Type Here to Get Search Results !

নষ্টালজিক

 পৰাগ প্ৰিয়ম



       এটা পথ দূৰ্ঘটনাত আঘাত প্ৰাপ্ত  হৈ যোৱা এসপ্তাহে যোৰহাট মেডিকেলত এডমিড হৈ থকা পৰাগলৈ এটা ফোন কল আহিল । দুৰ্ঘটনাত পৰাগৰ এটা ভৰি আৰু এখন হাত ভাগিযোৱাৰ বাবে তাৰ সেই দুই স্থানত যথেষ্ট বিষ হৈছে,সেইয়ে কোনে কল কৰিছে তাক নোচোৱাকৈয়ে কলটো ৰিচিভ কৰিলে।
     পৰাগে হেল্ল' বুলি কোৱাৰ পাছতে সিফালৰ পৰা এটা চিনাকি মাত ভাহি আহিল, "হেল্ল, পৰাগ হয়নে, মই অৰ্পিয়ে(*পৰাগৰ বান্ধৱী*) কৈছোঁ ।" কথাষাৰ শুনাৰ লগালগেই যেন তাৰ মুখত এটা আবেগ ভৰা হাঁহি বিৰিঙি উঠিল।পৰাগে ক'লে "অ' অৰ্পি ভাল নে তোমাৰ ?" অৰ্পিয়ে ক'লে "উম ভালেই তুমি ভাল পাইছানে?" পৰাগে ক'লে বিষটো আছিল যদিও এতিয়া  তুমি ফোন কৰিলত মোৰ সেই বিষ নাইকীয়া হৈ গ'ল। অৰ্পিয়ে হাঁহি এটা মাৰি ক'লে"অ' হয় নেকি, মই তোমাক আগতেই ক'ল কৰিম বুলি ভাবিছিলোঁ কিন্তু ক'ল নকৰিবলৈ বুলি ষ্টেটাচ দিয়া বাবে ক'ল কৰা নাছিলোঁ,পুৰবীহঁতৰ পৰাই তোমাৰ খবৰ লৈ আছিলোঁ । পৰাগে অলপ অভিমান কৰি খঙেৰে ক'লে,তেনেহ'লে আজিনো কিয় ক'ল কৰিলা? অৰ্পিয়ে ক'লে"খং নকৰিবা চোন তুমি "পৰাগে ক'লে "ইমান মনত পৰি আছিল তোমালৈ। মেচেজ এটা কৰি হ'লেও টো খবৰ এটা ল'ব পাৰিলা হয়।" অৰ্পিয়ে ক'লে তোমাৰ দৰেই মোৰো তোমালৈ মনত পৰি আছে, কিন্তু তোমাৰ অসুবিধা হয় বুলিয়ে ক'ল কৰা নাছিলোঁ।"পৰাগে ক'লে " বাৰু বাৰু, মাহঁতে  কি কৰি আছে ?" অৰ্পিয়ে ক'লে মা ওচৰতে আছে ৰ'বা মাৰ লগত পাতিবা, সেই বুলি কৈ মোবাইল টো অৰ্পিয়ে মাকক দিলে, কিছু সময় মাকৰ লগত কথা পতাৰ পাছত মোবাইলটো আকৌ অৰ্পিয়ে ল'লে, দুয়োৱে অলপ সময় কথা পাতিলে।
    কথা পাতি হোৱাৰ পাছতে যেন পৰাগৰ দুচকুৰে দি চকুপানী নিগৰি আহিল । নাহিবনো কিয় অৰ্পি যে তাৰ একপক্ষীয় প্ৰেম। তাৰ একমাত্ৰ ভালপোৱা।
     তাৰ চকুৰ সন্মুখত কলেজৰ সেই মধুৰ স্মৃতি বিলাক ভাহি আহিল। কলেজত অৰ্পিক যে ধেমালিতে কিমান আমনি কৰিছিল, কিমান যে সপোন দেখিছিল, এতিয়া যে তাৰ সকলো শেষ হৈ পৰিল ।
      এতিয়া সি সেই ভগা ভৰি আৰু ভগা হাতলৈ কেনেকৈ নো তাইক প্ৰেমৰ প্ৰস্তাৱ দিব। প্ৰেমৰ প্ৰস্তাৱ দিলেই যেনিবা অৰ্পিয়ে নো কিয় তাৰ দৰে এটা বিকলাংগ ল'ৰাক আপোন কৰি ল'ব। কথা বিলাক ভাবি ভাবি এসময়ত সি টোপনিত লাল-কাল হ'ল।