গীতাঞ্জলি দেৱী
খোলা খিৰিকীৰে জোনে যেতিয়া আহি মোৰ শিতানত আল্পনা আঁকেহি
সুখৰ ছাঁত জিৰাই মোৰ বালিমাহী সপোন ।
দেও দি এপলক ৰয় আৰু গুচি যায়
আকৌ আহে , আকৌ যায় ।
বুকুৰ বন্দৰত ঢৌ তুলি সাঁতুৰি যায় ৰূপালী লহৰ ।
শৰতৰ ডাকত উৰি অহা হিমসনা বতাহজাকে দেখুৱাই দিয়ে বণিক-জোনৰ ঠিকনা ।
সুধিব খোজিও তোমাৰ খবৰ মই ৰৈ যাওঁ ,
স্মৃতিৰ এখিলা-এখিলা পাত কেনেকৈ লুটিয়াওঁ ?
সমাধিত স্বপ্ন গোঁজ মাৰি থওঁনে
স্বপ্নৰ সমাধি সজাওঁ ?
প্ৰহৰৰ পৰা প্ৰহৰ জুৰি মোৰ বুকুত অবিৰত বয় এখনি নৈ ,
নিজৰ অজ্ঞাতে তোমাক বিচাৰি ফুৰোঁ দিগন্তৰ পৰিব্ৰাজক হৈ ।
শতিকা গৰকিলেও জোনে জানো জনাব মই বিচৰা নক্ষত্ৰৰ ঠিকনা ?
মাথো জানিব, মই জোনাকী বাটৰ অধীৰ অভিসাৰিকা