ভাৰতী পাতৰ বৰগোহাঁই
ভীমকল এবিধ প্ৰকাণ্ড শাক জাতীয় বহু বৰ্ষজীৱী উদ্ভিদ। এই বিধ গছ অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমৰ চহা গাঁৱলীয়া জীৱন শৈলীত ভীমকলৰ ফল আৰু গছৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ঘৰুৱা কাম আৰু মাংগলীক কামত ভীমকলৰ বহুল ব্যৱহাৰ হৈ আহিছে। অতীত কালত শিশুৰ শিশুক গোটা আহাৰ হিচাবে প্ৰথমে ভীমকল খুওৱা হৈছিল। ইয়াৰ উপৰিও পিঠাগুৰি আৰু ভীমকলেই সেইসময়ত জনপ্ৰিয় শিশু খাদ্য আছিল।
শিশু আৰু বৃদ্ধ লোকৰ বাবে ভীমকল এক সুষম আহাৰ। কিয়নো ভীমকলত প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট, বিভিন্ন ভিটামিন, আইৰণ, কেলচিয়াম, পতাছিয়াম আদি অধিক মাত্ৰাত পোৱা যায়, যিয়ে আমাৰে শৰীৰত যথেষ্ট পৰিমাণে শক্তি আৰু বল প্ৰদান কৰে। সেয়েহে শিশু আৰু ক্ষীণ লোক সকলক নিয়মীয়াকৈ ভীমকল খোৱালে অতি কম দিনৰ ভিতৰতে স্বাস্থ্যবান হৈ পৰা দেখা যায় । তদুপৰি পেটৰ অসুখ হলেও ভীমকল অতি উত্তম আৰু লগতে পেচাবৰ সমস্যা হ'লেও ভীমকল এটা কাটি চকলিয়াই লৈ পানীত এৰাতি তিয়াই থৈ দি তাৰ পিছত চেকনিৰে চেকি পানীখিনি খালে পেচাব খোলোচা হোৱা দেখা যায় আৰু পেটো ঠাণ্ডা কৰে।
ভীমকলত থকা অসীম পুষ্টিকৰ গুণৰ বাবে আজিকালি ভীমকলৰ পৰা বিভিন্ন ধৰণৰ শিশু খাদ্য তৈয়াৰ কৰিবলৈকে আৰম্ভ কৰিছে। কিন্তু এই খাদ্যবোৰ বহু দামী হোৱাৰ বাবে সকলোৱে ক্ৰয় কৰিব নোৱাৰে। সেয়েহে মই অতি কম খৰছতে বনাব পৰা ভীমকলৰ এটা ৰেচেপি আহবঢ়াবলৈ লৈছো, আশা কৰা ৰেচেপিটোৰ পৰা উপকৃত হ'ব। কিয়নো এনেদৰে শিশুক খোৱালে বজাৰৰ পৰা শিশু খাদ্য ক্ৰয় নকৰিলেও হয়।
![🔴](https://fonts.gstatic.com/s/e/notoemoji/14.0/1f534/32.png)
![🔴](https://fonts.gstatic.com/s/e/notoemoji/14.0/1f534/32.png)
উপকৰণ -
লিংকটো ক্লিক কৰি ভিডিঅটো চাব চোন https://youtu.be/wQLQPA_6Xqs
ভিডিঅ'টো চাবলৈ লিংকটো ক্লিক কৰক
https://youtu.be/wQLQPA_6Xqs