Type Here to Get Search Results !

জীৱনৰ আনন্দ

 মালবিকা শৰ্মা, ভুবনেশ্বৰ



    অতি সৰু আৰু অনিশ্চিত মানৱ জীৱনটো। দুদিনৰ এই জীৱন, আজি আছে, কাইলৈ নাই। সেয়ে বাচি থকা দিনবোৰ নিজৰ মনৰ ইচ্ছাৰে পাৰ কৰিবলৈ যত্ন কৰক। কোনে কি কৈছে, কোনে কি কৰিছে, আজি দিনটোত কি কি খাম, এনেকৈ থাকিলে মানুহে কি ক’ব ইত্যাদিৰ দৰে অদৰকাৰী কথাবোৰত মুৰ নষ্ট কৰাতকৈ নিজৰ মনৰ মতে জীৱনটো উপভোগ কৰিবলৈ চেষ্টা কৰক। গান গাওক, কবিতা লিখক, কিতাপ পঢ়ক, ফুৰিবলৈ যাওক, নাচক, হাঁহক, গছ-গছনিৰ যত্ন লওক, ইতিবাচক মনৰ গৰাকীৰ সৈতে সম্পৰ্ক বা সংযোগ ৰাখক, মন ভাল লগা কামবোৰ কৰি যাওক।
      “The purpose of our lives is to be happy.” অতীত আৰু ভৱিষ্যতৰ টনা-আজোৰাত আমি প্ৰায়েই বৰ্তমানৰ সময়খিনি সুখেৰে  জীয়াবলৈ পাহৰি যাও। অতীতত এৰি অহা সময়ৰ তিতা-মিঠা স্মৃতি আৰু ভৱিষ্যতৰ আহিবলগীয়া সময়ছোৱাৰ শংকা তথা অনিশ্চয়তা-এই দুটাই মানুহক বৰ্তমানৰ মুহুৰ্তটো উপভোগ কৰিবলৈ নিদিয়ে। কিন্তু চাবলৈ গ’লে বৰ্তমানৰ এই মুহুৰ্তটোতে সোমায় আছে আমাৰ সুখ, এই মুহুৰ্তত বাচি থকাৰ নামেই হ’ল জীৱন। আগতে কি কৰিছিলো সেয়া অতীত হৈ গৈছে, ভৱিষ্যতে থাকো নে নাই তাৰো নিশ্চয়তা নাই বুলিব পাৰি। সেয়েহে সকলো পাহৰি বৰ্তমান ইতিবাচক ভাৱেৰে, নিজৰ মনে বিচৰা মতে জীৱন-যাপন কৰক। সাৱধানে থাকক, সুস্থ-সৱল হৈ জীয়াই থাকক। জীৱন জিন্দাবাদ।