Type Here to Get Search Results !

সম্পাদকীয়

 প্ৰতি পুৱাৰ অনুশীলন


মানৱ জীৱনত দৈনন্দিন পুৱাৰ সময় খিনি অতি গুৰুত্বপূৰ্ণ। এই সময় খনিত আমি কিছু মনৰ অনুশীলন কৰি যোগাত্মক ভাৱে নিজক দিনটো যি কোনো কামত বৰ্তী হৈ সফল হ'ব পাৰোহক। আহকচোন তাৰে বিষয়ে কিছু আলোচনা কৰো।
 তলত উল্লেখ কৰা কথা খিনি মোৰ নিজা ব্যৱহাৰিক জীৱনৰ পুৱাৰ ভাগত পঢ়ো লগতে কথাখিনি ভাৱাৰ্থ হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰো অন্তৰে-
১) আজি পৰমেশ্বৰৰ ওচৰত কৃতজ্ঞ যে - এটা নতুন দিনৰ উদযাপন আৰু জীয়াই থাকিবলৈ সুযোগ দিলে।
২) প্ৰকৃতিৰ ওচৰতো কৃতজ্ঞ যে-মোৰ জীৱনটো সদায় সহজ সৰল কৰি তুলিবলৈ প্ৰকৃতিয়ে মোক সকলো উপাদান দিয়ে।
৩)  জীৱনৰ সৈতে যুক্ত হৈ থকা প্ৰতি বন্ধু-বান্ধৱী প্ৰতিও কৃতজ্ঞ যে সুখে-দুখে, মত-অমতৰ মাজতো আমাৰ মাজৰ সম্পৰ্ক সদায় অটুট আছে।
৪) আজি দিনটোত মই সকলো প্ৰকাৰে সুখী হবলৈ যত্ন কৰিম।হাতত নোপোৱা খিনিৰ বাবে চেষ্টা আৰু থকা খিনিৰ উচিত মূল্যায়ন কৰিম।
৫) আজি মোৰ মনত কাৰো প্ৰতি বিদ্বেষ ভাৱ পোষণ নকৰো। সকলোকে মই অন্তৰে ক্ষমা আৰু আকোৱালি লৈছো।
৬) আজি দিনটোৰ ৰুটিনৰ কামবোৰ কৰিব পাৰিলে নিজৰ আৰু আনৰ তথা সমাজৰ কল্যাণ হ'ব। সেয়ে তাক কৰিবলৈ এলাহ, সময় অপচয় আৰু কুচিন্তাক মনত ঠাই নিদি এশ শতাংশ মনোযোগেৰে কৰিম।
৭) আজি পৰিয়ালটোৰ বাবে সকলো খিনি কৰণীয় কৰিম।
৮)আজি নতুন আৰু মুকলি চিন্তাৰ বাবে মন মুকলি ৰাখিম। নতুন কিবা এটা শিকিম আৰু নতুন পাৰিলে কিবা এটা কৰিম।
৯) পৰাপক্ষত সকলোকে সন্মান কৰিম আৰু নোৱাৰিলেও কাকো অসন্মান নকৰো।
১০) আজি সমলয় আলোচনী আৰু youtube চেনেলটোৰ বাবে যি কৰিম তাক অন্তৰে কৰিম মাথো বাহ্যিকতা দেখুওৱাবলৈ নকৰো।
১১)মোৰ mentor সকলৰ সতে দিনটো এবাৰ হলেও সংযোগ স্থাপন কৰি mentor spiritual power টো অনুভৱ কৰিবলৈ চেষ্টা কৰিম।
১২) আজি অলপ হলেও পঢ়িম আৰু লিখিম নিজৰ অনুভৱক।
১৩) আজি নিজৰ স্বাস্থ্য সুষ্ঠ ৰাখিবলৈ ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম কৰিম।
   এয়া মই কৰা অনুশীলন মাথো। সকলো নিজা জীৱনৰ বাবে ভিন্ন ভিন্ন অনুশীলন হব পাৰে। সেয়ে নিজা ববীয়াকৈ প্ৰয়োজনীয় বিষয়-বস্তুৰে অনুশীলন কৰিলে আশাকৰো উপকৃত হ'ব।

সম্পাদক- সমলয়

১/১১২০২১