Type Here to Get Search Results !

টকাৰ ফুল

 বিকিৰাজ বৰুৱা


কাৰেণ্টটো যোৱাত বিচনীখন লৈ আজি সোতৰ দিনে নৰিয়া পাটীত পৰি থকা স্বামী অতুলৰ কাষতে ময়ুৰী বহি পৰিল। অতুলে তাইলৈ কেৰাহীকৈ চাই চকুহাল জপাই দিলে। ময়ুৰীয়ে ভাবিবলৈ ধৰিলে, যিটো মানুহে আনৰ অহিত চিন্তা নকৰে, আনৰ বিপদ কালত সাধ্যানুসৰি এষাৰ মাত দিবলৈ চেষ্টা কৰে  সেই মানুহজন অসুস্থ বুলি জানিও কিছুমান আত্মীয়ৰ এটা খবৰ লবলৈও আহৰি নাই। অথচ কাষৰে অসুখীয়া গোলাপ ককাইদেউৰ খবৰ লোৱা মানুহৰ কিন্তু অভাৱ নাই। ৰাতি দুপৰলৈ মানুহৰ কোলাহল তাই শুনে। তাৰমানে ময়ুৰীৰ মানুহটোক কিছুমানে বেয়া পাইনেকি বাৰু....!
                        ময়ুৰীৰ ভাৱৰ যতি পেলাই থোকাথুকিকৈ অতুলে ক'লে ; ময়ুৰী, গোলাপ ককাইৰ ঘৰত কেইবাজোপাও টকাৰ গছ আছে। বৰ্তমান শৰতৰ পৰশত গছবোৰত ঢেৰ ফুল ফুলিছে। তাৰ সুবাস চৌপাশে বিয়পি পৰিছে। তুমি জ্ঞাত নহয়নেকি ফুল ফুলিলে যে ভোমোৰা পৰে। সেইবোৰ সৰি অন্ত পৰিলেহে ভোমোৰা আঁতৰিব। তুমি অনৰ্থক কথাবোৰ চিন্তা কৰি নাথাকিবা। ময়ুৰীয়ে অবাকহৈ অতুললৈ চাই ৰ'ল। সি ক'লে, মই সকলো মানুহকে অন্তৰৰ পৰা চিনো অ', তোমাক চিনি পাবলৈটো একেবাৰে সহজ।