Type Here to Get Search Results !

জীৱন জীয়াৰ সঞ্জীৱনী

 পৰাগ প্ৰিয়ম


মোৰ মৃত্যু ময়ি জীৱনত
এক সঞ্জীৱনীৰ প্ৰয়োজন,
যি সঞ্জীৱনীয়ে মোক দিব পাৰে
এক নতুন জীৱন,
দেখুৱাব পাৰে 
নতুন সপোন,
আনিব পাৰে
আশাৰ বতৰা,
মোৰ জীৱন উপচাব পাৰে
মৰম আৰু ভালপোৱাৰে,
দিব পাৰে 
নতুন লক্ষ্য বিন্দু,
পাহৰাব পাৰে
অতীতৰ অভিশাপি জীৱন......
সঁচাই মোক সঞ্জীৱনীৰ
বৰ প্ৰয়োজন।


 যোৰহাট তিতাবৰ।
যোগাযোগ নম্বৰ:- ৬০০৩১৬৯৯২১