Type Here to Get Search Results !

আহোম সকলৰ বিবাহ পদ্ধতি চকলং (দ্বিতীয় খণ্ড )

দীপজ্যোতিবৰ গোহাঞি (মাদুৰি ) 


কৈ আহিছো যে ৰাজকোঁৱৰ পৰিয়ালে কন্যাৰ ঘৰৰ পৰা কন্যা আনিবলৈ নাযায় নিজে আহে মাত্ৰ দৰাৰ সমন্ধীয় কোনো কোনো যায় ৷ বিয়াৰ তিনি দিনৰ দিনা কন্যা ঘৰৰ মানুহ দৰাৰ ঘৰলৈ আহে আকৌ পাঁচ দিনৰ দিনা দৰা কন্যা সমন্ধত সৰু সকলক লৈ কন্যাৰ মাকৰ ঘৰলৈ যায় সেয়ে ঘৰউঠা পৰম্পৰা ৷আকৌ ন দিনত বা এঘাৰ দিনত পুনৰ কন্যাঘৰৰ আৰু দৰা ঘৰৰ মানুহ অহা যোৱা কৰে তাকে দোনাবলৈ যোৱা বুলি কোৱা হয় ৷আহোম পদ্ধতি মতে আগতিয়াকৈ দৰাই জোৰণ পিন্ধোৱাটো এক সামাজিক ৰীতি আছিল এতিয়াও আছে ৷অতীজতে দৰা ঘৰৰ পৰা কন্যা ঘৰলৈ কন্যাক পিন্ধাবৰ বাবে সাজদিয়েক কাপোৰ আৰু সাধ্য অনুসৰি কিছু অলংকাৰ তলত উল্লেখ কৰা টেকেলিৰ সৈতে পঠোৱা হয় ৷দৰাৰ মাক বা অন্য সমন্ধীয় মাইকী মানুহৰ লগত আন মানুহো কন্যাৰ ঘৰলৈ যায় ৷সেই টেকেলি মৰলৰ মাজত ৰাখি এগজ ঘিউ চাকি জ্বলাই ঈশ্বৰক আৰধাৰনা কৰা হয় আহোম মন্ত্ৰ মতে ""অ ফ্ৰা ;ম’ ফুক   চকলং চিচি ম হেউতিম (হে পৰমেশ্বৰ অহা কালিৰ বিবাহ মঙ্গল কৰক )বুলি তিল ;ফুল ;চাউল ;মৰলৰ মাজত থকা চাকি লৈ দিব আৰু লগে লগে সেৱা কৰিব ৷দৰা ঘৰৰ মানুহ  কন্যাঘৰ পালেগৈ কন্যাক সমাজ পাতি বহুৱাই জোৰণত দিয়া কাপোৰ অলংকাৰ পিন্ধাব আয়তীয়ে জাত জাত উৰুলি আৰু বিয়া নাম গায় ৷কন্যাৰ আগত বাওঁহাতে কন্যাঘৰলৈ নিয়া টেকেলি আৰু সোঁহাতে দৰাৰ টেকেলি ৰখা হৈছিল ৷কন্যাই দৰিৰ টেকেলিৰ পৰা মাহ হালধি উলিয়াই পুনৰ ভৰাই থৈছিল ৷জা জলপান খোৱাৰ পাছত দৰাৰ টেকেলি দৰাৰ ঘৰলৈ উলটাই আনিছিল ৷সেই টেকেলিৰে পানীটোলা আৰু মাহ হালধিৰে নোওৱা ধুওৱা কাম কৰা হৈছিল দৰাক ৷টেকেলি দিয়া নিয়ম ===এটা মাটিৰ টেকেলিৰ ডিঙিত এখন ফুলাম গামোছা মেৰিয়াই দৰালৈ সজোৱা টেকেলিত এধাৰ মণি কন্যাটোৰ আৱশ্যক নাছিল ৷দুয়োটা টেকেলিত সৰু বাতি দুটাত মাহ হালধি পঁতাত পিছি লোৱা হৈছিল বিয়া ৯ দিনীয়া হলে ৯আঙ্গুল ৭ দিনীয়া ৭আঙ্গুল আৰু তিনি দিনীয়া হলে তিনি আঙ্গুল হালধি লৈ মাটি মাহ দুতোলা আঢ়ৈ চাউলৰ গুড়ি দুতোলা আৰু মিঠা তেল দি মিশ্ৰণ কৰি দৰাৰ গাত ঘহি দি নোওৱা হয় ৷বিয়াৰ দুই এদিনৰ আগতে দৰা কন্যাৰ ঘৰত ন পুৰুষৰ উদ্দেশ্যৰে এটি জ্ঞাতি ভোজৰ আয়োজন কৰা হয় তাকে নপুৰুষৰ ভোজ বোলা হয় ৷আৰু দেওবান অৰ্থাৎ আহোমৰ ইষ্ট গুৰু লাংকুৰি ;জানছাইহুং ;লাৰেং ;লেংডন ;আৰু জাছিংফা এই সকললৈ তামোল পাণৰ শৰাই দি আৰধনা কৰা হয় ৷দব্য দৰা ঘৰৰ পৰা কন্যা ঘৰলৈ ৭টা কলপটুৱাৰ পেৰাত আগগুৰি কটা তামোল ভৰাই পঠোৱা হয় ৷সেই দব্য কন্যাৰ ঘৰত দেওবান কৰিব লাগে ৷তাৰোপৰি কণী ১২ টা চাউল ৰহি সাঁজ (লুকলাউ )ছিংকৰা ফুলৰ জুকিওৱা তামোল ১২ খনৰে দেউধাই পুৰোহিতে মন্ত্ৰৰে উপাসনা কৰাৰ পাছতে একে শাৰীতে ঘৰৰ মৃতকৰ বাবে এখন শৰাই দিয়া হয় ৷লগতে উপস্থিত ভকত আৰু আই সকলকোএখন শৰাই দিয়া হয় =========আগলৈ সংগৃহীত (টাই সংস্কৃতিৰ ৰূপ ৰেখা ডঃ লীলা গগৈ )