বিকিৰাজ বৰুৱা
কাতি বিহু কঙালী
হয় জানো লাহৰী
মনে হলে নধৰে মোৰ,
ভঁৰালত গুটি ধান
চৰকাৰী চাউলো উন্নতমান
জীৱ-জন্তু বাৰীত তামোল-পাণ।
কাতি বিহুৰ পূজা
কলীয়া তুলসী জোপা
কেইঘৰতনো বাৰু আছে,
ক'ৰবাৰ পৰা উভালি
এদিনৰ বাবে ৰুৱেহি
পিছদিনা পাহৰি থাকে।
তুলসী তলৰ ভেটিটো
আনতকৈ ভাল হোৱাটো
সকলোৱে বিচাৰে মনে,
ঘৰে ঘৰে প্ৰসাদ খাই
হোৱাটচ্আপ ফেচবুক উলিয়াই
লাইক কমেন্ট বিচাৰি ফুৰে।
নহয় এতিয়া কাতি
কাৰোবাৰ দুখৰ ৰাতি
নালাগে থাকিব ভোকে,
গাড়ী মটৰত উঠি গৈ
জাপে জাপে টকা লৈ
জুৱাৰ আড্ডা সুৰা বিচাৰি ফুৰে।
সন্ধিয়া লগাৰ পাছতে
অসমীয়া নিউজ চেনেলে
বিহুৰ অনুষ্ঠান পাতে,
আমাৰ গাঁৱৰ লখিমী
কেমেৰাত চিনিব নোৱাৰি
অভিনেত্ৰীক বিচাৰি আনে।
বিহু হেনো তেওঁহে পাতিব জানে।