবিহনে এই সপোন মই কেতিয়াও দিঠক কৰিব নোৱাৰিম। 
আকৌ এবাৰ সকলোকে মোৰ অন্তৰভৰা মৰম, সেৱা যাছিলোঁ।)