জীনামণি বৰগোহাঁই দুৱৰা
হে পৰমপিতা জগদীশ্বৰ
শুনিছো তুমি জগতৰ ঈশ্বৰ
পৃথিৱীলৈ আহিলো
বহু কথাই শিকিলো
বহুতো ঘাট-প্ৰতিঘাত
নিৰৱে সহ্য কৰিলো।
মায়াপুৰী পৃথিৱীৰ
সকলোৰে মনৰ কথা
কাহানিও মই বুজি নাপালো।
সেয়েহে পৰমপিতা জগদ্দিশ্বৰ
কৰিছো মই প্ৰাৰ্থনা
চৰণত তোমাৰ--
নাজানো কিমান সহিব লাগিব
এই ঘাত-প্ৰতিঘাত
তাৰ বাবে দিয়া মোক
আন্তৰিক আৰ্শীবাদ।
সহিব পাৰো যেন
সকলো প্ৰতিঘাত
নেওচি যাব পাৰো
যেন কঠোৰ সংগ্ৰাম।
কৰি যাব পাৰো যেন
মানৱ সেৱা
গাই যাব পাৰো
যেন মানৱ গীতি
গীতিকাৰ হৈ চিৰযুগমীয়াহৈ।