Type Here to Get Search Results !

ঢৌ

 মৃণাল মৃন্ময়


এদিনাখন নিশা টৰ্চটো লৈ 
পথাৰলৈ মাছ মাৰিবলৈ যাওঁতে
দুটা ঢৌৱে দুফালৰ পৰা আগচি ধৰিলে
এটি ঢৌ ওচৰত আনটো নিলগত
ওচৰৰ ঢৌটোত চেঙেলি এটি আছিল
নিলগৰ ঢৌটোত কুচিয়া এডাল
চেঙেলিক এৰি কুচিয়ালৈ দৌৰিলোঁ
টৰ্চৰ পোহৰেৰে ঢৌটোক ধৰি
বোকা খচি খেদি গৈ থাকিলোঁ
হঠাৎ বোকাত আঁঠুলৈকে সোমাই গ'ল
কুচিয়াৰ লোভত ভৰিখন উলিয়াই
পুনৰ ঢৌৰ পিছত দৌৰিলোঁ 
ঢৌটো আগবাঢ়ি থাকিল পিছে পিছে ময়ো
সীমাৰ খুটিত উজুটি খাই
ফাটি গ'ল বুঢ়া আঙুলিৰ নখ
তথাপি ঢৌক এৰা নাই
শেষত ঢৌৰ কাষ পালোঁ
কচডাল লৈ হানিব খোজোঁতেই
টৰ্চৰ পোহৰত জিলিকি উঠিল
এটা প্ৰকাণ্ড ঢোৰাসাপ।

ঢৌটোৱে জীৱনৰ পাঠ শিকাই গ'ল
ওচৰত পোৱাটো আগত পিছত নিলগৰ।