ৰেণু গোৱালা
" শিল্পানি ছন্দোময়ং বা ঐতেৰ্মজমান
আত্মানং সংস্কুৰতে "
.
অৰ্থাৎ শিল্প সমূহেই হৈছে আত্মাৰ সংস্কৃতি । এনে সাংস্কৃতিক সম্পদেৰে যজমানে জীৱন ছন্দোময় কৰি তোলে । আত্মাৰ সংস্কৃতি য়েই হ'ল আধুনিক অৰ্থৰ সংস্কৃতি । সত্য সুন্দৰৰ আৰাধনা ।
যথাৰ্থতে দেৱসম কৃতিয়েই সংস্কৃতি ।সকলোৱে জ্ঞাত যে পশুত্বৰ পৰা মানুহে মনুষ্যত্বলৈ উধায় আৰু মনুষ্যত্বৰ পৰা দেৱতা লৈ উৰ্দ্ধগামী হয় । এইয়া হৈছে ধৰ্মৰ প্ৰকৃত তাৎপৰ্য । যি ধ্যান ধাৰণাৰ দ্বাৰা মানুহে মনৰ উৎকৰ্ষ সাধন কৰে আৰু পাৰ্থিৱ বা জৈবিক বাসনা সমূহ সংযত কৰে সিয়ে ধৰ্ম । সদায় ধৰ্মক ভেটি কৰি সংস্কৃতিৰ বিকাশ বহুমুখী হৈ উঠে ।
সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি সমূহ ধৰ্মক ভেটি কৰিয়ে বিকাশ হৈছে । চাহ জনগোষ্ঠীৰো সংস্কৃতিৰ গুৰিতে আছে বিভিন্ন পূজা পাৰ্বন আৰু ঋতু কালিন উৎসৱ সমূহ । সঁহৰাই বা গৰয়া পৰৱ হৈছে চাহজনগোষ্ঠীৰ এক আনন্দ পূৰ্ণ উৎসৱ । পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত এওঁ লোকে সঁহৰাই পৰৱ বৰ আড়াম্বৰে উদযাপন কৰে । দুৰ্গা পূজাৰ পাছৰ অমাৱস্যা নিশাত এই পৰৱ পালন কৰা হয় । কৃষি ভিত্তিক উৎসৱ সঁহৰাই পৰৱত গো -পোজন , কৃষি -সজুলিৰ আৱাহন আৰু গো-ৰখীয়াৰ আদৰ হৈছে এই পূজাৰ প্ৰধন বৈশিষ্ট্য । পৰৱৰ দিনা সকলোৰে নঙলা মুখত কল গছ ৰুই বাহঁৰ সৰু সৰু খুটি লগাই তাত বন্তি প্ৰজ্বলন কৰে । চাহ জনগোষ্ঠীয় বহু লোকে সেই দিনা অমাৱস্যা ৰাতি কালি পূজা কৰে । গধূলি চাকী বন্তিৰে জকমকিয়া পোহৰত ঘৰে ঘৰে আনন্দৰ মেলা বহে । ৰাতি পুৰুষ সকলে জুৱা খেলে । বহু লোকৰ ঘৰত মূল মহিলা গৰাকীয়ে লক্ষ্মী পূজা কৰে । অমাৱস্যা ৰাতি গাওঁৰ ৰাইজে ঘৰেঘৰে গৈ গৰু জাগায় আৰু জাহলী গোৱাৰ নিয়ম আছে । ভাগৱত -পূৰাণ আশ্ৰিত প্ৰবাদৰ মতে মনুহে কৃষি কাৰ্য্যত জড়িত হৈ গৰুৰ ওপৰত বৰকৈ অত্যাচাৰ কৰিব ধৰিলে । সিহঁতৰ খোৱা বোৱাৰ প্ৰতি কোনো যতন নোলোৱাকৈয়ে শাৰীৰিক যাতনা দিবলৈ ধৰিলে ।মানৱ কৰা অত্যচাৰ সহ্য কৰিব নোৱাৰি গো ধনে তিনিদিন বাটকুৰি বাই দেৱ আদিদেৱ মহাদেৱৰ ওচৰত গোচৰ তৰিলে আৰু মানুহৰ দু ব্যৱহাৰৰ পৰা মুক্তি পাবলৈ বৰ বিছাৰিলে । গো-ধনৰ কথা শুনি মহাদেৱৰ দয়া ওপজিল আৰু কাতি মাহৰ অমাৱ্যসা নিশা তেওঁ নিজে চাবলৈ আহিব আৰু মানুহে গো-ধনৰ গুনানুকীৰ্তন কৰিব । মহাদেৱে তেওঁ লোকক ৪ মাহ দিন মানৱৰ সেৱাত গা-খাটি দিবৰ বাবে মৰ্তলৈ যাবলৈ কলে । মহাদেৱৰ কথাত গো-ধন আশ্বস্ত হৈ মৰ্তলৈ আহিল। চাৰি মাহৰ পাছত মহাদেৱে নিজে গো-ধনৰ দুৰ্দশাৰ বুজ লবলৈ মৰ্তলৈ আহিল। এই দিনটোত মানুহে গো -ধনক পূজা অৰ্চনা কৰিলে । তেতিয়াৰ পৰাই জনগোষ্ঠীৰ লোক সকলে সহঁৰাই বা গৰয়া পূজা উদযাপন কৰি আহিছে ।
চাহ জনগোষ্ঠীয় লোকে ঘৰ দুৱাৰ পৰিস্কাৰ পৰিছন্ন কৰি গোহালিৰ দুৱাৰ মুখৰ পৰা পদুলি মুখলৈকে আলপনা দিয়াৰ নিয়ম আছে । গোহলিৰ মূল মূধচ খু টাত গৰয়া খুটা স্থাপন কৰে । কৃষি কৰ্মত প্ৰয়োজন হোৱা সকলো সজুলি যেনে নাঙল, যুৱলি, মৈ , ইত্যাদি পৰিস্কাৰ কৰি পিঠাগুৰি লগায় আৰু সেন্দুৰৰ ফুট দিয়ে । গৰয়া খুটাত তেনেদৰে ফুট লগায় । মালপূৱা ,কেচাপিঠা, আখৈ, ক্ষীৰ , নানা ধৰনৰ ফলমূল , দুধঘাঁহ,আদি নৈবদ্য সজায় বহুতে কলা বা ৰঙা কুকুৰা আৰু বহুতে কলা পাঠা ছাগলী বলী দিয়ে । গৰুৰ বাবে সেই দিনা পদুলি মুখৰ পৰা ঘাঁহ মুঠি মুঠিকে থৈ দিয়ে । গৰু গোহালিত সোমোৱাৰ আগতে ভৰি ধুৱাই নতুন পঘা দি নতুন ধানৰ চিচৰে মৈৰ বনাই গৰুক পিন্ধাই শিংত তেল সেন্দুৰ লগাই পিঠা খোৱ নিয়ম আছে । বহুতে আইনা দেখাই মূৰ ফনিয়াই দিয়ে । এনেদৰে তেওঁ লোকে গৰয়া পূজা পালন কৰি আহিছে ।
ৰাতি জাহলী গাবলৈ ৰাইজ ঘৰে ঘৰে যায় । জাহলী গীতবোৰ কৃষি বিষয়ক । গো ধন আৰু গৰখীয়া সৰ্বস্ব । কিছুমান গীতত শ্ৰীকৃষ্ণৰ বাল্য কালৰ ৰূপ বৰ্ণনা আছে লগতে গভীৰ নিশা গোৱা গীত বোৰত শুই পৰা গৃহস্থক জগাবলৈ ককৰ্থনা কৰাৰ চিত্ৰ পোৱা যায় । কিছুমান গীতত দেহতত্ব আৰু মধ্য যুগৰ নৱ -বৈষ্ণৱ আদৰ্শ ইও স্থান দখল কৰিছে । গীতৰ আৰম্ভনী 'অহিৰ ' শব্দৰে কৰা হয় । অহিৰ শব্দৰ উৎপত্তিৰ এক কাহিনী আছে । সাধাৰণতে অহিৰ মানে গো-পালক ।জাহলী গীতবোৰ এনধৰনৰ------
অহিৰে -----
-খুজ খুজতে আলি পুছতে পুছতে আলি
কণ হেকে অহিৰাকে ঘৰ হ'
পুছতে পুছতে আলি খুজ খুজতে হ'
অহিৰাকে ঘৰ কতি দূৰ হ'
অহিৰাকে ঘৰে ভালা তুলছি কে পীড়া হ'
ওপৰে জে উড়ে ৰাজা হাঁসা হ' ।
অহিৰে-----------
আন দিনে আৱে ভালা বাট ভীক্ষাৰী হ' বাবু
আইজত আৱে দশ ভাই হ'
দশ ভাই কে দেবে অহিৰা পানী নাহি পৰত
যুগে যুগে নাম ৰহি যাত হ' ।
কন শিং ঙে লেবে বড়দা তেল সিন্দুৰ হ'
কন শিং ঙে লেবে দুধ ঘাঁচ হ'
দাহিনা শিংঙে লেবে বড়দা তেল সিন্দুৰ হ '
বাঞা শিংঙে লেবে দুধ ঘাঁচ হ' ।
আন দিনে ৰে বড়দা মাৰলি পিটলি
আইজ ত কৰব চুছাৰ হ' ।
এনকৈ অমাব্যাসা ৰাতিৰ ভিন্ন প্ৰহৰৰ ভিন্ন জাহলীগীত সমূহ পৰিবেশন কৰা হয় । চাহ জনগোষ্ঠীৰ লোক সকলৰ আৰু এটা গুৰুত্বপূৰ্ণ
নিয়ম হ'ল যে সেই নিশা ডাইনী বোৰে উলংগ হৈ জাড়ু পিন্ধি তিনি আলিত নৃত্য কৰে বুলি লোক বিশ্বাস আছে ।এই ডাইনী বোৰৰ বেয়া প্ৰভাৱ যাতে সৰু ল'ৰা ছোৱালী আৰু মানুহৰ গাত নপৰে তাৰ বাবে দিপাৱলী নিশা আগবঢ়োৱা প্ৰথম গছ মাটিৰ চাকীত দিয়া মিঠাতেল বুকুত আৰু হাত ভৰিৰ তলোৱাত লগায় । এনে দৰে বহু নীতি নিয়মৰ মাজেদি চাহ জনগোষ্ঠীয় লোকে দিপাৱলী আৰু সঁহৰাই পৰৱ পালন কৰি আহিছে । বৰ্তমানে এই পৰৱ সাৰ্বজনীন ভাবে ভাৰত বষত পালন কৰা দেখা যায় । জাহলী গীতবোৰ অসমীয়া লোকসাহিত্যৰ ভঁড়াল চহকী কৰিছে । অসমীয়া সাহিত্য, সংস্কৃতি পথাৰত সঁহৰাই পৰৱ আৰু দীপাৱলী উৎসৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন
কৰি আহিছে ।