Type Here to Get Search Results !

মানৱতা

জাভেদ আলী


 মানুহ হিচাপে জীয়াই থাকিব দিয়া

মানৱতাৰ ধৰ্ম লয় 
জাতি, ধৰ্ম,বৰ্ণ এৰি 
এজন মানৱ ৰূপে থাকিব দিয়ক। 

মোৰ শিক্ষাই নকয় 
আনক সমালোচনা কৰিবলৈ 
মোৰ বিবেকে নকয় 
আনক অপমান কৰিবলৈ 
মোৰ আত্মাই নকয় 
কাৰোবাৰ প্ৰাণ ল'বলৈ 
মোৰ ধৰ্মই নকয় 
ভেদ-ভাব কৰিবলৈ 
কাৰণ মই মানৱতাৰ পূজাৰী।  

নহয় মই হিন্দু- মুচলিম 
নহয় মই বিবাদকাৰী 
পূজাৰী মই নিজৰ 
মানৱতাৰ প্ৰহৰী। 

ৰয় যাব নিদো মোৰ জীৱন ভেদ-,ভাৱৰ ছাঁত 
পাৰ কৰি লয় যাম 
মৰম- প্ৰেমৰ পথৰে। 

যদি তুমি মানৱ হয় 
বাদ দিয়া হিন্দু- মুচলিম 
বাদ দিয়া জাতি ধৰ্ম বৰ্ণ
বাদ দিয়া হত্যা, ষড়যন্ত্ৰ 
বাদ দিয়া সমালোচনা বাদ দিয়া ভেদ ভাৱৰ মন্ত্ৰ 
মানৱতাৰ ধৰ্ম পালন কৰা 
মানৱ ৰূপে জীয়াই থাকা।

মাৰ্ঘেৰিটা ( তিনিচুকীয়া)।