ৰূপম দত্ত
ছিটবেল্ট লগাই থোৱাৰ বাবে মই চিটিকি নগ'লোঁ। গম পাই আছোঁ, বতাহৰ বহু ওপৰলৈ গাড়ীখন ঘূৰি ঘূৰি উৰি গ'ল। চকু বন্ধ........এক বৃহৎ শব্দ কৰি গাড়ীখন আহি তলত পৰিল। মোৰ চিন্তা শক্তি নাইকিয়া হৈ পৰিল। মই একো গম নোপোৱা হৈ পৰিলোঁ। এটাই ভাৱ শেষ বাৰৰ বাবে আহিছিল,
"এইয়াই কি মোৰ অন্ত? কিয় টিনা, কিয় ???"
কিছুমান ঘটনা জীৱনত এবাৰেই ঘটে, কিছুমান বাৰে বাৰে। কিন্তু যিবোৰ ঘটনা এবাৰেই ঘটে, সেইবোৰে আমাৰ জীৱন উলট পালট কৰি দিয়ে। আমিও নজনাকৈয়ে সেইবোৰ ঘটনাৰ প্ৰতি বেছি সাৱধান হৈ পৰো।
আমাৰ জীৱনটো বৰ এক জটিল পৰিক্ৰমাৰ মাজেৰে বনোৱা হৈছে। গোটেই জীৱনটো যদি এটা সমীকৰণ অংকৰ লগত তুলনা কৰা হয়, তেন্তে আমাৰ জীৱনত ঘটি থকা ঘটনাবোৰ সেই জীৱন অংকৰ যোগ, বিয়োগ, পূৰণ, হৰণ।
এই সকলোবোৰৰ কম বেছি কৰি পোৱাৰ সমষ্টিয়েই হ'ল জীৱন। মোৰ জীৱনৰ ওপৰত ধাৰণা ইমানেই।
চকু মেলিলোঁ। কিছু সময় তেনেকৈয়ে ওপৰলৈ চাই পৰি ৰ'লোঁ। লাহেকৈ ঘটি যোৱা ঘটনাটো মনলৈ আহিল।
এক এক্সিডেন্ট, ভয়ানক। টিনাৰ মুখখন মনলৈ আহিল। কাষলৈ চাই মই আচৰিত হৈ পৰিলোঁ। মই মোৰ বিচনাত পৰি আছোঁ।
' কেনেকৈ আহিলোঁ ইয়ালৈ ? কোনে আনিলে মোক ?'
এই চিন্তাই মনৰ মাজত দোলা দি গ'ল। লাহেকৈ আউজি বহিলোঁ। যিমান পাৰোঁ স্মৃতিশক্তিৰ ওপৰত জোৰ দিছোঁ, কথাবোৰ পৰিষ্কাৰ হৈ মনলৈ আহি আছে, লাহে লাহে।
নিজৰ শৰীৰটোলৈ চকু গ'ল। বুকু , মূৰ , ভৰি , হাত সকলো চুই চালোঁ, ক'তো দুখ বা আঘাত পোৱাৰ চিন নাই। ক'তো , অলপো বিষ অনুভৱ কৰা নাই।
কিন্তু মোৰ সঠিককৈ মনত আছে, সেই এক্সিডেন্ট সৰু নাছিল। এনেদৰে যে মই চকু মেলিব পাৰিম, সেই সময়ত ভবাই নাছিলোঁ।
যিটো এক্সিডেন্ট হৈছিল, সেই এক্সিডেন্টত আমি বাছি থাকিবই নালাগিছিল। ইমান বছৰ বাছ চলাই সিমানখিনি বুজিব পৰিছিলোঁ।
টিনা ক'ত ? আছেনে নাই জীয়াই ?
মূৰটো ঘূৰাই আহিল। উঠি গৈ এবটল পানী খাই দিলোঁ। লাহে লাহে টিনা, টিনাৰ লগত কটোৱা সময়বোৰ কিবা অলৌকিক নিচিনা লাগিছে। যেন সকলোবোৰ কিবা এক সপোন আছিল।
মানে সেই এক্সিডেন্ট মিছা ? মানে সেইয়া ভ্ৰম ?
লাহেকৈ মবাইলটো উলিয়াই চালোঁ। টিনাৰ কালিৰ মেছেজ আছে। তাই কৰা ফোনৰ সময় সঠিককৈ মোৰ মবাইলত জিলিকি আছে।
তাইৰ নামটো টিপি দিলোঁ, একোৱেই শব্দ নাহিল। বহু বাৰ চেষ্টা কৰি একেই ফল পালোঁ। মেছেজ কৰিলোঁ,
'ফোন এটা কৰা'
মাত্ৰ এডাল টিক মেছেজৰ পাছত। তাইৰ মোবাইলত মোৰ মেছেজ সোমোৱা নাই। কি আচৰিত, কোনোদিন মোবাইল অফ নথকা টিনাৰ মোবাইল আজি বন্ধ।
মই মোৰ মবাইলৰ ন'ট পেদ উলিয়াই চালোঁ। সকলো লিখা তেনেদৰেই আছে। পঢ়ি চালোঁ, হয়, ময়েই লিখা। এশ বিশটা খণ্ড।
মোৰ চিন্তাশক্তি হ্ৰাস হৈ আহিল। একোৱেই ভাবিব নোৱাৰা হৈ আহিলোঁ। নাজানো, কি হৈছে। সঁচা আৰু মিছাৰ মাজত মই ওলমি আছোঁ।
বহু সময় বহি থাকিলোঁ, মনটোক শান্ত কৰি লাহে লাহে সকলো কথা মিলাই ল'লোঁ।
টিনা, আহিছিল, লগ পাইছিলোঁ, কথা পাতিছিলোঁ, তাইক বহু দিনৰ আগতে বাছত লৈ গৈছিলোঁ, যেতিয়া তাইৰ খুব অসুখ হৈছিল....এইবোৰ সকলো সঁচা। এটা এটা তাই দিয়া মেছেজ এতিয়াও মোৰ মবাইলত সজীৱ হৈ আছে। আমাৰ মাজৰ সৰু সৰু সময়বোৰ সজীৱ হৈ আছে। তাই গণনা কৰিব জানিছিল। তাই যি দান দিবলৈ কৈছিল, মই শ্মশানত সেই দান দি আহিছিলোঁ। সেয়াও সঁচাই আছিল। ঠিক তাৰ পিছৰ পৰাই মোৰ চিন্তা , ভাৱনা বদলি হৈ পৰিছিল। তাই মোক দিয়া ৰক্ত প্রবাল আঙুঠি মোৰ হাতত জিলিকি আছে।
তেন্তে এক্সিডেন্টটো মিছা কেনেকৈ হ'ল? কিয় তাইলৈ ফোন , মেছেজ নোযোৱা হ'ল? হাজাৰটা প্ৰশ্নই মোক ব্যতিব্যস্ত কৰি তুলিছে।
মনলৈ আহিছে, তাই, মোক কাহানিও তাইৰ থকাৰ ঠিকনা দিয়া নাছিল। ময়ো সোধাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিলোঁ। বাইকখন লৈ ওলাই আহিলোঁ, তুফান গতিত বাইপাছৰ শেষৰ সেই মাটিৰ ঢাপটোৰ ওচৰ পালোঁগৈ।
তন্ন তন্নকৈ চাইয়ো ধৰিব নোৱাৰিলোঁ, ৰাতি হোৱা সেই ভয়ানক এক্সিডেন্টৰ প্ৰমাণ।
লাহে লাহে আহি ঘৰ পালোঁহি। এক অলৌকিক ভাৱে মনত খেলি থাকিল।
তাই এল আই চিত কাম কৰিছিল, সেইয়া মই জানিছিলোঁ।
এল আই চিট থকা মোৰ ভাল চিনাকী সোণোৱাল দাদালৈ ফোন কৰিলোঁ। টিনাৰ বিষয়ে সুধিলোঁ। আচৰিত হৈ সোণোৱাল দাই মোক মাতি পঠিয়ালে। দেৰি নকৰি দাদাক চেণ্টুদাৰ হোটেলতে লগ কৰিলোঁ।
" ৰূপম, টিনাক মই লগ পাইছিলোঁ। চিনি পাইছিলোঁ, ভাল ছোৱালী আছিল। তিনিচুকীয়া আৰু ওচৰৰ ঠাইবোৰতেই তাইৰ চাকৰি আছিল। যোৱাবছৰ তাই তেজপুৰলৈ বদলি হৈছিল। কিন্তু তাত চাকৰি জইন কৰাৰ কেইমাহমানৰ পাছতেই ঢুকাইছিল। তাইৰ কেন্সাৰ আছিল। সেইয়া তাই সকলোৰে পৰাই লুকুৱাই ৰাখিছিল। তাইৰ সকামত আমাৰ অফিচৰ দুজনমানৰ লগতে ময়ো গৈছিলোঁ।"
এক অজান ভয়ে মোক ঘেৰি ধৰিলে। কি ঘটিছে এইয়া মোৰ লগত ?
মানে তাই ঢুকোৱা এবছৰতকৈ বেছি হ'ল। তেন্তে মোৰ মোবাইলৰ মেছেজবোৰ, ফোন কলৰ ৰেকৰ্ডবোৰ ? মোৰ হাতৰ আঙুঠি , মোৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰ ?
এক উদাস মন লৈ ঘৰ পালোঁহি।
আগলৈ.....