Type Here to Get Search Results !

আঘোণৰ দুটি স্তৱক

গীতাঞ্জলি দেৱী


(১)
বকুলফুলীয়া হাঁহি  পিন্ধাই সুখলতাই নিচিগা কথা এটি কৈ গ'ল বাটে-বাটে 

ঢৌ তুলি নাচি-বাগি উৰি যোৱা শালিকী জাকেও জানিছিল ৰহ ঢলা পথাৰত খবৰ এনেকৈয়ে বাগৰে 

আঁচলে গা নঢকা গাভৰুৰ ওঁঠতো বাগৰে ফুৰ-ফুৰীয়া ৰৱাবী গোন্ধৰ কথাবোৰ 
যি কথা  গা-ভাৰী পথাৰখনে  নিতালমাৰি শুনে ।

(২)
উদং ভঁড়ালৰ কৰধ্বনি শুনি আয়ে জানিলে ৰামধেনুৰ বাটেৰে কোন আহে 

এনাও পোহৰেৰে চোতাল জিলিকে 
জুনুককৈ সৰে পিতাইৰ ঘাম 
দুচকু ভৰি পৰে অলেখ সোণালী প্ৰতিশ্ৰুতিৰে 

বুকুৰ কামিহাড়ত গুজি লোৱা পুৰঠ বাঁহীটো এতিয়া চেগ চাই ৰি-ৰিয়াই বাজে ।