Type Here to Get Search Results !

সময়ৰ মূল্য

 পৰীদীপা বড়া মূদৈ


আমাৰ জীৱনৰ এক অমূল্য ৰত্ন হৈছে সময়। যাক কোনো মূল্য দি ক্ৰয় কৰিব নোৱাৰি অথবা গুছি যোৱা সময়ক পুনৰ ঘূৰাই আনিব নোৱাৰি। কিন্তু কোনো মূল্য পৰিশোধ নকৰাকেই প্ৰত্যেক পুৱাই আমি চৌবিশ ঘণ্টাকৈ সময় পাওঁ; আৰু যদি ইয়াক মিনিট হিচাবত চাবলৈ হয় তেন্তে প্ৰত্যেক দিনেই আমি লাভ কৰো ১৪৪০ মিনিট । কিন্তু এইটো ভাবি চালে আচৰিত লাগে যে এই চৌবিছ ঘণ্টা সময় ব্যৱহাৰ কৰিয়েই কোনোবাজন যদি এটা সুন্দৰ জীৱন যাপন কৰিছে। আন এজনে আকৌ দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হৈছে। আচলতে ইয়াৰ কাৰণ কি? ইয়াৰ মূলতে হৈছে সময়ৰ সদব্যৱহাৰ। 
       আগতে মানুহ বহুত বছৰ ধৰি জীয়াই আছিল। কিন্ত্ত আজিকালি মানুহৰ আয়ুস কমিছে। সেই হিচাবত সত্যব্ৰত শৰ্মাৰ "সময় আৰু আমি " পুথিখনত মানুহৰ গড় আয়ুস সত্তৰ বছৰ ধৰি লৈ এখন তালিকা প্ৰস্তুত কৰিছিল। য'ত সাধাৰণ জীৱন পৰিধিৰ সময়খিনি কেনেকৈ পাৰ হয় সেই বিষয়ে উল্লেখ আছিল। তালিকাখন এনে ধৰণৰ-
১) উপজা দিনৰ পৰা চিৰনিদ্ৰাৰ আগলৈকে টোপনিত প্ৰায় ২৫ বছৰ।
২) শিক্ষা, দীক্ষা, স্কুল, কলেজ বিশ্ববিদ্যালয়, বৃত্তিগত শিক্ষা আদিত ৮ বছৰ।
৩) আমোদ প্ৰমোদ, খেলা ধূলা, চখৰ কাম, অৱসৰ বিনোদনত প্ৰায় ৭ বছৰ।
৪) বেমাৰ আজাৰ, অসুস্থতা জনিত জিৰণিত প্ৰায় ৬বছৰ।
৫) বাসস্থানৰ পৰা কৰ্মস্থানলৈ অহা যোৱা আৰু অন্যান্য তেনে ভ্ৰমণত প্ৰায় ৫ বছৰ।
৬) আহাৰ ভোজন, পুৱা, দুপৰীয়া, ৰাতি আৰু মাজে মাজে খোৱা বোৱা কৰোঁতে ৪ বছৰ।
৭) স্নান, বাহিৰ ফুৰা, প্ৰসাধন, সাজপাৰ, শৰীৰ চৰ্চা, প্ৰাৰ্থনা আদিত প্ৰায় ৩ বছৰ।
৮) জীৱিকা অৰ্জন, চাকৰি, ব্যৱসায়, উদ্যোগ, কায়িক শ্ৰম, বৃত্তি বা পেছাত প্ৰায় ১২ বছৰ।
               এই ফালৰ পৰা চাবলৈ গলে মানুহ এজনে নিজকে উপযুক্ত ভাবে গঢ় দিবলৈ কেৱল আঠ বছৰ সময় লাভ কৰে আৰু জীৱনত কিবা এটা কৰিবলৈ লাভ কৰে ১২ বছৰ। কিন্তু আজিকালি ক্ষন্তেকীয়া আনন্দ লাভ কৰাৰ বাবে ব্যক্তিয়ে ঘন্টাৰ পিচত ঘণ্টা আমোদ প্ৰমোদতে পাৰ কৰি দিয়ে। বিশেষকৈ ইণ্টাৰনেটৰ যোগত আমাৰ সন্মুখত অগণন আমোদ প্ৰমোদৰ মাধ্যম আহি পৰিছে । যাৰ লগত সময় ব্যয় কৰিলে আমি একো নেপাওঁ অথচ আমাৰ হাতত থকা মূল্যৱান সময়খিনিহে হেৰাই যায়। এইটো সত্য যে ম'বাইল, বিভিন্ন সামাজিক মাধ্যম ব্যৱসায় কৰি বহু লোকে নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি তুলিছে। ম'বাইলৰ ব্যৱহাৰে বহুতো কঠিন কাম সহজ কৰি তুলিছে। এই ক্ষেত্ৰত সেই সকলৰ বাবে ম'বাইল, ইন্টাৰনেট অথবা অন্যান্য সামাজিক মাধ্যম সমূহ আৰ্শীবাদস্বৰূপ। কিন্তু সকলোৰে ক্ষেত্ৰত এইয়া প্ৰযোজ্য হয়নে? 
       
            আমি জীৱনটো সুন্দৰকৈ যাপন কৰিবলৈ হ'লে সকলো কামেই কৰিব লাগিব। টোপনি আমাৰ স্বাস্থ্যৰ বাবে যিদৰে জৰুৰী ঠিক সেইদৰে মনটো সতেজ কৰি ৰাখিবৰ বাবে আমোদ প্ৰমোদো জৰুৰী। কিন্তু কি কামত কিমান সময় ব্যয় কৰিম; সেই কথা আমি জুকিয়াই লোৱা উচিত। বিশেষকৈ আমাৰ হাতত থকা ২৪ ঘণ্টা সময় কিদৰে ব্যৱহাৰ কৰিম তাৰ বাবে এখন তালিকা প্ৰস্তুত কৰি ল'ব লাগে। যাতে আমি খোৱাৰ পৰা শুৱালৈকে প্ৰতিটো কামত নিদিষ্ট সময় ব্যয় কৰি সময়ৰ সদব্যৱসাৰ কৰিব পাৰোঁ। এইদৰে কৰিলে আমি আমোদ প্ৰমোদো কৰিব পাৰিম। লগতে আমাৰ কতব্যসমূহো সুচাৰূপে পালন কৰিব পাৰিম।

               আগতে আমি পঢ়িবলৈ পাইছিলোঁ যে
সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। অৰ্থাৎ শৰ পহুৰ মঙহৰ সোৱাদ লবলৈ হ'লে শৰ ডাল সময়ত নিক্ষেপ কৰিব লাগিব। নহলে সি ক্ষন্তেকতে আমাৰ চকুৰ আগৰ পৰা হেৰাই থাকিব। ঠিক সেইদৰে সময়ৰ কাম সময়ত নকৰিলে সেই কামৰ ফল আমি কোনো দিনে লাভ নকৰোঁ অথবা তাৰ পৰা আমি আশানুৰূপ ফলাফল কেতিয়াও লাভ কৰিব নোৱাৰোঁ। 
               শিক্ষাই আমাৰ জীৱনটো পোহৰাই তোলে। আমাৰ ভৱিষ্যত জীৱনটো সুন্দৰ কৰে। সেইবাবে আমি শিক্ষা লাভৰ সময়চোৱাত শিক্ষা গ্ৰহন কাৰ্যক প্ৰাধান্য দিব লাগে। তাৰ পৰিৱৰ্তে যদি পিচত পঢ়িম, কাইলৈ পঢ়িম কৰি থাকোঁ তেন্তে আমাৰ ভৱিষ্যত জীৱন কেতিয়াও সুৰক্ষিত নহয়। আগতেই উল্লেখ কৰিছোঁ যে যদি এজন ব্যক্তি সত্তৰ বছৰ জীয়াই থাকে তেন্তে তেওঁ শিক্ষা দীক্ষা গ্ৰহণত কেৱল আঠ বছৰহে ব্যয় কৰে। সেইবাবে এটা দিনত পঢ়িবৰ বাবে যিখিনি সময় লাভ কৰা হয় সেই সময় খিনি কেৱল পঢ়া কামতেই ব্যয় কৰিব লাগে। তাৰ পৰিৱৰ্তে সেই মূল্যবান সময়খিনি বাহিৰা কামত অথবা আমোদ প্ৰমোদত ব্যয় কৰি কেতিয়াও অপচয় কৰিব নালাগে। তেনে কৰিলে আমি কেতিয়াও সফল হ'ব নোৱাৰো। ঠিক একেদৰেই সকলো ক্ষেত্ৰতেই এই কথাষাৰ প্ৰযোজ্য হয়। আমি এটা কথা সদায় মনত ৰাখিব লাগে; নভবা নিছিন্তাকে টকা খৰচ কৰিলে ব্যক্তি এজন যিদৰে দৰিদ্ৰ হৈ পৰে। থিক সেইদৰে সময়কো চিন্তা নকৰাকৈ খৰছ কৰিলে ব্যক্তিৰ জীৱন অন্ধকাৰময় হৈ পৰে। 


এ . টি ৰোড, টীয়ক
যোৰহাট
  পিন নং-৭৮৫১১২