Type Here to Get Search Results !

দুঃসময়

 মনস্বিনী শৰ্মা 


হাতৰ বুঢ়া আঙুলিটোৰে ম'বাইলৰ বুটামটোত হেঁচা মাৰি সৰুমায়ে ডাঙৰমাইৰ সৈতে ফ'নত পতা কথোপকথনৰ অন্ত পেলালে।মনটোত কিহবাই হেঁচি ধৰা যেন লাগিছে সৰুমাইৰ।বাৰীৰ পৰা বুটলি অনা শাককেইমুঠি কুটিবলৈ কটাৰীখন হাতত তুলি কেঁচা মজিয়াখনতে লেপেটি খাই বহিল।সৰুমায়ে কথাবোৰ পুনৰ প্ৰথমৰ পৰা পাগুলিবলৈ ধৰিলে। মালতীৰ গিৰিয়েক বদনে চহৰৰ দোকান এখনত চেলচ্‌মেনৰ কাম কৰি সৰুমাই আৰু জীয়েক ববীৰ সৈতে ঘৰখন পোহপাল দিছিল।জোৰাটাপলিৰ মাজেৰে সিঁহতৰ সৰু সংসাৰখন চলি গৈছিল।কিন্তু হঠাতে অহা মহামাৰীৰ ধুমুহাই সকলোৰে লগতে সৰুমাইৰ সংসাৰখনো থান-বান লগালে।লক্‌ডাউনৰ পৰিৱেশৰ বাবে দোকান-পোহাৰ সকলো বন্ধ হৈ পৰাত দোকানৰ লাভাংশ হ্ৰাস হৈ অহাত মালিকে বদনক কামৰ পৰা অব্যাহতি দিলে।বদনৰ উপাৰ্জনৰ পথ বন্ধ হোৱাত সৰুমাইহঁতৰ দুবেলা-দুমুঠি ভালদৰে খাবলৈ নোজোৰা হ'ল।অ'ত-ত'ত ইটো-সিটোকৈ কেতিয়াবা দুই-এখন কাম কৰি বদনে ভাতমুঠিৰ যোগাৰ কৰে।খেতি-বাতিৰ নামত পৈতৃক সম্পত্তি হিচাপে পোৱা মাটি চাৰিডৰাও যোৱা দুইবছৰৰ আগত সৰুমাইৰ দেহৰ অস্ত্ৰোপচাৰৰ বাবে বন্ধকত দিয়া হ'ল।টকাৰ অভাৱত মাটিকেইডৰা বন্ধকৰ পৰা মুকলি কৰিব পৰা নাই। ঘৰৰ পিছফালৰ বাৰীখনত লগা দুই-চাৰিটা পাচলি বিক্ৰী কৰি বদনে কেতিয়াবা মাছ-মাংস অকণৰ যোগাৰ কৰিবলৈ চাই। ভাল সময়ৰ আশাত সৰুমাইয়ে নেদেখাজনক ধিয়াই আগুৱায় গৈছিল। সিদিনাখন সৰুমাইক বায়েক ডাঙৰমাইয়ে  অহা মাহত জীয়েকৰ বিয়ালৈ নিমন্ত্ৰণি দিলে।ডাঙৰমাইৰ জীৱন সৰুমাইতকৈ উন্নত।ডাঙৰমাই এখন মহাবিদ্যালয়ৰ অধ্যাপিকাৰ লগতে ভিনিহিয়েক চহৰখনৰ এজন নামী-দামী ডাক্তৰ।ডাঙৰমাইৰ উকীল জীয়েকৰো বিবাহ বন্দৱস্ত হৈছে  অভিজন্তা এজনৰ সৈতে।ডাঙৰমাইৰ তুলনাত সৰুমাই শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ।কলেজত নামভৰ্তি কৰিয়ে বদনলৈ প্ৰেমৰ সূত্ৰে পলায় আহি শিক্ষা জীৱনো সিমানতে অন্ত পেলালে।যদিওবা ডাঙৰমাইৰ সৰুমাইৰ প্ৰতি অধিক দৰদ নাই তথাপিও সহোদৰ ডাঙৰমাইৰ সুখৰ সংসাৰৰ প্ৰতি সৰুমাইৰ অলপো আক্ষেপ নাই।ভাগিনিয়েকৰ বিয়াৰ নিমন্ত্ৰণি পোৱাৰ পিছৰে পৰা সৰুমাইৰ মনটোত নানান চিন্তাৰে বেৰি ধৰিছে। লক্‌ডাউনৰ পৰিৱেশ আঁতৰ হোৱাত আৰু নীতি-নিয়মবোৰো শিথিল হোৱাত মানুহবোৰে এতিয়া বিয়া-বাৰু,সকাম-নিকাম আদি অনুষ্ঠানসমূহৰ আয়োজন কৰিবলৈ লৈছে।ডাঙৰমাইৰ ঘৰত বিবাহৰ বৃহৎ আয়োজনৰ যো-জা চলিছে।সৰুমাইয়ে বিবাহৰ নিমন্ত্ৰণ ৰক্ষা কৰি যাবলৈ সংকোচবোধ কৰিছে।সম্পৰ্কৰ মিতিৰ-কুটুমবোৰৰ সকলোৰে আৰ্থিক অৱস্থা স্বচ্ছল।সকলোৱে বিয়াৰ বাবে নিজকে সাজোন-কাচোন কৰিবলৈ কাপোৰ-কানি,দামী উপহাৰেৰে ব্যস্ত হৈ পৰিছে।          
 যোৱাকালি ৰাতি বদনৰ ভাতৰ কাঁহীত পোৰা গৰৈ মাছৰ পিটিকাটো দি সৰুমায়ে কয়,"হে'ৰি।পাৰিলে টকাকেইটামান যোগাৰ কৰিবচোন।বাইদেউৱে বিয়াখনলৈ বৰকৈ মাতি আছে।তাতে ভাগিনীজনী...." "কিনো অকল বিয়া বিয়াকৈ কৈ থাকা।আমি নগ'লে বাইদেউহঁতৰ কিবা বিয়াখন নোহোৱাকৈ থাকিবনে?লাগ বুলিলেই ক'ৰ পৰা মই টকা যোগাৰ কৰিম?"-সৰুমাইৰ কথাকেইষাৰ শেষ হ'বলৈ নাপাওঁতেই বদনে অলপ তীক্ষ্ণ স্বৰত কথাকেইষাৰ কৈ আধা ভাত খোৱাকৈ উঠি গ'ল।
ইস্‌!কিহেনো পাইছিল মোক ভাতৰ পাতত এইবোৰ কথা ক'বলৈ।মানুহজন আধাপেটি হয়ে থাকিল এতিয়া। বিয়ালৈ যাবলৈও কেইবাটকাও লাগিব।আড়ম্বৰৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিয়াখনলৈ পিন্ধি যাবলৈও ভাল কাপোৰ এযোৰ নাই।নিজৰ বাবে নহ'লেও ববীকে ভাল চাই কাপোৰ এযোৰ দিব লাগিব।তাৰোপৰি ভাল চাই দামী উপহাৰ এটা নিদিলে নিজকে বহুত সৰু যেন অনুভৱ হ'ব।বিয়াঘৰলৈ অহা-যোৱা কৰিবলৈও টকাকেইটামান লাগিব।ওচৰৰ বাট নহয়।সৰুমায়ে মনতে মিলাই থকা হিচাপৰ অংককেইটাচোন কোনোফালেই নিমিলে।মনৰ ভিতৰত গঢ়ি উঠা বাজেটখনত ঘাটিয়ে বৰ বেয়াকৈ ঠাট্ৰা কৰিলে তাইক।
"ঐ অথনিৰে পৰা কিখননো ভাবি আছ'?সোনকালে ভাত বনাবি।মই সাউৎকৈ নন্দকাইৰ ঘৰৰ পৰা আহোগৈ।ককাইৰ ঘৰৰ পাণকেইগুচি পাৰিব লাগে।সেয়ে গছত উঠিব পৰা মানুহ লাগে হেনো।আৰু তই ছাগৈ মই যোৱাকালি কোৱা কথাবোৰকে ভাবি আছ'?"-বদনে সৰুমাইৰ দুচকুলৈ চাই সুধিলে। "ন...নহয়।"-বদনে সৰুমাইৰ মনৰ ভাৱ ধৰিব পাৰি সুধা কথাত সৰুমাইয়ে অলপ সংকোচ কৰিলে।  
"হ'ব অ।মোৰ পৰা কি লুকুৱাবি তই।তোৰ দুচকু দেখিয়ে মই তোৰ পেটৰ কথা বুজি পাঁও।তইও বুজিছ' ছাগৈ বিয়াখনলৈ যাবলৈ কেইবাহাজাৰও টকা লাগিব।মই চেষ্টা এটা কৰি চাম ক'ৰবাৰ পৰা টকা যোগাৰ কৰিব পাৰোনি?মই নগ'লেও তোক আৰু ববীকে বিয়াখনলৈ যাব পৰাকৈ টকাকেইটামান যোগাৰ কৰি দিম"।-এইবুলি বদনে ককালত গামোচাখন মাৰি নঙলাডাল খুলি নন্দ কাইৰ ঘৰৰ পাণ পাৰিবলৈ ওলাই গ'ল।বদন যোৱাৰ ফালে চাই সৰুমায়ে ভাবিলে মানুহজনৰ গছত উঠিব পৰা বিদ্যাটোৱে দুই-এপইচা অৰ্জনত সহায়ও কৰিছে।আজি-কালি গছত উঠিব পৰা মানুহ বিচাৰি পোৱাটোৱে টান। সৰুমায়ে দুই-এখন কাম-বন কৰি অটাই দমকলৰ পাৰতে বাচন-বৰ্তন এসোপা ওলিয়াই ধুবলৈ ল'লে।এনেতে সৰুমাইৰ নঙলামূখত চুবুৰীৰে ধনে চিঞৰি চিঞৰি ক'লেহি "অ নবৌ।ক'ত আছে? বেগেতে আহক।বদনকাই পাণ পাৰোতে তামোলগছৰ পৰা খহি পৰিল।কঁকাল ভাঙিছে যেন পাঁও।" - ধনৰ বিকট চিঞৰত সৰুমায়ে দমকলৰ পাৰতে বাচন আধা ধুৱাতে এৰি বুকুৰ ধপ্‌ধপ্‌নিৰ সৈতে ধপ্‌লিয়াই নঙলামুখ পালেহি।
                   
                           স্নাতক পঞ্চম ষাণ্মাসিক
                          (অৰ্থনীতি বিভাগ)
                     শিৱসাগৰ ছোৱালী কলেজ,শিৱসাগৰ