তুলিকা বৈশ্য দাস
নাৰী সৃষ্টিৰ আধাৰ
যেন মোহময়ী পৃথিৱী
নাৰীয়ে বিচাৰে মাথো
এখনি অভিন্ন হৃদয়
এখনি শান্তিৰ জগত
য'ত লুকাই থাকে প্ৰকৃত সেউজ
পোহৰাই তুলিব পাৰে জীৱন
সূৰ্য্যৰ দৰে সত্য প্ৰেম-প্ৰীতিৰে
য'ত নিজকে বিচাৰি পায়
সাগৰৰ দৰে গভীৰ
আত্মবিশ্বাসৰ হৃদয় দাপোনত
যুগ্ম-জীৱনৰ দৈহিক-মানসিক
আধ্যাত্মিকতাৰ প্ৰতিচ্ছবি,
আত্মা-পৰমাত্মাৰ মিলনসেতু ।
য'ত পায় নিঃসংকোচে আদান-প্ৰদানত
সততা,প্ৰেমানুভূতিৰ পৰ্বত-পাহাৰ,
নৈ-নিজৰা সদৃশ এখনি বিচিত্ৰ হিয়া ।
য'ত থাকে কেৱল
বৃক্ষৰ দৰে স্থিৰ বক্ষত
নিঃসন্দেহ, নিঃস্বাৰ্থ, নিষ্কলুষ
সহানুভূতিৰে সাহসিকতা প্ৰদানৰ
নিৰাপদ স্থান
যদি পাৰে বিৰিয়াব
হৃদয়ৰ বিশালতাত
জীৱনৰ সাতোৰঙী ৰামধেনু---
কাহানিও নহয় কোনো নাৰী
তমসাৰ বলি,
নহয় ভুক্তভোগী,
নহয় বলিয়াৰ বলি ।
বিলীন হ'ব জানে --
জোনৰ জোনাক কিম্বা
অমাৱস্যাৰ আন্ধাৰতো নাৰী ।
ক্ষুদ্ৰ স্বাৰ্থপূৰণৰ তাৰণাত
নাৰী মাথো আজীৱন
প্ৰতিপালিতাৰ নিমিত্তে নহয়---
ঈশ্বৰ প্ৰদত্ত জ্ঞানেৰে---
দাম্ভিকতা, দানবীয়তা,
চৌৰ্য্যবৃত্তি ত্যাগেৰে
নৈতিকতাৰ বান্ধোনেৰে
মানবীয়তাৰ প্ৰমূল্যবোধেৰে
এপাহি পুষ্পৰ দৰে কোমল
লাৱণ্যতাৰ অনুভৱৰ স্পৰ্শৰে
হৃদয়ত উদাৰতা, গহীনতা,
সাৱলীলতাৰ আচৰণেৰে
পুৰুষৰ পৌৰুষত্বৰ
নিদৰ্শনীয় গুণহে
আকোৱালী ল'ব বিচাৰে
স্বৰূপাৰ্থত নাৰীয়ে ।
তেনে তন্ময়তাইহে হৃদয়ত
বোৱাই আনিব পাৰে
গঙ্গা-যমুনাৰ দৰে
পবিত্ৰ-শান্তিৰ বন্যাৰ ধাৰ ।
পুৰুষ-নাৰীৰ জীৱনলে'---