Type Here to Get Search Results !

আহোম যুগৰ মুদ্ৰাৰ কিছু কথা

    অনামিকা বুঢ়াগোহাঁই


      আহোম স্বৰ্গদেউ চুতামলা বা জয়ধ্বজ সিংহই খ্ৰীঃ ১৬৪৮ত পোন প্ৰথমে 'স্বৰ্গনাৰায়ণ'নামেৰে অসমত আহোম যুগৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। আহোম স্বৰ্গদেউ সকলৰ মুদ্ৰাৰ প্ৰধান বিশেষত্ব এইটোৱেই যে প্ৰায় সকলোবোৰ মুদ্ৰাই ঘূৰণীয়া নহৈ আঠচুকীয়া।। যুদ্ধত মুছলমানসকলৰ বিৰুদ্ধে অৰ্জন কৰা সাফল্যই তেওঁলোকক হুছেইনী বংশৰ মুছলমান ৰজাসকলৰ মুদ্ৰাৰ অনুকৰণ কৰাৰ প্ৰেৰণা যোগাইছিল।বংগদেশৰ মোগল আৰু তিব্বতৰ লগত বৰ্ধিত বাণিজ্যিক গতিবিধিয়েও আহোম ৰজাসকলক নিজৰ মুদ্ৰা জাৰি কৰিবৰ বাবে প্ৰেৰণা যোগায়।এক শ্ৰেণীৰ মুদ্ৰা অধ্যয়নকাৰীৰ মতে আহোম মুদ্ৰাৰ ওপৰত লেখাৰ ধৰণ ১৫ শতিকাত বংগদেশত ৰাজত্ব কৰা হিন্দু ৰজা দনুজমাৰ্দন আৰু মহেন্দ্ৰ দেৱৰ মুদ্ৰাৰ পৰা পোনে পোনে অনা ।মুদ্ৰা প্ৰচলনৰ প্ৰথমছোৱাত লেখা আৰু সাধাৰণ সজ্জাৰ ওপৰত খোচবিহাৰৰ মুদ্ৰাৰ প্ৰভাৱো লক্ষ্য কৰা হৈছে।সি যি কি নহওঁক, আহোম ৰজাসকলৰ মুদ্ৰাৰ আঠচুকীয়া আকাৰ তেওঁ লোকৰ একেবাৰে মৌলিক।আহোম ৰজাসকলে আঠচুকীয়া মুদ্ৰাৰ প্ৰচলন কিয় কৰিছিল তাৰো দুটা কাৰন আছিল।প্ৰথমটোত'যোগিনীতন্ত্ৰ'ৰ এটা শ্লোকৰ উদাহৰণ দি কোৱা হয় যে অসমৰ দেশৰ আকৃতি আঠচুকীয়া হোৱাৰ বাবে মুদ্ৰাও আঠচুকীয়া কৰা হল।দ্বিতীয় মতে, আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই(১৬০৩-১৬৪১)আঠখন ৰাজ্য জয় কৰিছিল, গতিকে বিজয় উৎসৱ উপলক্ষে তেওঁ আঠচুকীয়া মুদ্ৰা জাৰি কৰিছিল আৰু পিছলৈ অন্য স্বৰ্গদেউ সকলেও মুদ্ৰাৰ বাবে আঠচুকীয়া আকৃতিকে গ্ৰহণ কৰে।কিন্তু প্ৰতাপ সিংহৰ কোনো মুদ্ৰা আজিলৈকে উদ্ধাৰ হোৱা নাই।

           সাধাৰণতে আহোম স্বৰ্গদেউ সকলৰ মুদ্ৰাসমূহ আঠচুকীয়া আছিল যদিও কিছুমান অন্য আকাৰৰ মুদ্ৰাও পোৱা গৈছে।পোন প্ৰথমে ৰাণী প্ৰমথেশ্বৰীয়ে চাৰিচুকীয়া মুদ্ৰা জাৰি কৰে। ইয়াৰ পিচত ক্ৰমে ৰাজেশ্বৰ সিংহ, গৌৰীনাথ সিংহ, লক্ষ্মী সিংহ, ব্ৰজনাথ সিংহ আৰু চন্দ্ৰকান্ত সিংহই অন্য আকাৰৰ মুদ্ৰা জাৰি কৰিছিল।অৱশ্যে এই ৰজাসকলে ভিন্ন আকাৰৰ মুদ্ৰাৰ বাহিৰেও পাৰম্পৰিক আঠচুকীয়া মুদ্ৰাও জাৰি কৰিছিল।এনে মুদ্ৰা বিলাকৰ ন্যূনতম সংখ্যাৰ পৰা বুজিব পাৰি যে এই অন্য আকাৰৰ মুদ্ৰা আৰু বিশেষকৈ চাৰিচুকীয়া মুদ্ৰা কোনো বিশেষ কাৰণত অথবা উপলক্ষত জাৰি কৰা হৈছিল।
       মুদ্ৰা সমূহত আহোম‌ ৰাজসভাত হিন্দু ধৰ্মৰ প্ৰভাৱ স্পষ্ট পৰিলক্ষিত হয়।স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনৰে পৰা হিন্দু ধৰ্মৰ প্ৰভাৱৰ বাবে মূদ্ৰাসমূহত সংস্কৃত ভাষা আৰু অসমীয়া লিপি ব্যৱহাৰ কৰা হৈছিল।আহোম মুদ্ৰা সমূহত প্ৰধানকৈ আহোম দেৱনাগৰী আৰু অসমীয়া লিপিৰ ব্যৱহাৰ কৰা হৈছিল।প্ৰথমছোৱাত আহোম ভাষাত আহোম লিপি আৰু সংস্কৃত ভাষাত অসমীয়া লিপি, মাজৰছোৱাত সংস্কৃত ভাষাত দেৱনাগৰী লিপি আৰু শেষৰছোৱাত অসমীয়া ভাষাত মোহৰ মৰোৱা হৈছিল।স্বৰ্গদেউ শিৱসিংহৰ ৰাণী(বৰ ৰজা)ফুলেশ্বৰী দেৱীয়ে কিছুমান মুদ্ৰাত পাৰ্চি লিপি ব্যৱহাৰ কৰিছিল বুলি উল্লেখ আছে।ৰাজেশ্বৰ সিংহৰ দিনতো পাৰ্চি লিপিৰ মুদ্ৰা পোৱা গৈছিল।ব্ৰজনাথ সিংহৰ কিছুমান মুদ্ৰাৰ সন্মুখ ভাগত সংস্কৃত আৰু পিঠি ভাগত পাৰ্চি ভাষাৰ লেখা পোৱা গৈছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহই তিব্বতৰ লগত হোৱা বাণিজ্যত ব্যৱহাৰৰ বাবে চীনা ভাষা আৰু লিপিৰ মুদ্ৰাও জাৰি কৰিছিল।
           ভাৰতীয় মানৰ লগত সংগতি ৰাখি আহোম মুদ্ৰাসমূহ সাধাৰণতে এক তোলা বা ৯৬ ৰতি(১৭৬ গ্রেইন)ওজনত জাৰি কৰিছিল।স্বৰ্গদেউ ৰুদ্ৰ সিংহই আধা আৰু এক চতুৰ্থাংশ টকা মূল্যৰো মুদ্ৰা জাৰি কৰিছিল।স্বৰ্গদেউ শিৱ সিংহই ১২ আৰু ৬ ৰতি ওজনৰ মুদ্ৰাও জাৰি কৰিছিল।স্বৰ্গদেউ গৌৰীনাথ সিংহই ৩ ৰতি(এটকাৰ ৩২তম অংশ)ওজনৰ মুদ্ৰাও জাৰি কৰিছিল।আহোম স্বৰ্গদেউ সকলে সোন আৰু ৰূপ দুয়ো ধাতুৰ মুদ্ৰা জাৰি কৰিছিল।সোনৰ মুদ্ৰা সমূহ দৈনন্দিন ব্যৱহাৰৰ বাবে নাছিল।দুয়ো ধাতুৰ মুদ্ৰাৰ নিৰ্মাণৰ বাবে একেটা সাজ(die) ব্যৱহাৰ কৰা হৈছিল।মাত্ৰ স্বৰ্গদেউ ব্ৰজনাথ সিংহই তামৰ কিছু মুদ্ৰা (পানা) জাৰি কৰিছিল।আহোম স্বৰ্গদেউ সকলে সাধাৰণতে মুদ্ৰাৰ সমুখফালত ৰজাৰ নাম আৰু মুদ্ৰা জাৰি কৰা বছৰ আৰু পিঠি ফালত উপাস্য দেৱী-দেৱতাসকলৰ স্তুতি অংকন কৰিছিল।উপাস্য দেৱী-দেৱতা সকলৰ ভিতৰত আছিল আহোমৰ-তা-ৰা, হিন্দুৰ কৃষ্ণ, শিৱ,ৰাম,হৰি আৰু হৰ-গৌৰী আদি।হৰ আৰু গৌৰীয়েই মুখ্য স্থান দখল কৰিছিল।
          আহোমৰ যুগত প্ৰচলিত মুদ্ৰাসমূহৰ মূল্যভিত্তিক নাম আছিল এনেধৰণৰ-মোহৰ(টকা বিশেষকৈ সোনৰ), অকা চিকা বা ৰূপ, আধলি (টকাৰ আধা ভাগ), চিকি বা মহা (এক চতুৰ্থাংশ টকা) আদ মহা(এটকাৰ আঠভাগৰ এভাগ) ছৰতীয়া (এটকাৰ ষোল্লতম অংশ) তিনিৰতীয়া (এটকাৰ  ৩২ তম ভাগ ) আৰু কড়া বা কড়ি আদি ।অত্যন্ত ক্ষুদ্র লেনদেনৰ বাবে কড়িৰ ব্যৱহাৰ কৰা হৈছিল।
        আহোম ৰাজত্বৰ আগছোৱৰ মুদ্ৰাসমূহত আহোম আৰু অসমীয়া লিপিত সংস্কৃত ভাষাৰ লেখা পোৱা যায়।খ্ৰীঃ ১৬৬৩ৰ পৰা খ্ৰীঃ ১৬৯৬ লৈকে আহোম স্বৰ্গদেউ সকলে  জাৰি কৰা প্ৰায় সকলোবিলাক মুদ্ৰাতে আহোম ভাষাৰ লেখা আৰু আহোমৰ উপাস্য দেৱী দেৱতাৰ স্তুতি পোৱা যায়। ৰুদ্ৰ সিংহই(১৬৯৬-১৭১৪) মুদ্ৰাসমূহত পুনৰ সংস্কৃতৰ লেখা আৰম্ভ কৰে, এই পৰম্পৰা ৰাজত্বৰ শেষলৈকে চলে।
          আহোম স্বৰ্গদেউ সকলৰ সমসাময়িক ভাৰতৰ ৰজা-সম্ৰাট সকলৰ মুদ্ৰাসমূহৰ তুলনাত আহোম মুদ্ৰাসমূহৰ নিৰ্মাণ প্ৰক্ৰিয়া, লেখা,আখৰ কটা ধৰন আদি অত্যন্ত উন্নত মানৰ আছিল।আহোম ৰজাসকলৰ মোহৰ মাৰোতে টকশালত অত্যন্ত সাৱধানতা অৱলম্বন কৰা হৈছিল যাতে সাজৰ সম্পূৰ্ণ আৰু স্পষ্ট সাচঁ মোহৰৰ ওপৰত পৰে।   
                 (আলম লৈ)