Type Here to Get Search Results !

সাম্প্ৰতিক সময়ত বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা

 ৰঞ্জিত চুতীয়া


                      বিজ্ঞান শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে ' Science'। এই  Science শব্দটো লেটিন শব্দ  'Scientia' ৰ পৰা অনা যাৰ অৰ্থ হৈছে 'জ্ঞান'। সাধাৰণ অৰ্থত বিজ্ঞান হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্বব্ৰক্ষ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰমান্য বৈজ্ঞানিক তত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি সংৰক্ষণ কৰা হয়। বিখ্যাত দাৰ্শনিক এৰিষ্ট'টলৰ মতে, "বৈজ্ঞানিক জ্ঞান এনে নিৰ্ভৰশীল জ্ঞান যাক যুক্তি আৰু ধাৰণাসহ ব্যাখ্যা কৰিব পাৰি"।
                       সাম্প্ৰতিক পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অবিহনে আমি মানৱ জীৱন কল্পনা কৰিব নোৱাৰো। গতিকে আমাৰ জীৱন শৈলী আৰু প্ৰমূল্যবোধ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগত খাপ খোৱাকৈ বিকশিত কৰি লোৱাটো অতি প্ৰযোজনীয়। এনে বিকাশ হ'ব লাগিব অবিৰত, সময়োপযোগী আৰু সামগ্ৰিক। এই ক্ষেত্ৰত বিজ্ঞান শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিজ্ঞানসন্মত মানসিকতা গঢ়ি তোলাত বিজ্ঞান, গণিত আদি বিষয়সমূহ প্ৰণালীবদ্ধ ভাৱে অধ্যয়ন কৰাটো আৱশ্যকতা আছে। বিকাশমুখী সমাজ এখনত মানুহৰ দৰিদ্ৰতা, অজ্ঞানতা আৰু অন্দ্ধবিশ্বাসৰ পংকিল হাতোৰাৰ পৰা বিজ্ঞানেই মুক্ত কৰিব পাৰিব।
                      দেশ এখনৰ উন্নতিৰ প্ৰধান কাৰক হিচাপে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ গুৰুত্ব অপৰিসীম। বিজ্ঞান ক্ৰমান্বয়ে আমাৰ দৈনন্দিন জীৱন, সামাজিক পাৰিপাৰ্শ্বিকতা, বৌদ্ধিক আৰু আধ্যাত্মিক জীৱনৰো এৰাব নোৱাৰা অংশ হৈ পৰিছে। মানৱ সভ্যতা উত্তৰণৰ লগে লগে বিজ্ঞানৰো উত্তৰণ হোৱা পৰিলক্ষিত হৈছে। মানৱ সভ্যতা আৰু সংস্কৃতিৰ লগত বিজ্ঞান এটা মুদ্ৰাৰ দুটা পিঠি বুলি ধৰিব পাৰি।
                       বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন' ন' উদ্ভাৱনে যেনেকৈ মানৱ জাতিৰ আধুনিক জীৱন শৈলী পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খোৱাই লৈ গৈ আছে, সেইদৰে বিজ্ঞানসন্মত মনোবৃত্তি আধুনিক শিক্ষিত মানুহৰ বাবে আৰু উঠি অহা নতুন প্ৰজন্মৰ কিশোৰ-কিশোৰী, ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও আহৰণ কৰিবলগীয়া অত্যাৱশ্যকীয় গুণত পৰিণত হৈছে। গতিকে বৰ্তমান আমাৰ মাজত সৃষ্টি হোৱা ৰচনাৰাজি বা সাহিত্যত বিজ্ঞান সম্পৰ্কীয় ধ্যান-ধাৰণাক বিষয়বস্তু হিচাপে স্হান দিয়াটো নিতান্তই প্ৰয়োজনীয়, যাৰ দ্বাৰা আমাৰ সমাজত বিজ্ঞান মানসিকতাই আগস্হান পাব পাৰে। বৰ্তমানৰ শিশুসকলৰ শিক্ষাই ভৱিষ্যতৰ ইংগিত বহন কৰে। সেইবাবে শিশু তথা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় পৰ্যায় পৰা বিজ্ঞান মনস্কতা গঢ়ি তুলিব লাগিব আৰু তাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগিব। ডাৰউইন, আইনষ্টাইন, গেলিলিও আদি বিশ্ব বৰণ্য বিজ্ঞানীসকলৰ বিজ্ঞান ভিত্তিক ৰচনাসমূহ আৰু তেখেতসকলৰ জীৱনি বিলাক উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰ কৰি বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব লাগিব।
                  বিজ্ঞানসন্মত চিন্তা আৰু বৈজ্ঞানিক মনোবৃত্তিয়ে বৌদ্ধিক জগতলৈ আমূল পৰিৱৰ্তন আনিব পাৰে। সেইবাবে আমাৰ সাহিত্যিকসকলে অসমীয়াত বিজ্ঞান সাহিত্য সৃষ্টিত মনোনিৱেশ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে। যাতে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে সৰুৰে পৰাই বিজ্ঞানৰ ইতিহাস আৰু দৰ্শন সম্পৰ্কে এটা সঠিক ধাৰণা গঢ়ি তুলি বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। অৱশ্যে সুখৱৰ যে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই উচ্চ শিখৰত আৱতৰণ কৰা সময়ত বিজ্ঞান ভিত্তিক ৰচনা নাইবা কাহিনী ৰচনাৰ বাবে যথেষ্ট সমল সুলভ লভ্য হৈ পৰিছে। বিজ্ঞান শিক্ষাই প্ৰকৃতি আৰু পৃথিৱীৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিব পাৰে।
                     আধুনিক সভ্যতাৰ প্ৰগতিৰ মূলতে আছে বিজ্ঞান, বিজ্ঞান প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিদৰে বিজ্ঞান শিক্ষা, গৱেষণা আদিৰ সুষ্ঠ ব্যৱস্হাৰ প্ৰয়োজন সেইদৰে প্ৰয়োজন, ঠিক জনপ্ৰিয় বিজ্ঞান ভিত্তিক সাহিত্যৰ। ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণতে পাঠ্যপুথিত নথকা বিষয়বোৰে সহজে আকৰ্ষণ কৰে। এনে আকৰ্ষণৰ কাৰণ হৈছে তেওঁলোকৰ কৌতুহল আৰু দৈনন্দিন জীৱনত লাভ কৰা বিজ্ঞানৰ অৱদান সমূহ। সমাজ জীৱনৰ উন্নতি সাধন কৰিবলৈ সমাজৰ পৰা কু-সংস্কাৰ আতঁৰ কৰিবলৈ বৈজ্ঞানিক চিন্তাধাৰাৰ অতি প্ৰয়োজন। পুৰণিকলীয়া ধ্যান-ধাৰণাই বৰ্তমানেও সমাজক গ্ৰাস কৰি আছে। এই সমূহৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে সমাজৰ সকলোকে বৈজ্ঞানিক দৃষ্টি ভংগীৰ প্ৰয়োজন।

                                              ৰজাধাপ, সোণাৰি
                                             পোঃ আঃ- সোণাৰি
                                              জিলাঃ- চৰাইদেউ
                                 মোবাইল নং-৬০০০৫৭১৪৫২