Type Here to Get Search Results !

কবিতাৰ কথাৰে

 অনামিকা বুঢ়াগোহাঁই



    যেতিয়া মানুহে দৰাচলতে নিজৰ অভ্যন্তৰত অকলশৰে কথা পাতিব খোজে, তেতিয়া কবিতাৰ যোগেদিয়েই সেই কথা পাতিব খোজে। তেতিয়াই কবিতা পঢ়িবৰ মন যায় অত্যন্ত নিৰলে,কেতিয়াবা শব্দ কৰি, তৃতীয় পহ্মৰ অনুপস্থিতি,কাৰো আগত নিজৰ কাব্য-জ্ঞান, কাব্যতত্ত্ব জ্ঞান বা কবিতাৰ বিভিন্ন তথ্যৰ জ্ঞান প্ৰদৰ্শন কৰি শ্ৰোতাক বিস্মিত কৰি তুলিবৰ বাবে নহয়, বৰং একান্তভাৱে নিজকে পাবৰ বাবে।কবিতাৰ মাজেদি সি সত্য আনুভৱৰ বাখ্যাহীন ব্যজ্ঞনা হৈ ধৰা দিয়ে,সি হৃদয়ত তাৰ চিহ্ন পুতি থৈ যায়।আটাইতকৈ ডাঙৰ সত্যটো হল জীৱনৰ নিঃসীম শূন্যতা,জীৱনৰ অৰ্থশূণ্যতা আৰু অসহায় বা মানুহৰ অন্ধতা আৰু মুঢ়তা।ব্ৰহ্মৰ নিৰাকাৰ সৰ্বব্যাপ্ত,নিৰ্বিকাৰ স্বৰূপৰ জ্ঞানে মানুহৰ মনৰ মাজত সন্নাসৰ জন্ম দিব পাৰে, কিন্তু জন্ম আৰু মৃত্যুৰ অন্ধকাৰ সীমাত বন্দী পাৰ্থিৱ জীৱনৰ অসহায়তা,অহ্মমতা,শূন্যতাৰতো অন্ত পেলাব নোৱাৰে।স্বপ্নাতুৰ মানুহৰ স্বপ্নভংগৰ বেদনাৰ আৰ্তিৰে ভৰি আছে তাৰ আকাশ।এই দুখ জীৱনৰ সকলো বাদ-অপবাদৰ উৰ্ধত।সেই বাবেইতো-একো ৰসঃ কৰুণ এৱ। সেইবাবেইতো,ভক্তিত আত্মবিলিন কৰি দিয়া মাধৱদেৱৰ "নামঘোষা"ত শুনো কাৰুণ্যৰ এক অসহায় ধ্বনি।শক্তিশালী'ইতি'ৰ মাদতো শুনো 'নেতি'ৰ ধ্বনি।খলিল জিব্ৰানৰ আশাৰ বাণীও বিশাল সমুদ্ৰৰ পৰা উঠি অহা অসহায় আবাহন ধ্বনিৰ বাহিৰেনো কি?প্ৰত্যকৰে জন্মলাভৰ মূহুৰ্তৰ পৰাইতো আৰম্ভ হয় নিজৰ শ্মশান যাত্ৰা ।জীৱনানন্দই তেতিয়া আশ্ৰয় দিয়ে-খন্তেকৰ আশ্ৰয়। কাৰন,তেওঁ লুক-ঢাক নকৰাকৈ, কোনো উদ্দেশ্য আগত নৰখাকৈ তেওঁৰ জীৱনৰ উপলব্ধ সত্য ব্যক্ত কৰে।কেতিয়াবা জীৱনত ঘটি যোৱা এটা নিৰ্মম সত্য ঘটনাও 'কবিতা 'হৈ আহি ধৰা দিয়েহি।যি সত্য দৰ্শনৰ সূহ্মাতিসূহ্ম বিচাৰে কেতিয়াও ইমান শক্তিশালী ভাৱে ব্যক্ত কৰিব নোৱাৰিলেহেঁতেন,কবিতাৰ কেইটামান শাৰীয়ে সেই সত্যক হৃদয়ত যি সাঁচ বহুৱাই থৈ যায় তাক শত চেষ্টা কৰিও উভালি পেলাব নোৱাৰি।প্ৰেমে মানুহক উদ্বাউল কৰাৰ কাৰনো এনেবোৰ'কাৰনৰ'মাজতে বোধকৰোঁ প্ৰোথিত হৈ আছে।কাৰণ প্ৰেমে এই নিৰ্মম দুখ পাহৰাই ৰাখে।প্ৰেম-হেৰুওৱাৰ দুখ সেইবাবেই হয়তো অধিক যন্ত্ৰণাময় হৈ ধৰা দিয়ে।
         মানুহে চিৰদিন তাৰ ব্যৱহাৰিক আৰু মানসিক জীৱনৰ সকলো দুখৰ পৰা পৰিত্ৰাণ পাবলৈ বাঞ্চা আৰু যত্ন কৰি আহিছে।সেইবাবেই সি তাৰ জীৱনৰ চাৰিওফালে গঢ়ি তোলে এখন বহল প্ৰাচীৰ যত আশাৰ পোহৰ থাকিব, যত তাৰ খন্তেকীয়া জীৱনৰ বাবে থাকিব কাৰ্য্যসূচী।ইয়াৰ মাজতে আবদ্ধ হৈ যুগে যুগে আহি থকা পৃথিৱীৰ, এই হ্মুদ্ৰ গ্ৰ্হটোৰ নশ্বৰ মানুহে দেখে অবিনশ্বৰ আৰু সুখী জীৱনৰ সপোন।এনেকৈয়ে সি "সপোনেৰে সপোনৰ অভাৱ পূৰায়
      হয়তো পৃথিৱীৰ অসংখ্য ভাষাৰ বহু কবিৰ কবিতাত একে ধৰণৰ ভাবানুভূতিৰ প্ৰকাশ ঘটিছে।কাৰণ সকলো যুগৰ, সকলো কালৰ মানুহৰ বুকুত জীৱনৰ নিৰ্মম সত্যই চিৰদিন অবিৰাম আঘাত হানি আছে।এই আঘাতৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় একমাত্ৰ প্ৰেম আৰু কবিতা।প্ৰেমে অনুৰাগৰ ৰাগিৰে ৰাগীগ্ৰস্ত কৰি সকলো পাহৰাই ৰাখিব খোজে,আৰু কবিতাই সত্যৰ ব্যঞ্জনাৰে হৃদয় কঁপাই দি মানুহক আত্ম-নিমজিত কৰি ৰাখে।সেইবাবেই সকলো যুগতে আদিৰস আৰু কৰুণৰস হৈ আহিছে সৰ্বাধিক ভাৱে সমাদৃত।
         কবিতাৰ মাজেৰে মানুহৰ হৃদয়ৰ উত্তাপ অভিব্যক্ত হৈ আহিছে।এই উত্তাপ প্ৰত্যেক ব্যক্তিয়ে নিজা অনুভৱৰ অভিজ্ঞতাৰ মাজেৰেলাভ কৰে।সেই বাবেই প্ৰত্যেকজন কবিয়ে কবিত্ব-প্ৰাণ পাঠকে বা সমালোচকে বেলেগে  নিজৰ এই অনুভৱৰ অভিজ্ঞতাৰ স্বৰূপ ব্যাখ্যা কৰিব খোজে।নিজৰ অনুভৱৰ অভিজ্ঞতাৰ পৰা সেই বাবে কবিতাৰ পৰিচয় দিবলৈ মন যায়-অনুভৱৰ ব্যঞ্জিত বাণীৰূপ বুলি।হৃদয়ৰ নিভৃতৰ ব্যাখ্যাহীন আৰু ভাষাহীন অনুভৱ সঞ্চৰণ কৰিবৰ বাবেই প্ৰয়োজন হয় এক বেলেগ 'ভাষা' ৰ ।কতিয়াবা প্ৰতীকে,কেতিয়াবা উপমাই প্ৰকাশ কৰিব পৰা 'ভাষা'।যিকোনো এটা কবিতা ৰচনা কৰিবলৈ ব্যক্তি এজন কেতিয়াও প্ৰস্তুত হৈ নাথাকে আৰু চিন্তাও কৰি নাথাকে বাঅনুভূতিক উপলব্ধিৰ বা জাগৰনৰ এনে মুহূৰ্ত সদায় সকলো সময়তে নাহে।কেতিয়া কোন মুহূৰ্তত এটা শব্দ,এটা ধ্বনি, এটা স্মৃতি, এটা ছবিয়ে হৃদয় জোকাৰি যায় তাক আগতীয়াকৈতো কোনেও কৈ দিব নোৱাৰে।হৃদয়ৰ এই জাগৰণ ধৰি ৰাখিবলৈ কবিয়ে অৱলম্বন বিচাৰে শব্দৰ ,সুৰৰ,বা ৰেখাৰ