সবিতা বৰুৱা ফুকন
ওপচি পৰিল ধান....
বিষাদৰ বেহেলা সামৰি
হৃদয়ত নাচি উঠিল
বালি মিহি জাক।
ওঁঠত তামোলৰ পিক-সানি,
হাতত কাঁচি লৈ
ওলাল সেউতী মালতী
পকা ধানৰ জিৰি জিৰি
বতাহৰ শব্দত
ক'ৰবাৰ পৰা বৈ আহে
ৰাবাব, জলফাই আৰু
সুমথিৰাৰ গোন্ধ...!
পিয়াহত খলকনি উঠে
সেউতী মালতীৰ ডিঙি..
গৰখীয়াৰ নৰা পেঁপাৰ মাতত
দাৱনিৰ মন নাচে
ৰান্ধনি বেলিৰ পোহৰত
ঘৰলৈ ওভতে দাৱনিৰ শৈশৱ
প্ৰভাতী কিৰণত
লেচেৰি বোটলা হেপাঁহত..!
আঘোনৰ পথাৰত কেৱল
কাঁচি, কাঁচি, মুঠি, মুঠি
দাঙৰী ,দাঙৰী ..
জাকি মাৰি উৰি যায়
জাকে জাকে বালি-মাহী
আৰু টুনী ,
পথাৰত চম্পাৱতীৰ গীত শুনি
...... ........
কুঁৱলীৰ বুকুচাত নামি আহে
কুহুমীয়া ৰ'দালি
শুকান নৰাত
জিক-মিকাই উঠে ,
এসাগৰ মুকুতা মণি ।
চহাৰ প্রাণত স্পন্দন তুলি
ভঁৰালৰ মূধচত উৰে
বিজয়ৰ সেউজীয়া
পতাকা খনি ।