Type Here to Get Search Results !

শিশু দিৱস আৰু নেহৰু খুড়া

 সবিতা বৰুৱা 


শিশুৱেই  হ'ল মানৱ জীৱনৰ  আটাইতকৈ  সংবেদনশীল  অংশ  । যি  চিৰ সুন্দৰ  ।যাৰ  মনৰ মাজত চিৰ শিশুজন  জাগ্ৰত  হৈ থকা নাই  সেইজনে  শিশুৰ  মনৰ ভূ -পাব নোৱাৰে  । শিশুৰ মন  অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি  কলিৰ দৰে।  চাৰিও পিনে  দেখা অজস্ৰ  বিস্ময়  আৰু  কৌতূহলৰ ৰশ্মিত যাৰ  পাপৰি এপাহ, এপাহকৈ  বিকশিত  হয়  । 

শিশুৰ প্ৰতি  স্নেহৰ  বাবে বিখ্যাত সেইজনা  মহান মনিষী, আমাৰ  সকলোৰে  পৰিচিত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী  পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতি   সন্মান জনাই তেখেতৰ জন্মৰ  দিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়  ।

.শিশু সকলৰ মাজত "চাচা নেহৰু " নামেৰে খ্যাত পণ্ডিত  জৱাহৰলাল নেহেৰুৰ জন্ম  হৈছিল 1889 চনৰ 14 নৱেম্বৰত এলাহাবাদৰ "আনন্দ ভৱনত "  ।তেখেতৰ পিতাকৰ নাম আছিল মতিলাল নেহৰু   আৰু মাকৰ নাম আছিল স্বৰুপা ৰাণী । নেহেৰু  আছিল তেওঁলোকৰ  একমাত্ৰ সন্তান।  স্বাধীন ভাৰতৰ প্ৰথম গৰাকী  প্রধান মন্ত্ৰী  হিচাপে  নিবাচিত  হৈ কাযনিবাহ  কৰা পাছত 1964 চনৰ 27 মে' ত এই  মহান  নেতাজনে  ইহলীলা সম্বৰণ  কৰে  ।
 নেহেৰুৰ জন্মদিনটোত  তেওঁক সোঁৱৰণ  কৰাতো  কৃতজ্ঞ জাতি এটাৰ বাবে  গৌৰৱৰ কথা  । এই দিনটো  "শিশু দিৱস " হিচাপে  পালন কৰাৰ প্ৰধান তাপয্য হ'ল- শিশুসকলৰ প্রতি থকা  নেহেৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা। নেহেৰুৱে কৈছিল --" আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তেওঁ লোকৰ  সবতোপ্রকাৰে  উন্নতিৰ  কাৰণে আমি সদায় যত্ন পৰ হব লাগে ।শিশু  সকলক নেহৰুৱে  বাগিচাৰ ফুলৰ কলিৰ লগত তুলনা কৰিছিল।  সিহঁতক সম্পূৰ্ণৰূপে মৰম আৰু ভালপোৱাৰে ডাঙৰ  হ'বলৈ দিয়া উচিত বুলি ও মন্তব্য কৰিছিল। ফুলৰ কলিবোৰ অলপ আলপৈচান নধৰিলে যেনেকৈ নষ্ট হৈ যায়, সেই দৰে শিশু বোৰেও সৰুৰে পৰা সঠিক পথেৰে ডাঙৰ নহ'লে নষ্ট হোৱাৰ সম্ভাৱনা অধিক। নেহেৰু ৱে শিশু সকলক এটা এটা বণৰ প্ৰকৃত  শক্তি আৰু সমাজৰ ভিত্তি বুলি গণ্য কৰিছিল।  তেওঁ 1955চনত কেৱল  শিশুৰ বাবে  চিল্ডাৰছ ফিল্ম  ছ'চাইটি  ইণ্ডিয়া  স্থাপন  কৰিছিল  । 1956 চনৰ পৰা ভাৰতবৰ্ষত শিশু দিৱস উদযাপন কৰা হয়  জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ আগতে  ভাৰতে  20 নৱেম্বৰত  শিশু দিৱস  উদযাপন কৰিছিল  ।কিন্তু তেখেতৰ মৃত্যুৰ পিছত তেওঁৰ জন্ম বাষিকী ভাৰতত শিশু  দিৱস   হিচাপে উদযাপন কৰাৰ  বাবে  ইচ্ছাকৃত  কৰা হৈছিল। এনে কৰাৰ কাৰণ আছিল   নেহৰুৱে শিশুৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ ভাৱে কাম কৰিছিল  ।সেয়ে ইয়াৰ বাবে সংসদত  এক প্ৰকল্প  পাছ কৰা  হৈছিল   । উল্লেখযোগ্য যে নেহেৰুৱেই আছিল  একমাত্ৰ প্ৰধান মন্ত্ৰী  যি শিশুৰ বাবে নিজৰ জীৱনৰ সৰহভাগ  সময় নিয়োজিত  কৰিছিল  । বিশিষ্ট কবি তথা নাট্যকাৰ  লক্ষ্যধৰ চৌধৰী দেৱে  তেখেতৰ "মোৰ লক্ষ্য "নামৰ কবিতা টোৰ এক অংশত শিশুসকলৰ উদ্দেশ্য  কৈছে  -
     "ম ই  হ'ম জৱাহৰলাল, 
     পৰাধীনতাৰ  সাগৰ সাঁতুৰি
    তৰিম  জয়ৰ পাল, 
    ম ই  হ'ম জৱাহৰলাল। "

উল্লেখিত কবিতাৰ অংশ টোৱেই  প্ৰতিজন শিশুৰ মনত  জীৱনৰ প্ৰতি  উৎসাহ আৰু প্রেৰণা  দাঙি ধৰে। 
   সদৌ শেষত  "শিশু দিৱস " পালনৰ লগে লগে শিশুসকলৰ  সবা়ংগিন উন্নতিৰ বাবে  চিন্তা  কৰাটোও  চৰকাৰ আৰু জনসাধাৰণৰ  কতব্য হোৱা  উচিত   ।।
 বিঃদ্ৰঃ--সহায়  লৈ